বিশ্বনাথৰ সমাজ কৰ্মী অৱসৰ প্ৰাপ্ত আৰক্ষী সন্ত হাজৰিকাৰ মৃত্যু

বিশ্বনাথৰ সমাজ কৰ্মী অৱসৰ প্ৰাপ্ত আৰক্ষী সন্ত হাজৰিকাৰ মৃত্যু

বিশ্বনাথ ২৭ জুলাই।

বিশ্বনাথ চাৰিআলিৰ লেহুগাওঁ নিবাসী বিশিষ্ট সমাজ কৰ্মী অৱসৰ প্ৰাপ্ত আৰক্ষী সন্ত হাজৰিকাৰ (৭৪)আজি সন্ধিয়া নিজ বাস ভৱনত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল হাজৰিকা।মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি দুজন পুত্ৰ এগৰাকী কন্যা আৰু বহু আত্মীয় স্ৰজনক ইহসংসাৰত এৰি থৈ যায়। হাজৰিকাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বহু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ একনিষ্ঠ সেৱক হাজৰিকাৰ বিয়োগত বিশ্বনাথ আঞ্চলিক নাম ধৰ্ম সমাজ, লেহুগাঁও নাম ধৰ্ম সমাজ প্ৰাথমিক, উত্তৰ চাৰিআলি সন্মিলিত মঞ্চ ,বৃহত্তৰ লেহুগাওঁ ৰাস সমিতি, লেহুগাওঁ গাঁও সংগঠন, শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ আদি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।

বাতৰি : বিশ্বনাথ প্ৰেছ ক্লাৱ ফেচবুক পেজ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.