শেহতীয়া আপডেটঃ

ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ
■ ৰঙিয়াৰ স্বাভিমানী আৰু বীৰ পুৰুষ সকলৰ বংশধৰ ৰঙিয়াৰ ৰাইজে মিলি প্ৰতি বছৰে গৌৰৱ উজ্জ্বল ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া অনুষ্ঠানটি উলহ-মালহেৰে পালন কৰি আহিছে। আজি ১০ জানুৱাৰী ২०২১ তাৰিখে এই বছৰেকীয়া উৎসৱ পালন কৰা হয় ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱন প্ৰাঙ্গনত। এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰঙিয়া ৰাইজমেলৰ সম্পাদক তথা বুৰঞ্জীবিদ পবিন কলিতা, ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ সমন্বিতে ৰঙিয়াৰ বহুতো বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক ৰাইজ।

প্ৰথমে শ্বহীদ বেদীত মাল্যৰ্পণ কৰি আৰম্ভ হোৱা অনুষ্ঠানটোত ৰঙিয়া অঞ্চলৰ বহুকেইজন ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ৰঙিয়াৰ স্হানীয় সন্দীপ কলিতা সমন্বয়ী কলা কেন্দ্ৰৰ শিল্পি সকলৰ দ্বাৰা লোকনৃত্য প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় অনাতাৰ শিল্পিৰ দ্বাৰা লোকগীত পৰিবেশন কৰা হয়।

এই অনুষ্ঠানতে ভাষণ প্ৰসঙ্গত মন্ত্ৰী ভবেশ কলিতাই প্ৰথমে শ্বহীদ সকলক সুঁৱৰি ৰঙিয়াত হৈ থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা ৰাইজক জনোৱাৰ লগতে ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখত থকা শ্বহীদ বেদীটো এবছৰৰ ভিতৰত সুউচ্চকৈ পুনৰনিৰ্মাণ কৰি অসমৰ ভিতৰতে চকুত লগা কৰিব বুলি উল্লেখ কৰে।

আনহাতে আগন্তুক বৰ্ষত পাচঁজনকৈ সফল ক্ষুদ্ৰ স্থানীয় কৃষকক বটাঁ প্ৰদানৰ ব্যৱস্হা কৰা হʼব বুলিও জনাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰঙিয়াৰ মহকুমাধিপতিয়ে “ৰঙিয়া ৰাইজমেলৰ পুস্তিকা-২०২১” নামৰ এখন পুস্তিকাও উন্মোচন কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.