শেহতীয়া আপডেটঃ

গোৱালপাৰাত ভোটদান সন্দৰ্ভত সজাগতা মূলক অনুষ্ঠানঃ

 ■ তৃতীয় লিংগৰ লোকৰ সৈতে উপায়ুক্ত বৰ্ণালী ডেকাৰ মত বিনিময়

● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
গোৱালপাৰা নিৰ্বাচনী জিলাত ভোটৰ সজাগতা অনাৰ উদ্দেশ্যে যোৱা ২৪ মাৰ্চৰ পৰা এছভিইইপি কোষৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷

আজি ইয়াৰ অংশ হিচাপে গোৱালপাৰা চহৰৰ আশে পাশে থকা তৃতীয় লিংগৰ লোক সকলক লৈ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ সময়ত গোৱালপাৰা জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই তেওঁলোকৰ লগত মত বিনিময় কৰে ৷

উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে , অহা ৬ এপ্ৰিল তাৰিখে আমাৰ ইয়াাত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ আপোনালোকে নিশ্চয় জানে যে, ভোট দান আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ ৷ আপোনালোকৰ ভোট দানে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে দেশখনক অধিক শক্তিশালী কৰি তুলিব ৷

আপোনালোকে আপোনালোকৰ পৰিয়ালৰ লগতে ওচৰ-পাজৰৰ লোকসকলক ভোটদান সম্পৰ্কে সজাগ কৰিব লাগিব ৷ বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত থকা সকলোকে নিৰ্বাচনী সংক্ৰান্তীয় এক শপত বাক্য পাঠ কৰোৱায় ৷

সভাৰ অন্তত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত তৃতীয় লিংগৰ লোকসকলৰ দ্বাৰা জিলা নিৰ্বাচনী বিভাগে ৰচনা কৰা গোৱালপৰীয়া লোকগীতটোত নৃত্য পৰিৱেশন কৰা হয় ৷ শেষত তৃতীয় লিংগৰ লোক সকলৰ হাতত ভোটদানৰ তাৰিখ ৬ এপ্ৰিল উল্লেখ থকা ৰামধেনু ৰঙৰ ছাতিৰ লগতে তেওঁলোকে ভোটৰ সজাগতাৰ বাৰ্তা থকা ৰামধেনু ৰঙৰ ভোটদানৰ দিন ৬ এপ্ৰিল উল্লেখ থকা বেনাৰ লৈ এক “RAINBOW PRIDE PARADE”ত অংশ গ্ৰহণ কৰে ৷

গোৱালপাৰাত ভোটদান সন্দৰ্ভত সজাগতা মূলক অনুষ্ঠানঃ

এই বৰ্ণাঢ্য শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই  ৷ আজিৰ এই অনুষ্ঠানত ‘এছভিইইপি’ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কিশোৰ ঠাকুৰীয়া , জিলা উন্নয়ন আয়ুক্ত অশ্ৰুমণি মালাকাৰসহ জিলা প্ৰশাসনৰ কেবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.