শেহতীয়া আপডেটঃ

ধৰ্মান্ধতা ধৰ্মীয় মেৰুকৰণ আৰু আমি

|ধৰ্মান্ধতা, ধৰ্মীয় মেৰুকৰণ আৰু আমি|

আমাৰ দেশ ভাৰতবৰ্ষত পৌৰাণিক কালৰ পৰাই ধৰ্ম, বৰ্ণ তথা জাতিভেদ প্ৰথাই সমাজ জীৱনক প্ৰভাৱিত কৰি আহিছে ই বৰ্তমানৰ প্ৰেক্ষাপটত অপ্ৰিয় যদিও সত্য কথা ।

অতি পৰিতাপৰ কথাটো হ’ল পৃথিৱীৰ উন্নত দেশ সমূহক বাদ দিও যথেষ্ট সংখ্যক উন্নয়নশীল ৰাষ্ট্ৰৰ নাগৰিকেই কিন্তু আধুনিক শিক্ষাৰ প্ৰভাৱ আৰু হয়তো সময়ৰ দাবীক স্বীকাৰ কৰি তেনে অশুভ তথা অপ্ৰয়োজনীয় বিবেচিত পৰম্পৰা বা অপসংস্কৃতিক ত্যাগ কৰি নিজ নিজ জাতিক সুসভ্য বুলি প্ৰতিষ্ঠিত কৰাৰ [দৌৰত নামি পৰিছে । এখন দেশৰ মানসিক ৰক্ষণশীলতাই দেশখনক অকল যে অসভ্যই কৰি ৰাখে তেনে নহয় এই সংকীৰ্ণ মানসিতাই জাতিটোৰ মেৰুদণ্ড দুৰ্বল কৰি পেলায় ।

সেই ৰক্ষণশীলতা যদি বিভিন্ন অজুহাতেৰে সমাজত চলাই নিয়াৰ প্ৰচেষ্টা অব্যাহত থাকে তেনেহলে সেই জাতি বা দেশ ৰসাতলে যোৱাৰ নিশ্চয় আন কাৰণৰ প্ৰয়োজনেই নহয় ।

ভাৰতবৰ্ষক পৰাধীনতাৰ শৃংখল মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা প্ৰায় প্ৰতিজন ব্যক্তিয়ে উপলব্ধি আৰু বিশ্বাস কৰিছিল যে বৰ্ণ বৈষম্য আৰু ধৰ্মীয় গোৰামীয়ে আবৰি থকা আমাৰ সমাজ ব্যৱস্থাই বিদেশীসকলৰ ওচৰত আমাক বৰ্বৰ জাতি হিচাপে প্ৰতিপন্ন কৰিছিল ।

যাৰ ফলস্বৰূপে তেওঁলোকে আমাক সকলো ক্ষেত্ৰতে পদানত কৰি ৰাখিব খুজিছিল আৰু প্ৰায় কৃতকাৰ্যও হৈছিল ।

সেয়ে সেই সময়ৰ শিক্ষিত মানুহখিনি যিয়ে কথা বিলাক যুক্তিৰে বিচাৰ বিবেচনা কৰিবলৈ সক্ষম আছিল তেওঁলোকে জাতীয় তথা ইংৰাজী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা দেশৰ প্ৰতিজন মানুহেই শিক্ষিত হৈ অন্ধবিশ্বাস ও অযথা গোৰামীৰ কবলৰ পৰা মুক্ত হোৱাটো বিচাৰিছিল আৰু তাৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰিছিল ।

অতি পৰিতাপৰ কথা এইটোৱে যে সেই তাহানিৰ পৰা আমাৰ সমাজৰ ৰক্ষণশীলতাক আতৰাই এখন উদাৰ বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন আধুনিক সমাজ প্ৰতিষ্ঠাৰ সপোন অকল মাত্ৰ অসম আৰু অসমীয়াৰহে যে কল্পনাবিলাস হৈ বৰ্তি আছে এনে নহয় ভৰতীয় মনস্তত্বৰো বিশেষ উত্তৰণ চকুত পৰা নাই আজিকোপতি । ইয়াৰেই কুফল যে দেশৰ স্বাধীনতাৰ সাতটা দশকৰ পিছতো আমি জাতি -বৰ্ণ -ধৰ্ম -ভাষাৰ অনুজ্ঞাপত্ৰ 8চাইহে মানুহৰ যোগ্যতা নিৰূপণ কৰি আছো ।

যিমান দূৰ জানিছো আৰু বুজিছো তাৰ পৰা অনুধাৱন কৰিছো ধৰ্ম সৃষ্টিৰ উদ্দেশ্য আছিল মানুহৰ আচৰণ তথা সমাজক কিছু অনুশাসনৰ মাজলৈ আনিবলৈ নেদেখা শক্তি এটাৰ প্ৰতি আনুগত্যৰ জড়িয়তে পৰিশীলিত কৰি তোলা । তাকে কৰিবলৈ যাওঁতে তুলনামূলক ভাবে বুদ্ধিমত্তা সম্পন্ন এক শ্ৰেণীৰ মানুহে বৌদ্ধিক, মানসিক আৰু আৰ্থিক ভাবে দুৰ্বল মানুহখিনিক <নিজৰ ইচ্ছা তথা কিছু পৰিমাণে স্বাৰ্থ সিদ্ধিৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল ।

এনে উদ্দেশ্যে আগত ৰাখিয়েই এই বিশেষ শ্ৰেণীটোৱে পৰবৰ্তী সময়ত ধৰ্ম গুৰু, পুৰোহিত, যাজক, অধিকাৰ, মৌলবী আদি উপাধিৰে বিভূষিত হৈ ধৰ্মৰ মালিকীস্বত্ব লাভ কৰিছিল বা আমাৰ দৰে এচামে তেওঁলোকক তেনে ভাবৰ বশৱৰ্তী হোৱাত ইন্ধনও যোগাইছিল ।

 

তাতো হয়তো সমস্যা নহলহেঁতেন যদি ধৰ্মৰ কবচ পিন্ধি এই শ্ৰেণীটোৱে দুৰ্বল- অশিক্ষিত মানুহখিনিৰ অজ্ঞাতৰ সুযোগ লৈ সমাজখনক জাতি -বৰ্ণ-ভাষা- ধৰ্মৰ নামত বিভাজিত কৰি ফোপোলা অভিমানেৰে আনক হেয় প্ৰতিপন্ন কৰাৰ শিক্ষা নিদিলেহেঁতেন ।

ধৰ্মৰ ৰক্ষকৰ দায়িত্বত অৱতীৰ্ণ হোৱা ( ধৰ্মৰ ৰক্ষক, পালক বা নিয়ন্ত্ৰক যি বুলিয়েই নামকৰণ নকৰো সেই দায়িত্ব বা অধিকাৰ ক’ৰপৰা পোৱা হ’ল সিও এক পৃথক আলোচ্য বিষয় হব হয়তো ) এইচাম মানুহৰ সংকীৰ্ণ মানসিকতা আৰু ৰুগ্ন চিন্তাই বিভিন্ন সময়ত বিভিন্ন ঠাইত ধৰ্ম, ভাষা বা জাতিৰ ভিত্তিত যুদ্ধ বা বিদ্ৰোহ সূচনা হোৱাত যে ইন্ধন যোগাইছে তাৰ উদাহৰণ বুৰঞ্জীত দেধাৰ । ধৰ্মৰ দোহাই দি অহৰহ মানুহৰ মনত ভয় আৰু সংশয়ৰ বীজ ৰোপণ কৰি এইটো শ্ৰেণীয়েই সমাজত বিভিন্ন অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ জন্ম দিছিল । যাৰফলত ধৰ্মৰ নামত সহজে ভয়ভীত হবলৈ আৰম্ভ কৰা মানুহখিনিয়ে হিতাহিত জ্ঞান শূণ্য হৈ যিকোনো পদক্ষেপ লবলৈও কুন্ঠাবোধ নকৰিছিল । মুঠতে আদিম বৰ্বৰ অৱস্থাৰ পৰা ক্ৰমবিকাশৰ মাজেৰে সভ্য অৱস্থাত উপনীত হোৱা মানৱজাতি ভাষা বৰ্ণ ধৰ্ম আদিৰ অৱতাৰণাৰ যোগেদি যেন পুনৰ অসভ্য বৰ্বৰ অৱস্থালৈহে প্ৰত্যাৱৰ্তন কৰিব ধৰিছিল ।
অতি পৰিতাপৰ কথাটো হল আধুনিক চিন্তাধাৰা তথা বৈজ্ঞানিক মানসিকতাৰ ক্ষিপ্ৰ প্ৰসাৰৰ সময় যেতিয়া প্ৰায় সমগ্ৰ বিশ্বই শৈক্ষিক সাংস্কৃতিক অৰ্থনৈতিক বিকাশৰ দৌৰত নিজক নিয়োজিত 7কৰিছে তেতিয়াও এই বিশ্বৰে একোণত আমি ভাৰতীয় তথা অসমীয়াই
ধৰ্ম-কৰ্ম, জাত-পাতৰ সমীকৰণ ভঙা-গঢ়াত ব্যস্ত হৈছো । কি হিন্দু, কি ইছলাম, কি খ্ৰীষ্টান বা জাতি জনজাতি যাৰ পিনেই চাও দেখা পাও মাথো বিভেদৰ নিৰ্লজ্জ কুচকাৱাজ ।

 

কোনোবাই ধৰ্মৰ দোহাইৰে মহিলাক শোষণ কৰিছে, কোনোবাই ধৰ্মৰ দোহাই দি ±±জাত-পাতৰ উচ্চ- নীচ বিচাৰিছে ।

 

আটাইতকৈ উদ্বিগ্নতাৰ কথাটো হল অতি সম্প্ৰতি দেশৰ প্ৰেক্ষাপটতেই হওক বা ৰাজ্যৰ প্ৰেক্ষাপটতেই ধৰ্ম জাতি বৰ্ণ আদিক লৈ বিভেদকামী মনোভাৱ আৰু কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে । অযথা <ৰাজনীতি আৰু ধৰ্মীয় ৰীতিৰ সনা পোটোকাৰ বিষবাষ্পই পৰিবেশ বিনষ্ট কৰাৰ লগতে মানুহৰ সামাজিক জীৱনৰ শান্তিও বিঘ্নিত কৰাৰ উপক্ৰম হৈছে ।

ধৰ্ম নিৰপেক্ষ দেশ হিচাপে চিহ্নিত দেশখনত সকলো মানুহৰ সম অধিকাৰ নিশ্চিত কৰি থোৱা সংবিধানৰ ৰক্ষাকবচেও যেন এতিয়া ইয়াৰ নাগৰিকক দুঃচিন্তাৰ ±±পৰা সকাহ দিব নোৱাৰা হৈছে । শাসকশ্ৰেণীৰ নীৰৱ পৃষ্ঠপোষকতাত যেন দিন প্ৰতিদিনে বাঢ়ি আহিছে এক নিৰ্দিষ্ট ধৰ্মৰ প্ৰতি অনুগত্যতা ।

সেই বলতে বলীয়ান হৈ ধৰ্ম তথা কুলগত মৰ্যদা বৃদ্ধিৰ দৌৰত নামি পৰিছে এচাম সুবিধাবাদী ধৰ্মৰ । বিনষ্ট হৈছে সমন্বয় আৰু ভাতৃৰ দোলেৰে বান্ধ খাই থকা একোখন সমাজ ।
যাৰ পৰিণতিত যিকোনো পৰিবেশত যি কোনো সময়তে লাঞ্ছিত হয় উদাৰ মানৱতাবাদী মানসিকতা । এইটোৱেই প্ৰধান কাৰণ যাৰ বাবে আমিও হেৰুওৱাৰ উপক্ৰম হৈছো আমাৰ জাতিগত স্বকীয়তা ।

ধৰ্মৰ সংকীৰ্ণ হাতোৰাই উদাৰ অসমীয়া জাতিৰ মহনতাত কালিমা সানি ভূ লুণ্ঠিত কৰিছে সমন্বয়ৰ বৰ্ণিল ইতিহাস ।
এয়া এখন প্ৰগতিশীল সমাজৰ কাৰণে মুঠেও শুভলক্ষণ নহয় ।

এই পৰিবেশৰ পৰা দেশ তথা প্ৰতিখন সমাজক উদ্ধাৰ কৰা আৰু সু পৰিকল্পিত ব্যৱস্থাৰে বিভেদকামী শক্তি সমূহক মষিমূৰ কৰাৰ ক্ষেত্ৰত এখন নিৰপেক্ষ চৰকাৰৰো যথেষ্ট দায়িত্ব থাকে । অথচ বৰ্তমান চৰকাৰী পক্ষই প্ৰায়ে আওকণীয়া মনোভাৱ গ্ৰহণ কৰাই পৰিলক্ষিত হয় বেছি ।
যি সময়ত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সম্ভাৱনাক একত্ৰিত কৰি এক ভাৰতীয় বা অসমীয়া জাতি হিচাপে আধুনিক চিন্তাধাৰা আৰু সামগ্ৰিক বিকাশৰ দিশে অগ্ৰসৰ হব লাগিছিল সেই সময়ত যেন আমি জাতি ধৰ্ম বৰ্ণৰ আঁহ ফলি নিজক আওপুৰণি মানসিকতাৰ খোলাটোত সুমুৱাই শামুকীয়া গতিৰে ধাৱমানহৈছো আদিমতা দিশলৈ !!!

–মন্দিৰা শৰ্মা

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.