কেন্দুকুছিত ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা আছু’ৰ

■ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থাৰ এটি সজাতী দলে পুৱা নলবাৰী অঞ্চলৰ কেন্দুকুছি প্ৰাথমিক বিদ্যালয়ৰ ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰলৈ গৈ টিকাকৰণ কেন্দ্ৰৰ নিয়োজিত স্বাস্থ্য কৰ্মী সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই।

ইফালে কভিড-১৯ টিকা ল’বলৈ অহা ৰাইজক স্বাস্থ্য বিভাগে দিয়া নীতি-নিয়ম মানি ক’ভিড মহামাৰীৰ যুঁজত জয়ী হ’বলৈ আহ্বান জনাই ছাত্র নেতা সকলে।

কেন্দ্ৰত উপস্থিত থকা নলবাৰী জিলাৰ স্বাস্থ্য বিষয়া ডাক্তৰ ডাঃ হেমন্ত কুমাৰ দাস , নানকাৰভয়ৰা স্বাস্থ্য কেন্দ্ৰ চিকিৎসক ডাক্তৰ ডাঃ চক্ৰেশ্বৰ হালৈ, স্বাস্থ্য কৰ্মী কামিনী কলিতা, জোহানাৰা বেগম, অসীম ডেকা, পৰাগ ডেকা, ৰমণি হালৈ, মমতাজ হুচেইন আৰু আশাকৰ্মী ৰীতা বেজবৰুৱাক সম্বৰ্ধনা জনাই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ভবেশ ডেকা, উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুত ডেকা, সাধাৰণ সম্পাদক টংকেশ্বৰ দাসসহ শাখা ছাত্ৰ সন্থাৰ অন্যান্য বিষয় ববীয়া সকল।

তেওঁলোকৰ এনে পদক্ষেপক স্বাস্থ্য কৰ্মী সকলে শলাগ জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.