শেহতীয়া আপডেটঃ

অসম কৃষি বিপণন পৰিষদৰ দায়িত্বহীনতাঃ কৃষ্ণাইৰ পণ্যাগাৰতে পচিল শ শ কুইণ্টল ধান

 

♦অসম কৃষি বিপণন পৰিষদৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে কৃষকৰ পৰা ক্ৰয় কৰা শ শ কুইণ্টল ধান কৃষ্ণাইৰ পণ্যাগাৰতে পচিছে৷ উল্লেখ্য যে গোৱালপাৰা জিলাৰ কৃষ্ণাই সাপ্তাহিক বজাৰত অৱস্থিত কৃষ্ণাই গ্ৰামীন পণ্যাগাৰত অসম কৃষি বিপণন পৰিষদে কৃষকৰ পৰা ক্ৰয় কৰা বহু হেজাৰ কুইণ্টল ধান মজুত কৰি ৰাখিছে৷ বিগত প্ৰায় চাৰি বছৰ ধৰি পণ্যাগাৰটোত ধান মজুত কৰি ৰখা হৈছে যদিও সময়ে সময়ে এই ধান খিনি তদাৰক নকৰাৰ ফলত শ শ কুইণ্টল ধান পচি গৈছে৷ আনকি অসুৰক্ষিত পণ্যাগাৰটোত ধান মজুত ৰখাৰ ফলত পণ্যাগাৰটোৰ ভিতৰতে ধানে গজালি মেলি কঠীয়াত পৰিণত হৈছে৷ জানিব পৰি মতে পণ্যাগাৰটোত প্ৰায় ২,৭০০ কুইণ্টল ধান মজুত আছিল৷ ইফালে সংৰক্ষিত ধান খিনি পচিবলৈ ধৰাৰ উমান পাই সোমবাৰে দুপৰীয়া অসম কৃষি বিপণন পৰিষদৰ বিষয়াবৰ্গই অতি গোপনে ২৫ জন মান শ্ৰমিক লগাই একেবাৰে গজালি ওলাই নষ্ট হোৱা ধানখিনি আঁতৰ কৰে৷ ইয়াৰ বিপৰীতে মজুত কৰি ৰখা প্ৰায় খিনি পচন আৰম্ভ হোৱা ধানকে পুণঃ নতুন বস্তাত ভৰাই থোৱাৰ দৰে ঘটনাও সংঘটিত হয় পণ্যাগাৰটোত! এই ক্ষেত্ৰত বিষয়টোৰ উচিত তদন্ত দাবী কৰিছে সচেতন মহলে৷

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.