31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গছপুলি ৰোপণ, পৰিৱেশ মূলক শ্রেষ্ঠ ছবি প্ৰদৰ্শন, সজাগতা সভাৰে “প্রাগজ্যোতি কমিউনিকেশ্যনচ”ৰ বিশ্ব পৰিৱেশ দিৱস পালন

    ■ গুৱাহাটী ৫ জুন, ২০২৪ : প্ৰকৃতি আৰু সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান প্রাগজ্যোতি কমিউনিকেশ্যনচ’ৰ উদ্যোগত ১৫ সংখ্যক বৰ্ষৰ বাবে পালন কৰা বিশ্ব পৰিৱেশ দিৱস গুৱাহাটী মহানগৰীৰ সমীপৰ উলনী, ক্ষেত্রীস্থিত শ্রীসত্য সাই উচ্চ বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।

    পুৱাৰ ভাগত প্ৰাগজ্যোতিৰ কমিউনিকেশ্যনচ’ৰ অধ্যক্ষ তথা সামাজিক সংগঠক, গ্রন্থ সম্পাদক দীপাঙ্ক হাজৰিকাই সকলোকে সেওজ অভিনন্দন জনাই আৰু ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাই বিশ্ব পৰিৱেশ দিৱসৰ পাতনি মেলে।

    ইয়াৰ পিছতেই শ্ৰীসত্য সাই উচ্চ বিদ্যালয়ৰ চৌহদত বিভিন্ন ফুল আৰু ফলৰ গছপুলি ৰোপণ আৰু বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক এই পুলিবোৰ কেনেদৰে প্রতিপালন কৰিব তাৰ দিহা প্ৰদান কৰা হয়।

    এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় : “ভূমি পুনৰুদ্ধাৰ, মৰুকৰণ আৰু খৰাঙৰ পৰা প্ৰত্যাৱৰ্তন” ওপৰত অনুষ্ঠিত পৰিৱেশ সজাগতা সভাত অসমৰ বিশিষ্ট বিজ্ঞান লেখক, সাহিত্যিক, অভিযন্তা অভিজিত শৰ্মা বৰুৱাই প্ৰেৰণ কৰা প্ৰৱন্ধটি পাঠ কৰি দিয়াৰ লগতে সামাজিক সংগঠক তৰুণ চন্দ্ৰ ডেকা, শৰৎ কলিতাই পৰিৱেশৰ বিভিন্ন দিশৰ বিষয়ে বিতংকৈ বক্তব্য আগবঢ়াই। সুগায়ক আৰু সাংস্কৃতিক কৰ্মী হুমায়ুন চৌধুৰীয়ে পৰিৱেশৰ উপৰত ৰচিত কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰি পৰিৱেশ সভাখন জীপাল কৰি তুলিছিল। পৰিৱেশ সভাখনৰ মূল আকৰ্ষন আছিল ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ পৰিৱেশ শিতানৰ শ্রেষ্ঠ ছবিৰ স্বর্ণকমল বঁটা প্ৰাপক তথা অসমৰ শান্তনু সেন পৰিচালিত ছবি “Water Burial” ৰ প্ৰদৰ্শন।

    শৈক্ষিক পৰামৰ্শদাতা মুকুট লোচন কলিতাই ছবিখনৰ বিষয় বস্তুৰ ওপৰত ব্যাখ্যা আগবঢ়াই। সাংবাদিক, লেখক নয়নজ্যোতি ভূঞাই সাম্প্রতিক সময়ৰ পৰিৱেশ, জলবায়ু বিষয়ৰ বিভিন্ন দিশৰ ওপৰত তথ্য সমৃদ্ধ ৰূপত আৰু সৰলভাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায়োজনীয় কথাবোৰৰ বিষয়ে মত বিনিময় কৰে। অনুষ্ঠানত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক সম্ৰাট বৰা আৰু “মাশ্বৰুম ডেভেলপমেন্ট ফাউণ্ডেশ্যন’ৰ প্ৰাঞ্জল বৰুৱাই ও অংশগ্ৰহণ কৰে। পৰিৱেশ দিৱসৰ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে শিক্ষক হৰিপদ বৈশ্য আৰু সাংবাদিক অশ্বিনী গগৈয়ে।

    বিশ্ব পৰিৱেশ দিৱস উপলক্ষে “প্রাগজ্যোতি কমিউনিকেশ্যনচ’ৰ হৈ অনুষ্ঠান সমন্বয়ক নৱজ্যোতি কলিতাই প্ৰকাশ কৰা প্ৰচাৰ পত্ৰিকাখন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু দীপাঙ্ক হাজৰিকাই উন্মোচন কৰাৰ লগতে সকলোৰে মাজত বিতৰণ কৰা হয়। প্ৰাগজ্যোতিৰ বিশ্ব পৰিৱেশ দিৱসৰ সহযোগী সংগঠন আছিল ৰূপালী জয়ন্তী পালন কৰা “নৰ্থ ইষ্টান চিকিউৰিটি চাৰ্ভিছ প্রাইভেট লিমিটেড”।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.