শেহতীয়া আপডেটঃ

বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

বিশ্বনাথ জিলা প্ৰশাসন আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰো সহযোগ

চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিকক বিশেষভাৱে সম্বৰ্দ্ধনা

বৈদ্যুতিন মাধ্যমত বাতৰি উপস্হাপন বিষয়ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিতক বঁটা প্ৰদান

বিশ্বনাথ চাৰিআলি, ১৬ নবেম্বৰ_ বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত, বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত আৰু
বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ আতিথ্যত বৰ্নাঢ্য কাৰ্যসূচীৰে আজি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২২ ।

জিলাখনৰ সাংবাদিকসকলৰ লগতে আমন্ত্ৰিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই দিৱসত এইবাৰৰ মুল বিষয়বস্তু আছিল ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ (Role of Media in Nation Building)। বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে । বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিশ্বজিৎ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰি গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ ৰয় আৰু ইউনাইটেড নিউজ অব্ ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য সাংবাদিক অভিজিৎ দেৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ মুল বিষয়বস্তু ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ (Role of Media in Nation Building) সম্পৰ্কে তথ্য সমৃদ্ধ, মননশীল তথা গুৰুত্বপূৰ্ণ আলোচনা দাঙি ধৰে।

দুয়োগৰাকী বক্তাই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আলোকপাত কৰি সংবাদ মাধ্যমৰ লগতে সাংবাদিকসকলে ৰাষ্ট্ৰ নিৰ্মাণত ল’ব লগা দৃঢ়, নিৰপেক্ষ আৰু বলিষ্ঠ পদক্ষেপৰ বিষয়ে দৃশ্য শ্ৰাব্য মাধ্যমেৰে বিভিন্ন বিষয় সামৰি বক্তব্য আগবঢ়ায় ।

বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু সাংবাদিকসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সংবাদ পৰিবেশনৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড০ চিন্তামনি শৰ্মায়ো শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়। বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰ, বিশিষ্ট কবি সাহিত্যিক, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰবীন সাংবাদিক ইন্দ্ৰ প্ৰসাদ শইকীয়া, মিডিয়া প্ৰিন্টিং টেকনলজিৰ পায়োনিয়াৰ পাৰ্থ প্ৰতীম বৰুৱা সন্মানীয় অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানটিত এইবেলি বিশেষভাৱে জনসংযোগ বিভাগৰ ফালৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় জিলাখনৰ ৪ গৰাকী জ্যেষ্ঠ সাংবাদিকক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি সংবাদসেৱাৰ লগত নিজকে জড়িত কৰি অবিৰত সেৱা আগবঢ়োৱা চতিয়াৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা মফচলীয়া সাংবাদিকৰ সংগঠন ‘আপকু’ৰ বিশ্বনাথ জিলাৰ সভাপতি সৌৰভ হাজৰিকা, দীৰ্ঘদিন ধৰি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগত জড়িত, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ সভাপতি পুলক হাজৰিকা, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি তথা বৃহত্তৰ বিহালী অঞ্চলৰ অন্যতম জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মা আৰু গহপুৰৰ সংবাদক্ষেত্ৰখনৰ লগত দীর্ঘদিন ধৰি জড়িত এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা যুৱলেখক, প্ৰতিষ্ঠিত কবি আৰু শিশু সাহিত্যিক বিপুল কুমাৰ দিহিঙীয়াক এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত সম্বৰ্ধনা পত্ৰ, গামোচা আৰু এটি স্মাৰক প্ৰদানেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰোপৰি জিলাখনৰ সংবাদক্ষেত্ৰখনৰ লগত জড়িত হৈ অহা নবীন আৰু প্ৰবীণ সাংবাদিক সকলকো এই বিশেষ দিনটোত এটিকৈ স্মাৰক আৰু গামোচাৰে অভিনন্দন জনোৱা হয়।যুৱ সাহিত্যসেৱী ভাস্কৰজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত সম্বৰ্দ্ধিত সাংবাদিকসকলৰ হৈ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই নিজৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰে। উল্লেখ্য যে এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত বিশেষভাবে সহায়ৰ হাত আগবঢ়োৱা বিশ্বনাথৰ জ্যেষ্ঠ চিকিৎসক, শিশুৰোগ বিশেষজ্ঞ ডাঃ নৰেন কুটুমকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে জিলাখনৰ সাংবাদিক সংগঠন সমূহৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিভাগে মহাবিদ্যালয়সমুত অনুষ্ঠিত কৰা ‘বৈদুতিন মাধ্যমত বাতৰি উপস্হাপন’ বিষয়ক ব্যতিক্ৰমী প্ৰতিযোগিতাত শ্ৰেষ্ঠ হিচাপে বিবেচিত ৬ গৰাকী প্ৰতিযোগী ক্ৰমে বিশ্বনাথ মহাবিদ্যালয়ৰ তাপ্তি দুতি বৰা, বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্নৱ জ্যোতি বৰঠাকুৰ, চতিয়া মহাবিদ্যালয়(জ্যেষ্ঠ)ৰ অৰ্চনা চাহু, চতিয়া মহাবিদ্যালয় (কণিষ্ঠ)ৰ য়োচিতা ওজা বিহালী মহাবিদ্যালয়ৰ পৱন মণ্ডল আৰু পণ্ডিত দীনদয়াল মহাবিদ্যালয়ৰ স্বাগতা মহন্তক গামোচা, প্ৰমাণ পত্ৰ আৰু কিতাপৰ টোপোলাৰে এই অনুষ্ঠানত পুৰস্কৃত কৰা হয়। অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে বিশেষভাৱে শলাগ জ্ঞাপন কৰে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ সম্পাদক আমিৰ খানে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.