শেহতীয়া আপডেটঃ

প্রবন্ধ সংকল “পষ্ট-মর্টেম্”- ড° বুলজিৎ বুঢ়াগোহাঁই

অসমৰ সমাজ জীৱনৰ এগৰাকী জনপ্রিয় সামাজিক ভাষ্যকাৰ হোবাৰ উপৰি এগৰাকী সু-লেখক, নিবন্ধকাৰ, বিশ্লেষক আৰু সুতীব্র বক্তাৰূপে উজলাই তুলিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ ফুলগুৰিৰ সন্তান ড° প্রদ্যুম্ন গোস্বামীৰ প্রথমখন প্রবন্ধ সংকলখনৰ নাম হ’ল “পষ্ট-মর্টেম্” ।

লেখকে ‘পাতনি’ত এনেদৰে লিখিছে “…সমালোচনা দুই প্ৰকাৰৰ আছে। এক গঠনমূলক (Constructive) আৰু আন এক হ’ল প্রক্ষেপিত (Projected)। গঠনমূলক সমালোচনাই এটা বিষয়বস্তুক ইতিবাচকভাবে বিশ্লেষণ কৰি তাৰ ভুল-ত্রুটিবোৰ দেখুৱাই দিয়ে। এনেধৰণৰ সমালোচনাত নিজকে সংশোধিত কৰাৰ থল থাকে যদিহে সমালোচিত ব্যক্তিজনে সমালোচনাক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰে। আনহাতে প্রক্ষেপিত সমালোচনা হৈছে সম্পূর্ণ স্বার্থনিহিত এক সমালোচনা। যি বিষয় বা ব্যক্তিৰ ওপৰতেই সমালোচনা কৰা নহওক কিয়, এনে সমালোচনাৰ আঁৰত সমালোচকৰ এক স্বার্থ জড়িত হৈ থাকে। সেই স্বাৰ্থ কাৰোবাৰ বাবে ন্যস্তও হ’ব পাৰে বা বহল দৃষ্টিত দেশ আৰু জাতিব কল্যাণৰ বাবেও হ’ব পাবে। এনেধৰণৰ বেছিসংখ্যক সমালোচনায়েই সাধাৰণতে আবেগসর্বস্ব আৰু নেতিবাচক হয়। কাৰোবাৰ কিছুমান সিদ্ধান্ত যদি কাৰোবাৰ বাবে ভাবুকিস্বৰূপ হৈ পৰে, তেতিয়া তেনে কথা বা কামৰ বিৰোধিতা কৰি চাৰিওফালে হৈ-চৈব সৃষ্টি কৰি দিয়া হয়; ফলত সমাজখনত অৰাজকতাৰ সৃষ্টি হয়। সমালোচকৰ ন্যস্ত স্বাৰ্থৰ সফল প্রাপ্তিত এনে ধৰণৰ সমালোচনাই অৰিহণা যোগায়। কিন্তু এনে সমালোচনাৰ পন্থাটো যদিও নেতিবাচক বা গ্রহণযোগ্য নহয়, তথাপি কিছুমান ইতিবাচক স্বাৰ্থৰ খাতিৰত এনেধৰণৰ সমালোচনাক যদি সমালোচিত ব্যক্তিয়ে সঁচাকৈয়ে হৃদয়ংগম কৰিব পাৰে, তেতিয়া বহু ক্ষেত্রতেই ই কল্যাণকামী হোৱা দেখা যায়। … সেয়ে কেবল লেখক-বুদ্ধিজীবীয়েই নহয়, নবপ্রজন্মক সঠিক বাট দেখুওৱাটো সমাজৰ প্ৰতিজন নাগৰিকৰে কর্তব্য। এই কর্তব্যৰ তাগিদাতেই হওক বা বিজ্ঞানৰ ছাত্র হিচাপে সমস্যাৰ বাস্তবিক দিশটোক কাৰিকৰীভাবে খুঁচৰি চোৱাৰ অভ্যাসৰ বাবেই হওক আজি আপোনালোকৰ বাবে লিখি উলিয়াইছোঁ এই ‘প’ষ্ট-মর্টেম্’ গ্রন্থখন। গ্রন্থখনত অসমৰ কেইটামান মৌলিক সমস্যা আৰু বিষয়ক তথ্যনিষ্ঠভাবে বিশ্লেষণ কৰি ৰাইজৰ বিচাৰৰ বাবে আন্তৰিকতাৰে আগবঢ়াইছোঁ। বহুকেইখন গবেষণা পত্র আৰু লব্ধপ্রতিষ্ঠ বহু লেখক তথা ইতিহাসবিদৰ প্ৰসিদ্ধ গ্রন্থত উপলব্ধ তথ্যৰ আধাৰত লিখি উলিওবা ‘প’ষ্ট-মর্টেম্’ গ্রন্থখনত আৱেগ বিবর্জিতভাবে জাতীয় সমস্যাসমূহৰ বিশ্লেষণ কৰি শেষত এটা সমাধান সূত্র দিবলৈ প্ৰয়াস কৰা হৈছে।”

গ্রন্থখনত চাৰিটা খণ্ড আছে। প্রথম খণ্ডৰ লেখাসমূহ হ’ল – ১৯৫১; ত্ৰিপুৰা নে কাশ্মীৰ? (অসমীয়াৰ সংকট আৰু প্রত্যাহ্বান); বৌদ্ধিক নেৰেটিভ্ ;এন আৰ চিৰ পৰা মিঞা মিউজিয়ামলৈ ;আৱেগৰ কুঁৱলী ফালি এটা ‘পষ্ট-মর্টেম্’ ;তেলৰ আবেগ আৰু ধূসৰিত বাস্তৱ;নগাৰ সংগ্রাম আৰু নগা-অসমীয়া সীমা বিবাদ; জাতীয় সমস্যাক ৰাষ্ট্রীয়কৰণত বৌদ্ধিক আন্দোলনৰ প্রয়োজনীয় প্রত্যাহ্বান আৰু কৰণীয় ; হালধীয়া । দ্বিতীয় খণ্ডৰ লেখাসমূহ হ’ল – গুণত ঘুণ; মেৰিট গুড্ ;বলিৰ পঠা ;অন্ধ মানুহ , উন্মাদ সমাজ ; ভ্রষ্টাচাৰ। তৃতীয় খণ্ডৰ লেখাসমূহ হ’ল – ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী এটা জাতি ;পেট্র’লত ইথান’ল- সেউজ প্রযুক্তিৰ দিশত ভাৰত । চতুৰ্থ খণ্ডৰ লেখাসমূহ হ’ল –মাজুলী- ভিন্ন বিষাদ, ভিন্ন সময় ;শৌচাগাৰ পৰ্যটন ;খড়্গটোৰ সন্ধানত; উচ্ছেদ, উন্নয়ন আৰু গুৱাহাটীৰ ভৱিষ্যৎ ;কেতিয়া বুজিম?

গ্রন্থখনত ড°গোস্বামীয়ে কেইবাটাও মৌলিক জাতীয় সমস্যা আৰু বিষয়ক তথ্যনিষ্ঠ আৰু আবেগ বিবর্জিতভাৱে বিশ্লেষণ কৰি তাৰ সময়সাপেক্ষ বিজ্ঞানসন্মত সমাধানৰ বাট নির্ণয়ৰ প্ৰয়াস কৰিছে।

গ্রন্থখনৰ প্রথমটো লেখা ‘১৯৫১’ত অসমৰ বহুসংখ্যক লোকেই ভাবে যে বিদেশী চিনাক্তকৰণ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হ’লে অসমত ভাৰতৰ আন ৰাজ্যৰ দৰে ১৯৫১ চনটো ভিত্তিবর্ষ কৰাটো বাঞ্ছনীয় বুলি মত প্রকাশ কৰিছে। লগতে বিষয়টোক লৈ লেখকৰ মনত উদ্বেগ হোৱা কিছু প্ৰশ্নৰ তথ্যৰ ওপৰত আধাৰিত গৱেষণালব্ধ এক পৰিসাংখ্যিক বিশ্লেষণ দাঙি ধৰিছে ।

আৱেগৰ কুঁৱলী ফালি এটা ‘পষ্ট-মর্টেম্’ লেখাটোত ফেচবুকৰ জাতীয়তাবাদে ৰাজ্যৰ জাতীয় উত্তৰণত একো সহায় নকৰে বুলি উল্লেখ কৰিছে। লেখকে মত প্রকাশ কৰা দৰে আমিও ভাবো আমাৰ এলেহুৱা স্বভাৱ আৰু কর্মবিমুখতাই আজি জাতিটোৰ প্রধান শত্রু আৰু হাতে-কামে নকৰি কেবল ৰাজপথত চিঞৰিলেই অসমক বচাব পৰা নাযাব। ইয়াৰ বাবে আমাক লাগিব এক কর্মমুখী, সুস্থিব, সংকল্পবন্ধ, দীর্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনা। ভাষাৰ লগতে ‘কর্মমুখী চেতনাক’ক যদি জাতীয়তাবাদৰ লগত সংযোজিত কৰিব পৰা নাযায় নাগৰিকত্ব (সংশোধনী) আইনখনক বাতিল কৰকেই বা নকৰকেই অনাগত সময়তো বিদেশীৰ লগত সহাবস্থান কৰাৰ বাহিৰে খিলঞ্জীয়া অসমীয়াৰ অন্য উপায় নাই।

‘তেলৰ আবেগ আৰু ধূসৰিত বাস্তৱ’ লেখাটোত তথ্য সহকাৰে দাঙি ধৰিছে যে তেলক লৈ আমাৰ যিমানেই আৱেক নাথাকক কিয় বাস্তৱিক ছবিখন হ’ল বৰ্তমান সময়ত ভাৰতত ব্যৱহৃত তেলৰ মাত্র ১.৯৫%হে অসমে যোগান ধৰে; বাকী ৯৮.০৫% বাকী ৰাজ্যবোৰে যোগান ধৰে বা আমদানি কৰিবলগীয়া হয়। গতিকে ,অসমৰ তেলেৰ দেশ চলি আছে বুলি ভবা কথাটোও অবান্তৰ আৰু সেয়ে OIL আৰু ONGCক কাৰিকৰী আৰু আৰ্থিকভাৱে প্ৰচুৰ ক্ষমতাশালী কৰি তোলি যাতে অত্যাধুনিক প্রযুক্তি আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি OIL/ONGCয়ে উত্তৰ- পূবৰ ভূগৰ্ভত থকা পেট্র ‘লিয়াম নিষ্কাশন কৰিব পাৰে, অন্যথা ভূগৰ্ভৰ তেল নিষ্কাশনৰ দায়িত্ব অত্যাধুনিক প্রযুক্তিৰে সমৃদ্ধ ব্যক্তিগত কোম্পানীক দিয়া মত পোষণ কৰিছে।

গ্রন্থখনৰ এটা উল্লেখযোগ্য লেখা হ’ল ‘জাতীয় সমস্যাক ৰাষ্ট্রীয়কৰণত বৌদ্ধিক আন্দোলনৰ প্রয়োজনীয় প্রত্যাহ্বান আৰু কৰণীয়’। এই লেখাটোত এটা জাতিৰ কৃষ্টি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্য, ঐতিহ্য, পৰম্পৰা বা সমস্যাক যেতিয়া ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রতিষ্ঠা কৰাৰ প্ৰসংগ আহি পৰে, তেতিয়াই সেই জাতি বা প্ৰদেশৰ লেখকসকলে গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগে তাৰ বাবে নিজৰ মাতৃভাষাৰ বাদেও যিকোনো এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ভাষাত দখল অতি প্রয়োজনীয় হৈ পৰে তাৰ বিৱৰণ দিছে। লগতে নবপ্রজন্মৰ লেখকে ইংৰাজীত লিখা-মেলা কৰিবলৈ ভয় বা অস্বস্তি অতিক্রম কৰিবলৈ কিছুমান উপায়, যেনে- আত্মবিশ্বাস বৃদ্ধি; নিয়মিতভাৱে অনুশীলন; বিস্তৃত অধ্যয়ন; ভাষাৰ কৰ্মশালা আৰু শ্রেণী; লেখা সম্প্রদায়; ভাষাৰ সঁজুলিৰ ব্যৱহাৰ; ভুল আঁকোৱালি লোৱা; মতামত বিচাৰক; বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ; ধৈৰ্য আৰু অধ্যৱসায়; সাংস্কৃতিক বিসৰ্জন; মাইওফুলনেহু আৰু ৰিলাক্সেচন কৌশল আদি উল্লেখ কৰি মাধ্যম ফ’বিয়া পৰিত্যাগ কৰি নতুন প্রজন্মই অসমীয়াৰ লগতে ইংৰাজীত লিখাৰ প্রতিও ধাউতি বঢ়োৱাতো বাঞ্ছনীয় বুলি মত প্রকাশ কৰিছে যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰিবলৈ আৰু অসমৰ বিভিন্ন ইছ্যুত ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়।

‘হালধীয়া’ লেখাটোত হালধীয়া সাংবাদিকতা ধাৰাটোৰ বিষয়ে বৰ্ণনা কৰি মত প্রকাশ কৰিছে যে সকলো ৰাজনৈতিক অভীপ্সা আৰু উদ্দেশ্যক একাষৰীয়া কৰি সমগ্ৰ দেশৰ সংবাদ মাধ্যম একত্রিত হওক আৰু অনাগত সময়ত এক শক্তিশালী নিৰপেক্ষ সাংবাদিকতাৰ ধ্বজা বহন কৰক। আমি ভাবো এই মতৰ লগত জনগণ একমত হ’ব।

‘গুণত ঘুণ’ লেখাটোত চৰকাৰী বিদ্যালয়ৰ নিম্নগামী মানৰ বাবে বিভিন্ন ইকেইটা কাৰকক দোষাৰোপ কৰাৰ প্ৰৱণতা থকা শিক্ষকসকলে এবাৰ আত্মবিশ্লেষণ কৰাৰো প্ৰয়োজন আছে বুলি মতামত আগঢ়াইছে । লগতে উল্লেখ কৰিছে যে কেৱল চৰকাৰী নীতিক ভুল বুলি কোৱা শিক্ষকে নিজৰ নীতি আৰু দায়িত্ব কিমান সুচাৰুৰূপে পালন কৰিছে, তাৰো পর্যালোচনা কৰা দৰকাৰ। সময় থাকোঁতেই বিষয়বোৰৰ সঠিক পর্যালোচনা কৰি বাস্তৱসন্মত আৰু ক্ষিপ্ৰ নীতি নল’লে নিশ্চিতভাৱে চৰকাৰী শিক্ষা ব্যৱস্থাটোৱে ক্ষিপ্ৰতাৰে মৃত্যুৰ দিশে গতি কৰিব।

‘ভ্রষ্টাচাৰ’ লেখাটোত ভাৰতত দুৰ্নীতিৰ এক পৰ্যালোচনা আগবঢ়োৱাৰ লগতে অসমৰ বিভিন্ন কেলেংকাৰি আৰু দুৰ্নীতিৰ কেইটামান উদাহৰণ দাঙি ধৰিছে। দুৰ্নীতি আৰম্ভ যে ঘৰখনৰ পৰাই হয় তাক সুন্দৰকৈ উদাহৰণৰ সৈতে বুজাই তাৰ সমাধান হিচাপে মানসিকতাৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিছে।

গ্রন্থখনৰ এটা উল্লেখযোগ্য লেখা হ’ল ‘ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী এটা জাতি’। এই লেখাটোত ফৰ্মেলিন, ইউৰিয়াৰ তথা আন আন ৰাসায়নিক যৌগবোৰ শৰীৰৰ বাবে কিমান যে ক্ষতিকাৰক তাৰ বৰ্ণনা কৰাৰ লগতে কেৱল কৰ্মবিপ্লৱেহে ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী জাতিটোক বচাব পাৰিব ব্যাখ্যা আগবঢ়াইছে।

‘শৌচাগাৰ পৰ্যটন’ লেখাটোত অগতানুগতিক বিষয় উপস্থাপন কৰিছে। শৌচালয় বা Toiletৰ লগত একোখন দেশ বা ৰাজ্যৰ পৰ্যটন আৰু বিকাশৰ বিষয়টো ওতপ্রোতভাৱে জড়িত হৈ আছে তাৰ বিষয়ে তথ্য সহকাৰে বিশ্লেষণ দাঙি ধৰি বিশ্বত এতিয়া শৌচাগাৰ পৰ্যটন (Toilet Tourism)ৰ নতুন ধাৰণা যে আহিছে তাৰ বিষয়েও উল্লেখ কৰিছে।

‘উচ্ছেদ, উন্নয়ন আৰু গুৱাহাটীৰ ভৱিষ্যৎ’ লেখাটোত উল্লেখ কৰা গুৱাহাটীকে বহলাই নিয়াতকৈ অসমত আৰু চাৰি পাঁচখন গুৱাহাটী নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ দৰকাৰ কথাটো সকলোৱে সহমত প্রকাশ কৰিব বুলি ভাবো।

‘কেতিয়া বুজিম?’ লেখাটোত উল্লেখ আছে –‘জাতীয়তাবাদৰ নামত অতিকৈ সহজ বেপাৰখন ক’ত কেনেদৰে চলি আছে উজনি অসমৰ তেল কোম্পানীকেইটাৰ যিকোনো এজন বিষয়াক সুধিলেই গম পোৱা যায় বা যিকোনো এটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ এজন উচ্চপৰ্যায়ৰ নেতাক সুধিলেই গম পোৱা যায়। আমাৰ আবেগক বন্ধকত থৈ যি গতিত দৰ-দাম চলে তাৰ পৰাই এচাম জাতীয়তাবাদীৰ স্বৰূপ ওলাই পৰে। জাতিটোক পংগু বনোবাত ইয়াৰ ভূমিকা অন্যতম। চল্লিশ বছৰীয়া গণ আন্দোলনৰ এই নাটকখনৰ পৰা আমি আজিও শিক্ষা নলৈ নেতাৰ পিছত দৌৰিয়েই আছোঁ। জাতীয়তাবাদৰ নামত সাধাৰণ মানুহবোৰৰ আবেগক বাণিজ্যিকীকৰণ কৰি কৰি এচামে যি ৰাজনৈতিক আৰু অর্থনৈতিক মুনাফা লুটি আছে তাক যদি আমি আজিও বুজিব নোৱাৰো ইয়াতকৈ দুর্ভাগ্যৰ কথা জাতিটোৰ বাবে হয়তো একোৱেই নাই। ’ এই কথাখিনি সচাঁই চিন্তনীয় আৰু হৃদয়ংগম কৰা উচিত।

ড° প্রদ্যুম্ন গোস্বামীৰ নৱতম গ্রন্থ “পষ্ট-মর্টেম্”তো তেওঁৰ মৌলিক চিন্তা আৰু নতুন বাস্তৱবাদী বাগধাৰাৰ উন্মেষ অতি শক্তিশালী ৰূপত বিদ্যমান। গ্রন্থখনৰ শেষৰ ফালে ৩৪টা তথ্যৰ উৎসৰ বিষয়ে উল্লেখ কৰিছে। গ্রন্থখনে বহু নতুন চিন্তাৰ উন্মেষ ঘটোৱাৰ লগতে প্রগতিশীল দৃষ্টিভংগী নির্মাণত প্রভৃত অৰিহণা যোগাব বুলি আশা কৰিব পাৰি। পূৰ্বায়ণ প্রকাশনে গ্রন্থ প্রকাশ কৰিছে আৰু প্রথম প্রকাশ-ডিচেম্বৰ,২০২৩। গ্রন্থখনত মুঠ ১৭৫ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ২৬০ টকা ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.