শেহতীয়া আপডেটঃ

বিশ্বনাথৰ জিতপুৰত পাভৈ আঞ্চলিক চাওঁতাল ছাত্ৰ সন্থা গঠনৰ সভা সম্পন্ন

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৪ নবেম্বৰ ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তীৰ জিতপুৰত সদৌ চাওঁতাল ছাত্ৰ সন্থা পাভৈ আঞ্চলিক সমিতিখন গঠনৰ উদ্দেশ্যে আজি গাম্ভীৰ্যপূৰ্ণ ভাবে সভা এখন অনুষ্ঠিত হৈ যায় ৷

বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চৰেণ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক চ’ম চৰেণে ৷

সভাত চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক , আৰ্থ সামাজিক ,ৰাজনৈতিক, তথা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ অধ্যুষিত গাওঁসমুহৰ বিভিন্ন সমস্যা , অভাৱ অভিযোগৰ উপৰিও সাংগাঠনিক দিশতো আলোকপাত কৰে ৷

বিশেষকৈ শৈক্ষিক সমস্যা তথা বাটপথ আৰু বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থাকৰনৰ বাবে সন্থাই বিশেষ পদক্ষেপ গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷তদুপৰি ৮০% বা তাতোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক পঢ়াৰ বিশেষ সুবিধা প্ৰদান কৰাৰো এক ঐতিহাসিক প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷এইখন সভাতেই সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ পাভৈ আঞ্চলিক সমিতিখন পুৰ্ণাংগ পৰ্যায়ৰ গঠন কৰা হয় ৷

সভাপতি হিচাবে সম্ভু মাৰ্ডি সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত হোৱাৰ বিপৰীতে উপসভাপতিৰ পদত ক্ৰমে মণ্টু হেমৰম আৰু ছাৰলেচ হেমৰমক সভাখনে দায়িত্ব ন্যস্ত কৰে ৷

সাধাৰণ সম্পাদকৰ পদত ৰবেন বেশ্ৰা, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰবীন্দ্ৰ কিস্কু আৰু প্ৰেম বেশ্ৰাক মনোনিত কৰাৰ লগতে সাংগঠনিক সম্পাদকদ্বয় , শিক্ষা সম্পাদক , আৰু ক্ৰীড়া সম্পাদকৰ বিষয়ববীয়া ৰূপে ক্ৰমে চুকুল মুৰ্মু , সুবাই বাস্কে ,কোঁৱৰ হেম্বৰম আৰু কিষ্টু হেম্বৰমক সভাখনে মনোনিত কৰি দায়িত্ব অৰ্পন কৰে ৷

সভাত বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ উপসভাপতি জনক চৰেণ , মুখ্য সাংগঠনিক সম্পাদক ৰাজেন মুৰ্মু , প্ৰচাৰ সম্পাদক দেবেশ্বৰ হেম্বৰম , কাৰ্যনিৰ্বাহক সদস্য জিতেন হেম্বৰম, সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী কুৰ্বেশ্বৰ মাৰাণ্ডী সহ আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷শলাগৰ শৰাই আগবঢ়াই জিলা উপসভাপতি মাধৱ মাৰাণ্ডীয়ে ৷ বৃহত্তৰ পাভৈ অঞ্চলটোৰ প্ৰায় ৩০ খনৰো অধিক চাওঁতালী গাওঁৰ ছাত্ৰ ছাত্ৰী সকলে সভাত অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.