শেহতীয়া আপডেটঃ

গোৱালপাৰাৰ দহিকটাত হাতী মানুহৰ সংঘাত দূৰীকৰণৰ প্ৰচেষ্টাঃ শালনিত ৰোপণ কৰিলে নেপিয়াৰ ঘাঁহ, ফল-মূলৰ গছপুলি

কেৱল আজিয়ে নহয় এতিয়াৰে পৰা প্ৰতি দেওবাৰে গাঁৱৰ যুৱক সকলে বননি খনত এনেদৰে ৰোপন কৰিব ফলমূলৰ গছ পুলি৷ ৰাইজৰ আশা এই গছ গছনিৰ ফল পাত তথা নেপিয়াৰ ঘাঁহে বন্যহস্তীৰ খাদ্যৰ অভাৱ দূৰ কৰি হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব৷

♦ গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত৷ দহিকটা অঞ্চলটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ দহিকটা অঞ্চলত বন্যহস্তীৰ ধাৰাবাহিক সন্ত্ৰাসত ইতিমধ্যে একাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ ধ্বংস হৈছে খেতি বাতি, ঘৰ দুৱাৰ৷ বন বিভাগৰ হেজাৰ চেষ্টায়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই হাতীৰ সন্ত্ৰাস৷ প্ৰণিধানযোগ্য যে বন্যহস্তীৰ এই সন্ত্ৰাসৰ মূলতে হৈছে খাদ্য সংকট৷ দ্ৰুত গতিত কমি অহা বননি, ইয়াৰ বিপৰীতে বৃদ্ধি পোৱা হাতীৰ সংখ্যাই বন্যহস্তী কুলৰ মাজত খাদ্যৰ অভাৱ বঢ়াইছে৷ যাৰ বাবে গাঁৱলীয়া অঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে এফালৰ পৰা তহিলং কৰি গৈছে৷

সেয়ে এই সমস্যা কিছু পৰিমাণে হ’লেও লাঘৱ কৰাৰ চিন্তা চৰ্চা কৰিছে দহিকটাৰ ৰাইজে৷ তেওঁলোকে বন্যহস্তীৰ খাদ্যৰ বাবে দহিকটা বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছৰ পুলি ৰোপণৰ উদ্যোগ গ্ৰহণ কৰিছে৷  সেই অনুসৰি আজি পুৱা ৯ বজাত দহিকটা গাঁৱৰ গাতে লাগি থকা বন বিভাগৰ শালনিৰ মাটিত ৰোপণ কৰে নেপিয়াৰ ঘাঁহ, ঔটেঙা, কঁঠাল, কল আদি ফলমূলৰ গছ পুলি৷

কেৱল আজিয়ে নহয় এতিয়াৰে পৰা প্ৰতি দেওবাৰে গাঁৱৰ যুৱক সকলে বননি খনত এনেদৰে ৰোপন কৰিব ফলমূলৰ গছ পুলি৷ ৰাইজৰ আশা এই গছ গছনিৰ ফল পাত তথা নেপিয়াৰ ঘাঁহে বন্যহস্তীৰ খাদ্যৰ অভাৱ দূৰ কৰি হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.