শেহতীয়া আপডেটঃ

বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণলৈ সাংবাদিকতাৰ বঁটা

বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণলৈ সাংবাদিকতাৰ বঁটা

ডিজিটেল ডেস্ক 12 ছেপ্টেম্বৰ  ঃ

 

নৰ্থ ইষ্ট লাইভ ট্যুডে 24×7 নামৰ বিটিচিৰ পঞ্জীয়নভুক্ত উত্তৰ পুৱৰ নিউজ পৰ্টেল চেনেলটিয়ে বিশ্বনাথৰ সাংবাদিক ৰমেশ চন্দ্ৰ চৰেণলৈ আগবঢ়াইছে দক্ষ সাংবাদিকতাৰ বঁটা ৷ কালি খৈৰাবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ প্ৰতিষ্ঠানটোৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্দ্ধনা সভাত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰে ৷ উল্লেখ্য যে নৰ্থ ইষ্ট লাইভ ট্যুডে নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা কালৰে পৰাই এই পৰ্যন্ত অবিৰত ধাৰাত সংবাদ সেৱা আগবঢ়াই আছে সাংবাদিক গৰাকীয়ে ৷ ২০১৩ চনৰ পৰা সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত চৰেণে নিয়মীয়া বাৰ্তা কাকততো সাংবাদিকতা কৰিছিল ৷ এই পৰ্যন্ত দৈনিক গণ অধিকাৰ , আমি অসমৰ জণগণ , দৈনন্দিন বাৰ্তা ,দৈনিক দুৰ্নীতিৰ দৰ্পণ ,নয়নবাৰ্তা , ৰণাংগণ, ৰাইজৰ পদুলি আৰু শেহতীয়াকৈ গুৱাহাটী আৰু লক্ষীমপুৰৰ পৰা প্ৰকাশিত ন-লখিমী নামৰ কাকতখনতো জড়িত হৈ লেখা মেলা অব্যাহত ৰখাৰ সমান্তৰালকৈ বিভিন্ন নিউজ পৰ্টেলতো নিস্বাৰ্থ ভাৱনাৰে সংবাদ সেৱাৰ কাম কৰি আছে সংবাদদাতা গৰাকীয়ে ৷ আনহাতে বিভিন্ন আলোচনীত সম্পাদনা সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্বও পালন কৰা চৰেণৰ বহু তত্ত্ব গধুৰ প্ৰবন্ধ অসমৰ বিভিন্ন জনপ্ৰিয় কাকতত ইতিমধ্যে ধাৰাবাহিক ভাবে প্ৰকাশ পাই আছে ৷ সম্প্ৰতি সাংবাদিক গৰাকীয়ে গ্ৰন্থ প্ৰকাশত মনোনিৱেশ কৰা ২০২৩ বৰ্ষৰ আৰম্ভণিতে তিনিখনকৈ মুল্যবান গ্ৰন্থ প্ৰকাশ পাব বুলি জানিব দিয়ে ৷ নিৰৱ সাধনাৰত এই গৰাকী সাংবাদিকৰ বঁটাৰ লাভ কৰা বতৰাই বিশ্বনাথৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জনাই ৷ ইফালে নৰ্থ ইষ্ট লাইভ ট্যুডেৰ সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাক বঁটা প্ৰাপক সাংবাদিক গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.