শেহতীয়া আপডেটঃ

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

বি এ আই চি প্ৰদৰ্শনীত ভাৰতৰ ভৱন, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ শীৰ্ষ পেছাদাৰীসকলৰ সন্মিলন

অসম খবৰ গুৱাহাটী ৯ আগষ্ট :

আজি ৯ আগষ্ট, শুকুৰবাৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে উত্তৰ-পূব ভাৰতৰ ভৱন, স্থাপত্য, অভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণৰ সৰ্ববৃহৎ সমাবেশ- বি এ আই চি প্ৰদৰ্শনী উদ্বোধন কৰে। ৯ আগষ্টৰ পৰা ১১ আগষ্টলৈ তিনিদিনীয়াকৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীখনিৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, এই প্ৰদৰ্শনীত ১০০ গৰাকীতকৈও অধিক প্ৰদৰ্শক, ৫ হাজাৰৰো অধিক ডিলাৰ আৰু বিতৰক, ৩০০ৰো অধিক বিল্ডাৰ আৰু ডেভেলপাৰৰ লগতে প্ৰায় ৭ হাজাৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব।

বিল্ডিং, আৰ্কিটেকচাৰ, ইণ্টেৰিয়ৰ ডিজাইন এণ্ড কনষ্ট্ৰাকচনৰ সংক্ষিপ্ত ৰূপ বি এ আই চি হৈছে ভাৰতৰ উন্নতমানৰ স্থাপত্যমূলক কৃতিত্বৰ লগতে শীৰ্ষ নিৰ্মাণ সামগ্ৰী কোম্পানী, ডিলাৰ, ডিজাইনাৰ, প্ৰস্তুতকৰ্তা, পৰামৰ্শদাতা, ইঞ্জিনিয়াৰ, প্ৰজেক্ট মেনেজাৰ, চৰকাৰী বিষয়া আৰু উদ্যোগৰ উৎসাহীসকলক সন্মিলিত কৰা এক সন্মানীয় সমাৱেশ।

উদ্বোধনী সমাৱেশত দিয়া ভাষণত মন্ত্ৰী সঞ্জয় কিষাণে এই প্ৰদৰ্শনীক খণ্ডটোৰ সৈতে জড়িত পেছাদাৰীসকলক একেখন মঞ্চত একত্ৰিত কৰাৰ প্ৰথম পদক্ষেপসমূহৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে। তেওঁ কয় যে এই অনুষ্ঠানে উদ্যোগব্যাপী সহযোগিতামূলক সুবিধা প্ৰদানৰ উপৰি অঞ্চলটোৰ লোকসকলক শেহতীয়া ধাৰা তথা উদ্ভাৱনসমূহৰ সুবিধা প্ৰদান কৰিব।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল এ ই জি চি এলৰ উপাধ্যক্ষ ড০ দেৱজিৎ মহন্ত, এ আই ডি চিৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, মিছন ফাইনেন্সৰ সদস্য কল্লোল চক্ৰৱৰ্তী, মিছন প্লেনিং এণ্ড ডেভেলপমেণ্টৰ সদস্য মুকুল কলিতা, মিছন এপকলৰ সদস্য শশাংক জ্যোতি ডেকা, উদ্যোগৰ অতিৰিক্ত সঞ্চালক তৰুণ কুমাৰ কটকী, এ আৰ ই আই ডি এৰ অধ্যক্ষ পি কে শৰ্মা, এইচ আৰ আৰ এৰ অধ্যক্ষ মৃগাংক হাজৰিকা, এ এ এৰ সাধাৰণ সম্পাদক পংকজ ফুকন আৰু বি এ আইৰ অধ্যক্ষ বিজয় শ্বাৰফ।

বি এ আই চিৰ প্ৰতিষ্ঠাপক নেহা মালহোত্ৰা আৰু মালক্ষ্মী সিনহা (মিলি)ই প্ৰদৰ্শনী অনুষ্ঠানখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই প্ৰদৰ্শনীখনৰ উদ্বোধন হৈছে বছৰ বছৰ ধৰি কৰা আশাশুধীয়া প্ৰচেষ্টাৰ ফচল। তেওঁলোকে লগতে কয় যে এই অনুষ্ঠানটোৱে কেৱল ব্যৱসায়িক চুক্তিৰ বাবে অনুঘটক হিচাপে কাম কৰাই নহয়, বৰঞ্চ ইয়াৰ সমান্তৰালকৈ উদ্ভাৱনীমূলক সমাধানৰ বাবেও এক কেন্দ্ৰ হিচাপে কাম কৰি উদ্যোগটোৰ সকলো অংশীদাৰৰ বাবে এক ব্যাপক মঞ্চ প্ৰদান কৰিছে।

প্ৰতিষ্ঠাপক দুগৰাকীয়ে কয়, “আজি বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম শিখৰত উপনীত হৈছে। উত্তৰ-পূৰ্বাঞ্চলে সদায় একেখন মঞ্চতেই ব্যাপক সমাধান বিচাৰি আহিছে আৰু এই সামূহিক প্ৰচেষ্টাই নিঃসন্দেহে ইয়াৰ সৈতে জড়িত সকলোৰে বাবে ডাঙৰ সুবিধা কঢ়িয়াই আনিব।” তেওঁলোকে লগতে অৱগত কৰে যে উত্তৰ-পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী নিৰ্মাতা, ডিলাৰ, আৰ্কিটেক্ট, ইণ্টেৰিয়ৰ ডিজাইনাৰ, ঠিকাদাৰ, পৰামৰ্শদাতা, যোগানকাৰী আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰৰ বাবে এয়া এক আদৰ্শ অনুষ্ঠান। যিসকলে নিৰ্মাণ আৰু অভ্যন্তৰীণ ডিজাইনৰ শেহতীয়া ধাৰাসমূহৰ সৈতে খাপ খাব বিচাৰে, তেওঁলোকৰ বাবেও এই অনুষ্ঠান অতিশয় বাঞ্ছনীয়, কিয়নো বহুসংখ্যকক সামগ্ৰী তথা তথ্যক এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও এই অনুষ্ঠানে বৰ্তমান নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিব বিচৰা ব্যক্তিসকলৰ বাবে মূল্যৱান তথ্য আৰু সম্পদ আহৰণৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে।

বি এ আই চি প্ৰদৰ্শনীত উপস্থিতসকলে তথ্যসমৃদ্ধ আলোচনা চক্ৰ, ব্যৱহাৰিক কৰ্মশালা আৰু উদ্যোগ বিশেষজ্ঞ আৰু চিন্তাশীল ব্যক্তিৰ সৈতে আকৰ্ষণীয় পেনেল আলোচনাকে ধৰি একাধিক কাৰ্যসূচীৰ সাক্ষী হ’ব। এই প্ৰদৰ্শনীত পেনেল আলোচনা এটা ডাঙৰ আকৰ্ষণ হ’ব, য’ত স্থাপত্য, অভ্যন্তৰীণ ডিজাইন, নিৰ্মাণ আৰু নিৰ্মাণ সামগ্ৰীৰ ক্ষেত্ৰৰ আগশাৰীৰ পেছাদাৰীসকলে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰীসকলে বহনক্ষম নিৰ্মাণ পদ্ধতি আৰু স্মাৰ্ট প্ৰযুক্তিৰ সংহতিৰ দৰে উদীয়মান ধাৰাসমূহৰ বিশদ অন্বেষণৰ লগতে উদ্ভাৱনীমূলক সমাধান উপস্থাপন কৰা বাস্তৱ জগতৰ ক্ষেত্ৰ অধ্যয়ন আশা কৰিব পাৰে। এই সমাৱেশসমূহ ভাৱ বিনিময়মূলক হ’ব, য’ত অংশগ্ৰহণকাৰীয়ে বক্তাসকলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ প্ৰশ্নোত্তৰৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে, প্ৰদৰ্শনী এলেকাত আগশাৰীৰ প্ৰস্তুতকাৰী আৰু সেৱা প্ৰদানকাৰীসকলে নিজৰ অত্যাধুনিক সামগ্ৰী আৰু সেৱাসমূহ প্ৰদৰ্শন কৰিব। এই প্ৰদৰ্শনীখনে উদ্যোগ পেছাদাৰীসকলৰ বাবে নতুন সমাধান আৱিষ্কাৰ কৰিবলৈ, শেহতীয়া উদ্ভাৱনসমূহ অন্বেষণ কৰিবলৈ আৰু ব্যৱসায়িক অংশীদাৰিত্ব তথা সহযোগিতা গঢ়ি তুলিবলৈ বজাৰ হিচাপে কাম কৰিব। প্ৰদৰ্শনীখনি সকলো অংশগ্ৰহণকাৰীৰ বাবে এক অমূল্য অনুষ্ঠান হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।

প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা আগশাৰীৰ সংস্থাসমূহৰ ভিতৰত গ্ৰ’ট’ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ইয়াহভি, নিকিতা বাঞ্চাল ডিজাইন, পূৰ্বাঞ্চল উড, পিকক কিচেন, ইউ বি ডি টেকন’লজিছ, জে এম শ্বেডছ, লেমিনেক্স/ইউ এফ চি ইণ্টাৰনেশ্যনেল, খৈটান/ফেদাৰ লাইট, মংগলম এছ’চিয়েটছ, ইণ্টেৰিয়ৰ এৰা, হোমছ টু লাইফ, লিংগল উইণ্ড’জ/ঋষিকা, কে এ ডিজাইন, এ কে এছ, ক্ৰেটলাইফ, আৰ্থ এণ্ড উই, মীনাক্ষী পলিমাৰ প্ৰাইভেট লিমিটেড, টাৰ্মাকিল, কলষ্টন বাথ, চেভৰন আৰ্বান এল এল পি, ষ্টাৰ চিমেণ্ট, জেনলিটজ, শ্বিনাৰ্জি এপ্লাইয়েন্স, ব্লুমছ ইণ্ডিয়া, হাৰ্ডউইন, তক্ষ হোমছ, পালৰাম, বীৰেন্দ্ৰ টেক্সটাইলছ, হাফেল/আই এছ এ আই ডি, ষ্টাৰলিং, ডাৰলাম, ৰেমকো ইণ্ডাষ্ট্ৰীজ, বি আই চি, এ আই পি এল, কিৰ্বি, শ্ৰী গণপতি এপ্লায়েন্স, হেল্থ এন ফিটনেছ, পেৰামাউণ্ট, পিবিস্পেনাৰ, শিৱম ভেঞ্চাৰ, মজিঅ’ চিৰামিকছ প্ৰাইভেট লিমিটেড, তাজ ৰুফিং, এছ বি এম ৰুফিং, নীলগিৰি, অশোক হাৰ্ডৱেৰ, এপেক্স বিল্ডিং চিষ্টেম, এলভক্স এলেভেটৰছ, প্লেটো বাথ, ইনভ’গ বিল্ডিং, জয়ন্তী চিত্ৰকাৰ আৰু এ আৰ চি ইনচুলেটৰছ অন্তৰ্ভুক্ত হৈ আছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.