শেহতীয়া আপডেটঃ

বিহালী বিহমাৰী সাপ্তাহিক বজাৰত অবৈধ চুলাই মদ বিৰুদ্ধে অভিযান বিশ্বনাথ আৱকাৰী আৰু বিহালী আৰক্ষী

বিহালী বিহমাৰী সাপ্তাহিক বজাৰত অবৈধ চুলাই মদ বিৰুদ্ধে অভিযান বিশ্বনাথ আৱকাৰী আৰু বিহালী আৰক্ষী ::

 বিশ্বনাথ চাৰিআলি ১১ জুলাই ::

ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান।
ৰাজ্য চাহ জনগোষ্ঠীয় এলেকা অঞ্চলত বিষাক্ত চুলাই পান কৰি বিগত বৰ্ষত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ পিছতে ৰাজ্যজুৰি সুৰা বিৰোধী অভিযান চলাইছে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে।
কঠোৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
কোনো কাৰণত অবৈধ সুৰা খেৱন কৰি যাতে দৰিদ্ৰ জনতা মৃত্যু নহয় তাৰ বাবে কঠোৰ হ’বলৈ ৰাজ্যৰ চৰকাৰৰ আৱকাৰী বিভাগক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী নিৰ্দেশ পিছতে কঠোৰ হৈছে ৰাজ্য চৰকাৰী আৱকাৰী বিভাগ আৰু আৰক্ষী।

আনহাতে অবৈধ অৰুণাচলী সুৰা আৰু চুলাই বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিশ্বনাথ মহকুমা আৱকাৰী বিভাগ আৰু বিহালী আৰক্ষীয়ে।
ইফালে সোমবাৰে বিশ্বনাথ জিলাৰ বিহালী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় অন্তৰ্গত বিহমাৰী সোমবৰীয়া সাপ্তাহিক বজাৰত বিশ্বনাথ মহকুমা আৱকাৰী বিষয়া দ্বীপেন বৰা আৰু বিহালী আৰক্ষী থানা  ভা:প্ৰাপ্ত আৰক্ষী বিষয়া হৰনে গগৈ নেতৃত্বত এটা আৰক্ষী দলে বিহালী সমষ্টিৰ বিহমাৰী সাপ্তাহিক বজাৰত অভিযান চলাই কেইবাশ লিটাৰ চুলাই মদ নষ্ট কৰা লগতে চুলাই মদ কঢ়িওৱা সা সামগ্ৰী নষ্ট কৰে আৰক্ষী আৱকাৰী দলটোৱে।
আনহাতে বিহালী সমষ্টিত জিলা পৰিষদৰ অধিনত আবন্টিত বৰগাং দেওবাৰীয়া সাপ্তাহিক বজাৰ, বেদেতী বুধবৰীয়া সাপ্তাহিক বজাৰ লগতে বিহমাৰী সোমবৰীয়া সাপ্তাহিক বজাৰত অবৈধ ভাৱে দীৰ্ঘদিন ধৰি অবৈধ চুলাই মুকলিকৈ বিক্ৰী হৈ থকাত বিভিন্ন দল সংগঠনে মহকুমা আৱকাৰী বিভাগক অৱগত কৰাত সোমবাৰে বিহুমাৰী সাপ্তাহিক বজাৰত বৃহৎ পৰিমাণৰ অবৈধ চুলাই নষ্ট কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.