Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

জীৱন‌ ✒️ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জীৱন‌

জীৱন, মানেনো কি ? জীৱন এক ভাঙিব নোৱাৰা সাঁথৰ। জীৱন মানেই সংগ্ৰাম।
প্ৰতিজন‌ ব্যক্তিৰ বাবে জীৱনৰ অৰ্থ বেলেগ বেলেগ। কোনোবাই বহুতো ধন-সম্পদ আহৰণ কৰি লাহ বিলাহৰ মাজেৰে জীৱনটো উপভোগ কৰিব পৰাতে
জীৱনৰ সাৰ্থকতা বিচাৰি পায়।
আন কোনোবা জনে সহজ -সৰল ভাবে জীৱন যাপন কৰি সমাজৰ কাৰণে, দহৰ কাৰণে কাম কৰি মানসিক শান্তি লাভ কৰি জীৱনৰ সাৰ্থকতা বিচাৰি পায়। জীৱন‌ থাকে মানে সুখ-দুখ থাকিব। যি জনে‌ অধিক সুখতো‌ উটি ভাহি নাযায় ঠিক সেইদৰে
দুখতো স্হিৰ হৈ থাকিব পাৰে সেইজন ব্যক্তিয়েই জীৱনৰ শেষ বিন্দু লৈকে জীৱনটো সফলতাৰে আগুৱাই নিব পাৰে।
মানুহৰ জীৱনত লক্ষ্য থাকিব লাগে লক্ষ্য হীন‌ জীৱন গুৰিয়াল নাইকিয়া নাঁওৰ দৰে মানুহ‌ পৰিস্থিতিৰ দাস সেইয়ে যিকোনো পৰিস্থিতিতে সেই পৰিস্থিতি গ্ৰহণ কৰি নিজকে আগুৱাই নিব লাগে।
জীৱনত আমি মাজে মাজে অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয়। তেতিয়া আমাৰ মনটো ইতিবাচক চিন্তাৰ দ্বাৰা গঢ়ি
তুলি মনটো উৎসাহি কৰি তুলিব লাগে।
জীৱনৰ লক্ষ্যত উপনীত হবলৈ হ’লে সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰিব লাগিব।
জীৱনে আমাক বহুত শিক্ষা দিয়ে জীৱনে কেতিয়াবা আমাক হাঁহিবলৈ আৰু কেতিয়াবা কান্দিবলৈ শিকাইছে। যিসকলে প্ৰতিটো পৰিস্থিতিৰে সন্মুখীন হব পাৰে‌ সেই সকলৰ ওচৰত জীৱনে হাৰ মানে।
জীৱনৰ সুখ আৰু দুখ দুয়োটা পোহৰ আৰু ছাঁৰ দৰে। কোৱা হয় যে সুখ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ,যি সুখী তেওঁ সুখী আৰু যি সুখী তেওঁ নিশ্চিতভাৱে সুখী হৈ থাকিব। সুখী মন এটাইহে আত্মাক চাব পাৰে,ঈশ্বৰক উপলদ্ধি কৰিব পাৰে আৰু জীৱনৰ সকলো উপকাৰ লাভ কৰিব পাৰে।
সেইয়ে সজ অভ্যাস, সজ চিন্তাৰে নিজৰ মনটো শুদ্ধ কৰি ৰাখি জীৱনটো সুন্দৰ ভাবে আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগে।

✒️ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °