শেহতীয়া আপডেটঃ

কেবিনেটে বিদ্যালয়সমূহত আৰু ৫ বছৰৰ বাবে প্ৰধানমন্ত্ৰী পোষণ আঁচনি অব্যাহত ৰখাত অনুমোদন

-মধ্য প্ৰদেশৰ নিমাচ-ৰতলাম ৰেলপথ আৰু গুজৰাটৰ ৰাজকোট-কানালুছ লাইন দুগুণ কৰাত চৰকাৰৰ অনুমোদন

● কেন্দ্ৰীয় কেবিনেটে ২০২৫-২৬ বৰ্ষলৈকে বিদ্যালয়সমূহত প্ৰধানমন্ত্ৰী পোষান অভিযান বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় আঁচনি খন আৰু ৫ বছৰৰ বাবে অব্যাহত ৰখাত অনুমোদন জনাইছে। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫৪,০৬২ কোটি টকা আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ পৰা ৩১,৭৩৩ কোটি টকাৰ বিত্তীয় ব্যয়ৰ সৈতে অনুমোদন জনাইছে।

অভিযানত ১১.২০ লাখ বিদ্যালয়ত অধ্যয়ন কৰি থকা ১১.৮০ কোটি শিশুক সামৰি ল’ব। কেন্দ্ৰীয় চৰকাৰে খাদ্যশস্যৰ ওপৰত প্ৰায় ৪৫,০০০ কোটি টকাৰ অতিৰিক্ত ব্যয় বহন কৰিব। মুঠ আঁচনিৰ বাজেট হ’ব ১,৩০,৭৯৫ কোটি টকা। বুধবাৰে কেবিনেট বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কেবিনেট বৈঠকৰ পিছত এই কথা জানিবলৈ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত আঁচনিখনে চৰকাৰী সাহায্যপ্ৰাপ্ত অষ্টম শ্ৰেণীলৈ অধ্যয়ন কৰা সকলো বিদ্যালয়ক সামৰি লব। আঁচনিখনৰ আগৰ নাম আছিল ‘বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ বাবে ৰাষ্ট্ৰীয় আঁচনি’ যাক মধ্যাহ্ন ভোজন আঁচনি বুলি জনা যায়।

কেবিনেটে মধ্যপ্ৰদেশত নিমাচ-ৰতলাম ৰে’লপথ দুগুণ কৰাৰ ক্ষেত্ৰতো অনুমোদন জনায়। ইয়াৰ লগতে গুজৰাটৰ ৰাজকোট-কানালুছ ৰে’লপথ দুগুণ কৰাৰ ক্ষেত্ৰতো অনুমোদন জনাইছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, নিমাচ-ৰতলাম শাখা দুগুণ কৰিলে শাখাটোৰ ক্ষমতা বৃদ্ধি পাব। তেওঁ কয়, ৰাজকোটৰ পৰা কানালুছলৈ প্ৰস্তাৱিত দুগুণকৰণৰ ফলত অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন ঘটিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.