বিশ্বনাথত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
বিশ্বনাথ জিলা আৰক্ষীয়ে জিলা খনৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে অভিযান।
ইফালে সোমবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত গাঞ্জাসহ জব্দ ৩ লাখ ১১ হাজাৰ ১৮০ টকা।
বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত বিশ্বনাথৰ বিহালী বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জাসহ নগদ ৩ লাখ ১১ হাজাৰ ১৮০ টকা।
এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি গাঞ্জা ব্যৱসায়ীৰ কৰি থকা খবৰ আৰক্ষীয়ে লাভ কৰি সোমবাৰে মহিলা গৰাকীৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান ।
উক্ত অভিযানৰ নেতৃত্বত দিয়া বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ লগতে জিনজিয়া আৰক্ষী থানাৰ এটা দলে এই অভিযান চলায় বিহালী জিনজিয়া বাঘমৰী চাহ বাগিচাৰ৫ নং লাইনত।
অভিযানকাৰী আৰক্ষীৰ দলটোৱে বিশ্বনাথৰ বাঘমাৰি চাহ বাগিচাৰ ৫ নং লাইনৰ মালতী তাঁতী নামৰ এগৰাকী মহিলা ঘৰত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাসহ নগদ ধন।
উল্লেখ্য যে মালতী তাঁতী নামৰ মহিলা গৰাকীয়ে নিজ ঘৰৰ পৰাই দীর্ঘদিন ধৰি গাঞ্জাৰ ব্যবসায়ী চলাই আহিছিল। সোমবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে মহিলা গাঞ্জা ব্যবসায়ী গৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ গঞ্জাখিনি জব্দ কৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস লয়। আৰক্ষীৰ মালতী তাঁতী নামৰ মহিলাগৰাকীক সোধা-পোছাৰ বাবে আটক কৰিছে।
আনহাতে জিলা আৰক্ষীয়ে এই গাঞ্জা ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।



