শেহতীয়া আপডেটঃ

টাটা গ্রুপৰ মালিক ৰতন টাটাৰ এখন বিশেষ চিঠি, কিয়, কাৰ বাবে, কি লিখা আছে এইখন চিঠিৰ মাজত!

ধনাঢ্য এইগৰাকী নামী উদ্যোগপতি ৰতন টাটাই কি লিখিছিল?

■ কলিকতাৰ এগৰাকী যুৱক। যুৱকজনৰ এনে এটা দিন আছিল, যেতিয়া তেওঁৰ পকেটত মাত্ৰ ২,৫০০ টকাহে আছিল। তেওঁ সেই টকাৰে চেণ্ডউইচ ব্যৱসায় আৰম্ভ কৰিছিল। বৰ্তমান এইজন যুৱক সকলোৰে বাবে আদৰ্শ। এতিয়া তেওঁ সেই ব্যৱসায়ৰ পৰা উপাৰ্জন কৰি বহু লাখ টকাত উপনীত হৈছে। মাত্ৰ কেইবছৰমানৰ ভিতৰতে, কলকাতাৰ ২৬ বছৰীয়া যুৱক ছিয়ন চক্ৰৱৰ্তীয়ে বহুদূৰ আগবাঢ়িছে তেওঁ নিজ ব্যৱসায়ত।

তেওঁ কেনেকৈ এই পথ অতিক্ৰম কৰিছিল? চিয়ানে তেওঁৰ লিখিত এখন আত্মজীৱনী মূলক গ্ৰন্থত এই প্ৰশ্নটোৰ উত্তৰ দিছে। তেওঁৰ আত্মজীৱনী শেহতীয়াকৈ বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ হ’ব। কিতাপখনত তেওঁ কেনেকৈ ষ্টাৰ্টআপ ব্যৱসায়ত সফল হৈছে তাৰ বিৱৰণ দিছে। কিতাপখন সবিশেষ উদ্যোগপতি ৰতন টাটাৰ হাতত পৰিছে। কিতাপখন বিষয়ে জানি ৰতন টাটা ইমানেই অভিভূত হৈ পৰে যে, তেওঁ তাৎক্ষণিক ভাৱে ছিয়নলৈ এখন চিঠি লিখি পঠিয়াই।

ধনাঢ্য এইগৰাকী নামী উদ্যোগপতি ৰতন টাটাই কি লিখিছিল?

File Photo

‘আপোনাৰ কথা শুনি মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত,’ তেওঁ ছিয়নলৈ এটা ইমেইলত এনেদৰে লিখিছিল। আপুনি যি ধৰণে ব্যৱসায়িক ইচ্ছা বজাই ৰাখিছে আৰু সফল হৈছে তাৰ দ্বাৰা মই অভিভূত। কিন্তু সেইখিনিয়ে সকলো নহয়। ছিয়ানক অভিনন্দন জনাই ৰতন টাটাই কয় যে, তেওঁৰ আশা এদিন ছিয়ানক লগ পোৱাৰ ইচ্ছা।

ছিয়ানে সামাজিক মাধ্যমৰ যোগেদি ৰতন টাটাৰ ইমেইলৰ এখন ফটো শ্বেয়াৰ কৰিছিল। যুৱ ব্যৱসায়ী গৰাকীয়ে কয় যে, তেওঁ ৰতন টাটাক কম বয়সৰ পৰাই তেওঁৰ আদৰ্শ হিচাপে গণ্য কৰি আহিছে। তেওঁৰ মতে, ৰতন টাটাৰ পৰা পোৱা চিঠিখন জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ দিন।

File Photo

ছিয়ানে লিখা কিতাপখন এই বছৰৰ চলিত অক্টোবৰত মাহত পেৰিছত প্ৰকাশ পাব। ডিচেম্বৰৰ মাহৰ পৰা দেশৰ পঢ়ুৱৈসকলৰ হাতত কিতাপখন উপলব্ধ হ’ব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.