বিশ্বনাথত পিএম কিষাণ আচঁনিৰ ১৪ নং কিস্তি প্ৰদান কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ

বিশ্বনাথত পিএম কিষাণ আচঁনিৰ ১৪ নং কিস্তি প্ৰদান কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ

 

বিশ্বনাথ চাৰিআলি,২৭ জুলাই:_

:আজি বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত পিএম কিষাণ (PM-Kisan) আচঁনিৰ ১৪ নং কিস্তি প্ৰদান কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (চমুকৈ পি এম কিষান) আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ মাধ্যমেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ১৪ নং কিস্তিৰ ধনৰাশি দেশৰ কৃষক সকলৰ বাবে মুকলি কৰি দিয়াৰ উদ্দেশ্যে আজি ৰাজস্থানত অনুষ্ঠিত হোৱা সভাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা কাৰ্য্যসূচী বিশ্বনাথ জিলা কৃষি কাৰ্যালয়তো জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকনৰ তত্বাৱধানত “পোনপটীয়া সম্প্ৰচাৰ” অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে কৃষি উন্নয়ন বিষয়া সকলৰ উপস্থিতিত বিহালী ব্লক, কুঁৱৰী গাওঁ পঞ্চায়ত, চতিয়া ব্লক, খৰাশিমলু গাওঁ পঞ্চায়ত, শলমাৰি অৰুনোদ়য় কেন্দ্ৰ, কৃষ্ণপুৰ গাওঁ পঞ্চায়ত, লোহিত মুখ গাওঁ পঞ্চায়ত আৰু গমিৰি গাওঁ পঞ্চায়ততো উক্ত কাৰ্যসূচী গ্ৰহণ কৰা হয়।
এই “পোনপটীয়া সম্প্ৰচাৰ” অনুষ্ঠান সমূহত পি এম কিষানৰ হিতাধিকাৰী, কৃষক তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ৮ কোটি ৫০ লাখৰো অধিক হিতাধিকাৰীলৈ প্ৰায় ১৭০০০ কোটি টকা মোকলাই দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.