31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    জীৱন‌ ✒️ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

    জীৱন‌

    জীৱন, মানেনো কি ? জীৱন এক ভাঙিব নোৱাৰা সাঁথৰ। জীৱন মানেই সংগ্ৰাম।
    প্ৰতিজন‌ ব্যক্তিৰ বাবে জীৱনৰ অৰ্থ বেলেগ বেলেগ। কোনোবাই বহুতো ধন-সম্পদ আহৰণ কৰি লাহ বিলাহৰ মাজেৰে জীৱনটো উপভোগ কৰিব পৰাতে
    জীৱনৰ সাৰ্থকতা বিচাৰি পায়।
    আন কোনোবা জনে সহজ -সৰল ভাবে জীৱন যাপন কৰি সমাজৰ কাৰণে, দহৰ কাৰণে কাম কৰি মানসিক শান্তি লাভ কৰি জীৱনৰ সাৰ্থকতা বিচাৰি পায়। জীৱন‌ থাকে মানে সুখ-দুখ থাকিব। যি জনে‌ অধিক সুখতো‌ উটি ভাহি নাযায় ঠিক সেইদৰে
    দুখতো স্হিৰ হৈ থাকিব পাৰে সেইজন ব্যক্তিয়েই জীৱনৰ শেষ বিন্দু লৈকে জীৱনটো সফলতাৰে আগুৱাই নিব পাৰে।
    মানুহৰ জীৱনত লক্ষ্য থাকিব লাগে লক্ষ্য হীন‌ জীৱন গুৰিয়াল নাইকিয়া নাঁওৰ দৰে মানুহ‌ পৰিস্থিতিৰ দাস সেইয়ে যিকোনো পৰিস্থিতিতে সেই পৰিস্থিতি গ্ৰহণ কৰি নিজকে আগুৱাই নিব লাগে।
    জীৱনত আমি মাজে মাজে অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয়। তেতিয়া আমাৰ মনটো ইতিবাচক চিন্তাৰ দ্বাৰা গঢ়ি
    তুলি মনটো উৎসাহি কৰি তুলিব লাগে।
    জীৱনৰ লক্ষ্যত উপনীত হবলৈ হ’লে সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰিব লাগিব।
    জীৱনে আমাক বহুত শিক্ষা দিয়ে জীৱনে কেতিয়াবা আমাক হাঁহিবলৈ আৰু কেতিয়াবা কান্দিবলৈ শিকাইছে। যিসকলে প্ৰতিটো পৰিস্থিতিৰে সন্মুখীন হব পাৰে‌ সেই সকলৰ ওচৰত জীৱনে হাৰ মানে।
    জীৱনৰ সুখ আৰু দুখ দুয়োটা পোহৰ আৰু ছাঁৰ দৰে। কোৱা হয় যে সুখ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ,যি সুখী তেওঁ সুখী আৰু যি সুখী তেওঁ নিশ্চিতভাৱে সুখী হৈ থাকিব। সুখী মন এটাইহে আত্মাক চাব পাৰে,ঈশ্বৰক উপলদ্ধি কৰিব পাৰে আৰু জীৱনৰ সকলো উপকাৰ লাভ কৰিব পাৰে।
    সেইয়ে সজ অভ্যাস, সজ চিন্তাৰে নিজৰ মনটো শুদ্ধ কৰি ৰাখি জীৱনটো সুন্দৰ ভাবে আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগে।

    ✒️ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.