শেহতীয়া আপডেটঃ

মন্ত্ৰী পীয়ুষ হাজৰিকাক ওভতি ধৰিলে কংগ্ৰেছ নেতা বেদব্ৰত বৰাই

▪️ উপ-নিৰ্বাচনত সাংবাদিকক সুৰক্ষা প্ৰদানতো ব্যৰ্থ এই চৰকাৰ

গুৱাহাটীঃ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় দলে নিৰ্বাচন আয়োগক নিজৰ পক্ষত ব্যৱহাৰ কৰাৰ যি অপচেষ্টা চলালে সেয়া নজিৰবিহীন। চামগুৰি আৰু বিহালী সমষ্টিত কংগ্ৰেছ কৰ্মীৰ ওপৰত নিৰ্মম প্ৰহাৰ আৰু অকথ্য নিৰ্যাতন চলাৰ কথা সৰ্বজনবিদিত। তাৰপিছতো আজি জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই উপ-নিৰ্বাচনত কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ চলোৱা বুলি কৰা অভিযোগ হাস্যকৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি এক প্ৰেছ বিবৃতিত এইদৰে কয়। বৰাই কয়, চামগুৰি বিধানসভা সমষ্টিত ২৪ অক্টোবৰত বিজেপি কৰ্মীয়ে সাংবাদিকৰ ওপৰত আক্ৰমণ চলাইছিল। মন্ত্ৰী পীয়ুষ হাজৰিকাই সেই সময়ত প্ৰতিবাদস্থলীলৈ গৈ দুষ্কৃতিকাৰীক কঠোৰ শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিজৰ দলৰ কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস নহ’ল মন্ত্ৰীজনৰ। উপ-নিৰ্বাচনত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেবাজনো সাংবাদিক দুষ্কৃতিকাৰীৰ হাতত বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতো সংবাদকৰ্মীসকলক সুৰক্ষা প্ৰদানত ব্যৰ্থ হ’ল জনসংযোগ মন্ত্ৰীগৰাকী। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এই আক্ৰমণ আৰু নিৰ্বাচনৰ সময়ত কংগ্ৰেছ বিধায়কসকলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা চৰকাৰে নকৰিলে। এইখন চৰকাৰৰ পৰা কোনো গণতান্ত্ৰিক প্ৰমূল্যবোধ আশা কৰিব নোৱাৰি বুলি উল্লেখ কৰি বৰাই কয় যে চামগুৰি সমষ্টিত ব্যাপক ৰিগিং হোৱা বুলি নিৰ্বাচন আয়োগৰ ওচৰত কংগ্ৰেছে অভিযোগ দিবলগীয়া হৈছে। চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে সমষ্টিটোৰ ১৯টা ভোট কেন্দ্ৰত ৰিগিং হোৱা বুলি অভিযোগ কৰি পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছে। এই কথাই প্ৰমাণ কৰিছে যে উপ-নিৰ্বাচনত শাসকীয় দলৰ চৰকাৰে গুণ্ডাগিৰি আৰু ৰিগিঙত লিপ্ত হৈছে। নিৰ্বাচন আয়োগৰ ওচৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কেবাবাৰো মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনোৱা হৈছিল। কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আয়োগে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। ইফালে, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই বিহালীত লুকাই-চোৰকৈ কোনো কাম কৰা নাই বুলি উল্লেখ কৰি বৰাই কয় যে গৌৰৱ গগৈ ডাঙৰীয়াই যি কৰিছে ৰাইজ আৰু কেমেৰাৰ সন্মুখত থাকি কৰিছে। গৌৰৱ গগৈয়ে বিজেপিৰ নেতা-কৰ্মীৰ দৰে ৰাতিৰ আন্ধাৰত কাম কৰা নাই বুলিও উল্লেখ কৰি ভৱিষ্যতে ৰাইজৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষক অধিক সচেতন হ’বৰ বাবে বৰাই দাবী জনায়। লগতে, মন্ত্ৰী পীয়ুষ হাজৰিকাক সাংবিধানিক শপত লৈ সম-অধিকাৰৰ হকে কাম কৰিবলৈ আহ্বান জনাই কঠোৰ ভাষাৰে সমালোচনা কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.