২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিশ্বনাথ জিলাৰ পৰা দুই প্ৰকল্প নিৰ্বাচিত

BISWANAT COLLGE

২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিশ্বনাথ জিলাৰ পৰা দুই প্ৰকল্প নিৰ্বাচিত

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১০ ডিচেম্বৰ ঃ

২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিশ্বনাথ জিলাৰ পৰা দুটা প্ৰকল্প নিৰ্বাচিত হৈ গৌৰৱ কঢ়িয়াই আনিছে।

নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিৰকজ্যোতি বৰাৰ ‘সামাজিক দূৰত্ব বৰ্তাই ৰখা সজুঁলি’ আৰু পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰক্তোৎপল হাজৰিকাৰ ‘থলুৱা পদ্ধতিৰ সহায়ত বীজ সংৰক্ষণ’ শীৰ্ষক প্ৰকল্প ।

BISWANAT COLLGE

সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱা মতে উক্ত প্ৰকল্প দুটা ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন সমাৰোহলৈ নিৰ্বাচিত হৈছে।

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ডক্টৰ সূৰ্য কমল বৰা, বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ চন্দ্ৰ বৰা, শিক্ষা বিষয়া ৰবীন্দ্ৰ হাজৰিকা, বেদব্ৰত বৰাই বিদ্যালয় দুখনৰ অধ্যক্ষ, তত্ত্বাৱধায়ক শিক্ষক আৰু চাৰিওগৰাকী শিশু বিজ্ঞানী লৈ শুভেচ্ছা জ্ঞাপন কৰে ৷

বিশ্বনাথ জিলা সয়ম্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে ৷

দুই শতাধিক প্ৰকল্পৰ ভিতৰত ৩৩ খন জিলাৰ পৰা নিৰ্বাচিত ২৬ টা প্ৰকল্পৰ ভিতৰত বিশ্বনাথ জিলাৰ দুটা প্ৰকল্প স্থান লাভ কৰাটো বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, ৰাণা প্ৰসাদ হাজৰিকাৰ লগতে বিশ্বনাথৰ বিজ্ঞমহলে প্ৰশংসা কৰিছে

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.