শেহতীয়া আপডেটঃ

আই এছ এলত দ্ৰুত ১০ টা গল আলাউদ্দিনৰঃ নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ’

বেংগালুৰু এফ চিঃ ২ [এলবাৰ্ট ১১ মিনিট, উইলিয়ামছ ৭০ মিনিট]

নৰ্থ ইষ্ট ইউনাইটেডঃ ২ [আলাউদ্দিন ৯, ১৫ মিনিট]

বেংগালুৰুঃ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত গলৰ বন্যা বোৱাই ইতিমধ্যে কেবাটাও অভিলেখ গঢ়া লগতে অনবদ্য গৌৰৱৰ যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তাৰকা আলাউদ্দিন আজাৰায়ে আজি আন এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ মৰক্কোৰ ষ্ট্ৰাইকাৰগৰাকীয়ে আই এছ এলত দ্ৰুত দহটা গল কৰাৰ অনন্য অভিলেখ গঢ়িছে৷ ৮খন মেচতে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে ভাৰতলৈ খেলিব অহা আলাউদ্দিনে।

Alaaeddine Ajaraie of NorthEast United FC during match 45 of the Indian Super League (ISL) 2024-25 season, played between Bengaluru FC and NorthEast United FC held at Sree Kanteerava Stadium, Bengaluru on November 8th, 2024.
Prathiksha MK / Focus Sports / FDSL

উল্লেখ্য যে বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত এখন মেচত নৰ্থ ইষ্ট ইউনাইটেডে ঘৰুৱা দল তথা পইণ্ট তালিকাৰ শীৰ্ষত থকা বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-২ গলত ড্ৰ’ খেলি পইণ্ট ভগাই লয়৷ অৱশ্যে পূৰ্বৰ ছয়খন মেচৰ দৰেই আজিও দুবাৰকৈ খেলত অগ্ৰগতি লৈ আছিল গুৱাহাটীৰ দলটোৱে৷ কিন্তু সুযোগ পায়ো জয়ৰ হেট্ৰিক অৰ্জন কৰিব নোৱাৰিলে নৰ্থ ইষ্ট ইউনাইটেডে।

Jthin M.S of NorthEast United FC and Mohamed Salah of Bengaluru FC during match 45 of the Indian Super League (ISL) 2024-25 season, played between Bengaluru FC and NorthEast United FC held at Sree Kanteerava Stadium, Bengaluru on November 8th, 2024.
Chenthil Mohan / Focus Sports / FDSL

গুৱাহাটীত অন্তিম দুখন মেচত চমকপ্ৰদ জয়ৰে আত্মবিশ্বাসী হৈ খেলপথাৰত নমা নৰ্থ ইষ্ট ইউনাইটেডক খেলৰ ন মিনিটতে অগ্ৰগতি দিয়ে আলাউদ্দিনে৷ বেংগালুৰুৰ ৰক্ষণ বিভাগক চিতাৰ গতিৰে প্ৰতিহত কৰি আলাউদ্দিনে লীগত দ্ৰুত দহ নম্বৰ গলটো কৰি অভিলেখ গঢ়ে৷ উল্লেখ্য যে চলিত লীগত প্ৰথম আঠখন মেচতে গল কৰি নিজৰ অভিলেখৰ অশ্বমেধৰ ঘোঁৰা বিৰামহীনভাবে লৈ যোৱা আলাউদ্দিনে আজি প্ৰথমটো গলৰে আই এছ এলত পূৰ্বে ক্ৰমাগত ৭খন মেচত গল কৰা কালু উচেৰ অভিলেখো ভংগ কৰে।

Alberto Noguera of Bengaluru FC during match 45 of the Indian Super League (ISL) 2024-25 season, played between Bengaluru FC and NorthEast United FC held at Sree Kanteerava Stadium, Bengaluru on November 8th, 2024.
Chenthil Mohan / Focus Sports / FDSL

কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি দুই মিনিটহে থাকে৷ এঘাৰ মিনিটত বেংগালুৰুৰ হৈ এলবাৰ্টে দৰ্শনীয় গল কৰি মেচত সমতা স্থাপন কৰে৷ ঘৰুৱা দলে আক্ৰমণ তীব্ৰ কৰাৰ সময়তে ৰক্ষণ বিভাগৰ ভুল বাবে যতীনৰ সহায়ত আলাউদ্দিনে ১৫ মিনিটত দ্বিতীয়টো গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক পুনৰ অগ্ৰগতি দিয়ে৷ উল্লেখ্য যে ক্ৰমাগত তিনিখন মেচত দুটাকৈ গল কৰি আই এছ এলত আন এক অভিলেখ গঢ়ে আলাউদ্দিনে৷ ২৮ মিনিটত মান্দেজে মৰা বল নৰ্থ ইষ্টৰ গলপষ্টত লগাত প্ৰথমাৰ্ধৰ সমাপ্তিত বাংগালুৰু ২-১ ত পিচ পৰি থাকে।

Ryan Williams of Bengaluru FC during match 45 of the Indian Super League (ISL) 2024-25 season, played between Bengaluru FC and NorthEast United FC held at Sree Kanteerava Stadium, Bengaluru on November 8th, 2024.
Prathiksha MK / Focus Sports / FDSL

দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰে বেংগালুৰুৰ তাৰকা সুনীল চেত্ৰী৷ কিন্তু প্ৰথমে গল কৰাৰ সুযোগ পায়ো ব্যৰ্থ হয় আলাউদ্দিন৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডৰ গলৰক্ষক গুৰমীট সিঙে দলক দুবাৰ গল খোৱাৰ পৰা ৰক্ষা কৰে৷ বিপৰীতে খেলপথাৰত প্ৰৱেশ কৰিয়ে ৭০ মিনিটত বেংগালুৰুৰ হৈ উইলিয়ামছে গল কৰি মেচত সমতা স্থাপন কৰে৷ ইয়াৰ পাছত উভয় দলে ৰক্ষণ বিভাগত খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰি বিপক্ষৰ আক্ৰমণ ৰক্ষা কৰে৷

নৰ্থ ইষ্ট ইউনাইটেডে অহা ২৩ নৱেম্বৰত নতুন দিল্লীত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচখন খেলিব৷ আনহাতে, বেংগালুৰু দলে ২৭ নৱেম্বৰত কলকাতাত মহমেদান স্পৰ্টিং দলৰ বিৰুদ্ধে খেলিব৷

Jthin M.S of NorthEast United FC and Mohamed Salah of Bengaluru FC during match 45 of the Indian Super League (ISL) 2024-25 season, played between Bengaluru FC and NorthEast United FC held at Sree Kanteerava Stadium, Bengaluru on November 8th, 2024.
Chenthil Mohan / Focus Sports / FDSL

আই এছ এলৰ পূৰ্ব চেম্পিয়ন বেংগালুৰু দলে চলিত ছিজনত প্ৰথম ছখন মেচত অপৰাজিত হৈ থকাৰ পাছত অন্তিম খেলত দলটো এফ চি গোৱাৰ বিৰুদ্ধে প্ৰথম পৰাজয়ৰ সন্মুখীন হয়৷ আঠখন মেচ খেলি বেংগালুৰুই ১৭ পইণ্ট অৰ্জন কৰিলে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডেও সমসংখ্যক মেচ খেলি ১২ পইণ্ট লাভ কৰিছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.