শেহতীয়া আপডেটঃ

বিহালীত কংগ্ৰেছৰ খহনীয়া: তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান

বিহালীত কংগ্ৰেছৰ খহনীয়া: তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান

বিশ্বনাথ ২৫ ছেপ্টেম্বৰ:-

বিহালী সমষ্টিত ক্ৰমান্বয়ে কংগ্ৰেছ দল শূন্যৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিহালী সমষ্টিৰ ১৭ খন গাওঁ পঞ্চায়ত বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ দখলত।

সমষ্টিটোৰ অধিকাংশ কংগ্ৰেছ কৰ্মী এতিয়া বিজেপি দলৰ দিশে গতি কৰা দেখা গৈছে।ইফালে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিহালী বিজেপিয়ে আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ কুচ কাবাছ।

অহা ২০২৩ চনত পঞ্চায়ত নিৰ্বাচনৰ হোৱা সম্ভাৱনা আছে যাক লৈ এতিয়া বিহালী বিজেপি দলৰ কৰ্মী সকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনৰ প্ৰচাৰ কাম কাজৰ লগতে দলটো সাংগঠনিক দিশত অধিক শক্তিশালী কৰি তোলাত।

 

আজি বিহালী সমষ্টিৰ বৰঝাৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৩ শতাধিক সংখ্যলঘু কংগ্ৰেছ কৰ্মীয়ে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিত বিজেপি দলত যোগদান কৰে।

 

এই তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ মাজত এগৰাকী প্ৰাক্তন জিলা পৰিষদৰ সদস্যাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।ইফালে এই যোগদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন-কী-বাত অনুষ্ঠান আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিন পালন কৰে বিজেপি কৰ্মী সকলে। এই কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ পশু ধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী, বাঘমৰা মণ্ডল সভাপতি দধিৰাম শৰ্মা, বিশ্বনাথ জিলা বিজেপি সভাপতি পংকজ বৰা, জিলা সম্পাদক অসীম দাস, বিশ্বনাথ জিলাৰ বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা দিপা চেত্ৰী, বৰঝাৰণি গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ লগতে অনূসূচিত জনজাতি বিশ্বনাথ মহকুমাৰ অধ্যক্ষ সোনাৰাম ইংতিৰ লগতে ৫০নং বুথ আৰু ৪৮নং বুথৰ কৰ্মী সকল উপস্থিত থাকে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.