শেহতীয়া আপডেটঃ

কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হকৰ পৰলোক

গোৱালপাৰা জিলাৰ কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হকৰ যোৱা নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে ৷

মৃত্যুৰ সময়ত অধ্যক্ষ মইনুল হকৰ বয়স আছিল ৫৫ বছৰ ৷ জানিব পৰা মতে, উচ্চ ৰক্তচাপ জনিত ৰোগত গুৰুতৰ ভাৱে আক্ৰান্ত অধ্যক্ষ হকক যোৱা ৯ ডিচেম্বৰৰ নিশা জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল ৷ আইচিইউত চিকিৎসাধীন হৈ থকা মইনুল হকক অৱশেষত যোৱা নিশা চিকিৎসকে মৃত ঘোষণা কৰে ৷

আজি দুপৰীয়া তেওঁৰ নশ্বৰ দেহ কৃষ্ণাই পাইকান ২য় খণ্ডৰ আৰিমাৰাস্থ নিজা বাসভৱনলৈ লৈ অহা হয় ৷ ইয়াৰ পিছত অধ্যক্ষ হকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ মৃতদেহ লৈ যোৱা হয় কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদলৈ ৷

উল্লেখ্য যে প্ৰয়াত মইনুল হক এই শিক্ষানুষ্ঠানতে শৈক্ষিক জীৱনৰ পাতনি মেলি অৱশেষত এই বিদ্যালয়তখনতে শিক্ষক হিচাপে নিযুক্তি লাভ কৰে । পৰৱৰ্তী সময়ত তেওঁ অধ্যক্ষ আসনলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হয় ৷

অতি ভদ্ৰ আৰু অমায়িক স্বভাৱৰ মইনুল হকে এটা সময়ত হাব্ৰাঘাট মহাবিদ্যালয়,কৃষ্ণাইৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ পৰিষদৰো সক্ৰিয় সদস্য আছিল ।

মৃত্যুৰ সময়ত অধ্যক্ষ মইনুল হকে পত্নীসহ তিনিপুত্ৰক ইহ সংসাৰত এৰি থৈ য়ায় ৷ তেওঁৰ মৃত্যুত কৃষ্ণাই অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷ আজি আবেলি ১:৩০ বজাত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত আৰিমাৰাৰ সমূহীয়া গড়স্থানত মইনুল হকৰ জানাজা সম্পন্ন কৰা হয় ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.