চতিয়া জামুগুৰীত তীৰ জুৱা খেলৰ দৌৰাত্মক কুম্ভুকৰ্ণ নিদ্ৰাত চতিয়া, জামুগুৰী আৰক্ষী ।

চতিয়া জামুগুৰীত তীৰ জুৱা খেলৰ দৌৰাত্মক কুম্ভুকৰ্ণ নিদ্ৰাত চতিয়া, জামুগুৰী আৰক্ষী ।

বিশ্বনাথ চাৰিআলি ১৭ জুলাই ।

 

ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহাৰ লগতে জুৱা বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলোৱাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ জুৱাৰীক ।
ন ন কৌশল অৱলবম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে চোৰাং বেহা। ইফালে ড্ৰাগছ, ভাং, জুৱা, তাচ, তীৰ খেল আদিকলৈ শোণিতপুৰ বিশ্বনাথ জিলা আৰক্ষী কঠোৰ হোৱা সময়তে চতিয়া আৰক্ষী থানা অন্তৰ্গত আৰু জামুগুৰীত আৰক্ষী থানা অন্তৰ্গত বিভিন্ন স্থানত এতিয়া পুনৰ সক্ৰিয় হৈ উঠিছে অবৈধ তীৰ খেলৰ জুৱা।
উল্লেখযোগ্য যে শোণিতপুৰ আৰক্ষী আৰু বিশ্বনাথত জিলা আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ ভাং, জুৱা বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰি আহিছে তেনে সময়তে পুনৰ চতিয়া আৰক্ষী থানা অন্তৰ্গত বিভিন্ন অঞ্চলত পুনৰ সক্ৰিয় হৈছে তীৰ খেলৰ খেলুৱৈ সকল।
অভিযোগ অনুসৰি চতিয়া আৰক্ষী আৰক্ষী থানা অধিনৰ তীৰ খেল এটা চক্ৰই পুনৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ অবাধে তীৰ খেল চলাই যোৱা তথ্য পোহৰলৈ আহিছে। কিন্তু যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অবৈধ ড্ৰাগছ মাফিয়া, জুৱা বিৰুদ্ধে কঠোৰ হবলৈ আৰক্ষী নিৰ্দেশ দিছে তেনে সময়তে কাৰ সাহসত পুনৰ চতিয়া তীৰ খেল মাফিয়া সক্ৰিয় হৈছে সেইটো হে এতিয়া লাখ টকীয়া প্ৰশ্ন।
এই ক্ষেত্ৰত শোণিতপুৰ জিলা আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষী কঠোৰ হাতেৰে এই তীৰ খেলুৱৈ সকলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সচেতন মহলে আহ্বান জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.