শেহতীয়া আপডেটঃ

ঐতিহ্য-পৰম্পৰাৰ অন্বেষণৰ লক্ষ্যৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

◊ শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ৷ সাম্প্ৰতিক সময়ৰ অন্যতম আশাব্যঞ্জক সাহিত্য মহোৎসৱ হিচাপে পৰিগণিত হ’ব৷ মূল বক্তৃতা, পেনেল আলোচনা, সৃষ্টিশীল লেখাৰ ওপৰত কৰ্মশালা, প্ৰাইজ মানি কুইজ, বহুভাষিক কবিতা অধিবেশন, কিতাপ উন্মোচনৰ দৰে বিভিন্ন কাৰ্যসূচীৰ সমাহাৰ ঘটিবলগীয়া এই সাহিত্য উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাজনো আগশাৰীৰ লেখক আৰু ব্যক্তিত্ব একত্ৰিত হ’ব।

সাহিত্য উৎসৱত আলোচনাৰ বাবে লোৱা বিষয়বোৰ বৈচিত্ৰময় আৰু তথ্যসমৃদ্ধ। এনে কিছুমান বিষয় হ’ল-সাহিত্যৰ জৰিয়তে পৰম্পৰাৰ অন্বেষণ, আঞ্চলিক ভাৰতীয় সাহিত্য আৰু অনুবাদ, সমসাময়িক প্ৰকৃতি সাহিত্য, চিনেমাৰ লেন্সত অসম ইত্যাদি। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লেখকসকলে পেনেলিষ্ট হিচাপে এইবোৰৰ বিষয়ে আলোচনা কৰিব। পেনেল আলোচনাৰ উপৰিও ড° পংকজ চতুৰ্বেদীৰ দৰে প্ৰখ্যাত কবি, সাহিত্যিকৰ সৈতে অন্তৰংগ আলোচনাও অনুষ্ঠিত হ’ব।

নেচনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ, তথা বিশিষ্ট সাহিত্যিক-সমালোচক মিলিন্দ সুধাকৰ মাৰাথে উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত, সাহিত্যিক লিল বাহাদুৰ চেত্ৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠানৰ অন্যতম প্ৰধান আকৰ্ষণ হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্পষ্টবাদী সাংবাদিক ৰুবিকা লিয়াকট।

উড়িষ্যাৰ সুভাস চন্দ্ৰ সতপথী আৰু গোৱাৰ ড° ভূষণ ভাৱেৰ দৰে বঁটা বিজয়ী লেখক আৰু সমালোচকে প্ৰাসংগিক বিষয় আৰু আলোচনাৰ ওপৰত বিভিন্ন অধিবেশনত বক্তব্য আগবঢ়াব। তদুপৰি অসমৰ সাহিত্যিক, সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ জগতৰ ব্যক্তিসকলেও মডাৰেটৰ আৰু বক্তা হিচাপে বিভিন্ন অনুষ্ঠানত অংশ ল’ব। এই সাহিত্য উৎসৱত ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাইজ মানি কুইজৰো আয়োজন কৰা হৈছে। বিশিষ্ট লেখক তথা বক্তা অতনু ভট্টাচাৰ্যই স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৃষ্টিশীল লেখাৰ ওপৰত এক কৰ্মশালাও পৰিচালনা কৰিব। লগতে বিভিন্ন ধাৰাৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব। আন এক অতি আকৰ্ষণীয় অনুষ্ঠান হ’ব বহুভাষিক কবিতা অধিৱেশন য’ত অসমৰ বিভিন্ন ভাষাৰ কবিসকলে স্বৰচিত কবিতা আবৃত্তি কৰি শ্ৰোতাক আপ্লুত কৰিব।

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ তৰফৰ পৰা দুগৰাকী বিশিষ্ট সাহিত্যিকক দুটাকৈ বঁটা প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে। এই বঁটা দুটা শিতানত প্ৰদান কৰা হ’ব-এটা চল্লিশ বছৰ বয়ষৰ ওপৰৰ জেষ্ঠ সাহিত্যিকৰ বাবে আৰু আনটো চল্লিশ বছৰ বয়ষৰ তলৰ উদীয়মান সাহিত্যিকৰ বাবে। এইবাৰৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল বিষয়বস্তু হৈছে-শিপাৰ সন্ধান। অৰ্থাৎ ভাৰতৰ পুৰাতন সাহিত্য, সংস্কৃতি আৰু পৰম্পৰাৰ যি ঐতিহ্য, আমাৰ সেই শক্তিশালী শিপাৰ প্ৰতি নতুন প্ৰজন্মৰ আনুগত্য বৃদ্ধি কৰা। আমাৰ ঐতিহ্যৰ গুৰুত্ব যাতে নৱ প্ৰজন্মই বুজি পায়।

সাহিত্য উৎসৱৰ লক্ষ্য হৈছে আলোচনা আৰু চিন্তা-ধাৰণাৰ বিনিময়ৰ মাধ্যমেৰে এক পৰিৱেশ সৃষ্টি কৰা য’ত ভাৰতৰ বৈচিত্ৰ্য আৰু ঐক্যৰ মহান পৰম্পৰাক সন্মান কৰা হয়। বৈচিত্ৰ্যতা পাৰ্থক্য নহয়, বৰঞ্চ আমাৰ সকলোৰে অন্তৰ্নিহিত আধ্যাত্মিক আৰু দাৰ্শনিক ঐক্যৰ প্ৰকাশ। বৈচিত্ৰ্য হ’ল ৰামধেনুৰ বিভিন্ন ৰঙৰ দৰে, সকলোবোৰ এক সমগ্ৰতাৰ অংশ, যিটো হৈছে ভাৰতৰ প্ৰকৃত সত্তা। অসম ভূমিৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ লগতে প্ৰাগজ্যোতিষপুৰৰ কিংবদন্তিসমূহ পুনৰ আৱিষ্কাৰ আৰু পুনৰ সংজ্ঞায়িত কৰি যুৱ মনক উৎসাহিত কৰাটোৱেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই উৎসৱৰ লক্ষ্য।

বৰ্তমানৰ অসম (প্ৰাগজ্যোতিষপুৰ, পৰৱৰ্তী সময়ত কামৰূপ নামেৰেও জনাজাত) নামৰ প্ৰাচীন ৰাজ্যৰ কেন্দ্ৰীয় অংশ। ইয়াৰ ৰাজধানী বৰ্তমানৰ গুৱাহাটীত অৱস্থিত আছিল। প্ৰাগজ্যোতিষপুৰ ৰাজ্য জলপাইগুৰি, কোচ বেহাৰ, ভূটান পাহাৰ (নেপালৰ কিছু অংশকে ধৰি), ৰংপুৰ, চিলেট, মাইমেনসিং, ঢাকা (বৰ্তমান বাংলাদেশৰ অধীনত), ত্ৰিপুৰা, খাচী আৰু গাৰো পাহাৰ আদি অঞ্চলত সামৰি গঠিত হৈছিল। প্ৰাগজ্যোতিষপুৰ (অৰ্থাৎ জ্যোতিষপুৰৰ পূব অংশ) উল্লেখ মহাকাব্য মহাভাৰতৰ লগতে কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু চৰ্যাপদতো পোৱা যায়। প্ৰাগজ্যোতিষপুৰ আছিল শিক্ষা, জ্যোতিষ আৰু বৌদ্ধিক অনুশীলনৰ কেন্দ্ৰ স্থল। ১৪ শতিকাতে মাধৱ কন্দলীয়ে ৰামায়ণৰ অনুবাদ কৰি বৌদ্ধিক সক্ষমতাক প্ৰতিফলিত কৰিছিল। সাধাৰণ বিজ্ঞান, আয়ুৰ্বেদ আৰু পৰম্পৰাগত স্বাস্থ্যসেৱা, জ্যোতিষ, কাৰুকাৰ্য্য আৰু পৰিবেশন আৰু দৃশ্য কলা আদি সৰ্বদিশত আগবঢ়া আছিল এই অঞ্চলটো। এই অঞ্চলৰ বাসিন্দাসকল প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ উত্তৰাধিকাৰী।

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ জৰিয়তে যুৱ প্ৰজন্মই এই ভূ-খণ্ডৰ প্ৰাচীন সাংস্কৃতিক বৈচিত্ৰ্যৰ মহত্ত্ব জানিব আৰু উপলব্ধি কৰিব পাৰিব। ধাৰাবাহিক আলোচনা, অন্তৰংগ কথোপকথন, নতুন ধাৰণাৰ বিনিময়, সাহিত্য পাঠ, আবৃত্তি আৰু প্ৰতিযোগিতাৰ জৰিয়তে এই অনন্য মহোৎসৱে যুৱ লেখক-পাঠকসকলক সাহিত্যৰ জৰিয়তে নিজৰ সভ্যতাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সংগঠিত কৰিব বুলি আশা কৰা হৈছে।

অসমৰ বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ সভাপতি, আৰু বিশিষ্ট পৰিবেশবিদ, প্ৰকৃতি সাহিত্যিক সৌম্যদীপ দত্ত সমিতিৰ কাৰ্যকৰী সভাপতি। উপদেষ্টা হিচাপে আছে বিশিষ্ট ব্যক্তইসকল ক্ৰমে ধীৰেন শৰ্মা, অধ্যাপক স্মৃতি কৃষ্ণ সিনহা, মঞ্জু বৰা, ড° জগদীন্দ্ৰ ৰায় চৌধুৰী, সুশীল কুৰ্মি, নিৰঞ্জন কলিতা, পৰমেশ দত্ত, ড° জয়ন্ত শৰ্মা, ভবানী প্ৰসাদ অধিকাৰী, অনুৰাধা শৰ্মা পূজাৰী আৰু ৰুক্ম গোহাঁই।

ইফালে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়, হনুমানবাক্স সুৰজমল কানৈ মহাবিদ্যালয়, ডিব্ৰুগড়, ধেমাজি বালিকা মহাবিদ্যালয়, ধেমাজি, উত্তৰ লখিমপুৰ মহাবিদ্যালয় আদিত সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি এলানি প্ৰাৰম্ভিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য’ত সাহিত্য আৰু এনে উৎসৱৰ গুৰুত্বৰ ওপৰত এক সুস্থ আলোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে আবৃত্তি, বক্তৃতা, কিতাপ পঢ়া আদি কাৰ্য্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

আগ্ৰহী জনসাধাৰণৰ বাবে অধিবেশনৰ সকলো কাৰ্যসূচীত অংশ গ্ৰহণ বিনামূলীয়া। কুইজ আৰু কৰ্মশালাৰ বাবে বিনামূলীয়া অনলাইন পঞ্জীয়ন মুকলি কৰা হৈছে। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সবিশেষ ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউ টিউবৰ দৰে ছ’চিয়েল নেটৱৰ্কিং চাইটতো উপলব্ধ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.