শেহতীয়া আপডেটঃ

বিশ্বনাথ জিলা টিকাকৰণ বিষয়াৰ কাৰ্যালয়ত টিকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো’ পিকআপ ভান উন্মোচন

  •  বিশ্বনাথ জিলা টিকাকৰণ বিষয়াৰ কাৰ্যালয়ত টিকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো’ পিকআপ ভান উন্মোচন
  •  জিলাৰ যুটীয়া সঞ্চালক ডা. নাৰায়ণ চন্দ্ৰ মহন্তই কৰিলে উন্মোচন

বলেৰো’ পিকআপ ভান দুখনৰ দ্বাৰা বিশ্বনাথৰ ভিতৰুৱা অঞ্চলৰ জনসাধাৰণ উপকৃত হব

বিশ্বনাথ চাৰিআলি ১৮ জুলাই:-বিশ্বনাথ জিলাৰ বিশ্বনাথ অসামৰিক চিকিৎসালয়স্থিত টিকাকৰণ বিষয়াৰ কাৰ্যালয়ত আজি টিকাকৰণৰ বাবে দুখন বলেৰো’ পিক আপ ভান আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। জিলা টিকাকৰণ বিষয়া ডা.মীনা বৰাৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ শোনিতপুৰ জিলাৰ যুটীয়া সঞ্চালক ডা. নাৰায়ণ চন্দ্ৰ মহন্তই গাড়ী দুখনৰ ফিটা কাটি উন্মোচন কৰি কয় যে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ তাৰিখে ক’ভিড ১৯ ৰ অমৃত মহোৎসৱ অনুষ্ঠান মুকলি কৰিছে। তাৰ লগত সংগতি ৰাখি বৰ্তমান কোভিড ১৯ প্ৰতিষেধকৰ সুৰক্ষামুলক তৃতীয় পালি প্ৰতিষেধক( বুষ্টাৰ ড’জ )১৮ বছৰৰ উৰ্ধৰ লোকক প্ৰদান কৰি থকা হৈছে। লগতে ১২ বছৰৰ পৰা ১৮ বছৰলৈকেও ক’ভিড ১৯ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। প্ৰায়বোৰ অঞ্চলৰ ব্যক্তিগত চিকিৎসালয়ত তৃতীয় পালি প্ৰতিষেধক দি থকা হৈছে যদিও বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চল সমূহত যোগাযোগৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ” উইছ” নামৰ ফাউণ্ডেশ্যনৰ দ্বাৰা দুখন ভেনৰ ব্যৱস্থা কৰি দিছে। চৰ চাপৰি আদি সকলো ভিতৰুৱা অঞ্চলত তৃতীয় পালি প্ৰতিষেধক আৰু ক’ৰবাত যদি দ্বিতীয় পালি প্ৰতিষেধক লাভ নকৰা ব্যক্তি আছে এই সকলো লোককে সামৰি বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিব। এই সুবিধাৰ বাবে ভিতৰুৱা অঞ্চলৰ জনসাধাৰণ উপকৃত হব। এতিয়া কাৰ্যালয়ত থকা কোভিড ১৯ৰ প্ৰতিষেধক গাড়ী দুখনৰ জড়িয়তে সকলো ভিতৰুৱা অঞ্চল সামৰি প্ৰতিষেধক প্ৰদানৰ সফল ৰূপায়ন কৰিব পাৰিব।” জিলা প্ৰতিষেধক বিষয়া ডা. মীনা বৰাই সাংবাদিকক জানিবলৈ দিয়া মতে, গহপুৰ,বিহালী আৰু বিশ্বনাথক সামৰি বিশ্বনাথ জিলা কাৰ্যালয়ৰ তত্বাৱধানত ক’ভিড১৯ প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে। গহপুৰ অঞ্চলটো বৃহত্তৰ হোৱা হেতুকে এখন ভেন গহপুৰৰ বাবে আৰু আনখন বিহালী আৰু বিশ্বনাথৰ বাবে ব্যৱহাৰ কৰা হ’ব।এই কাৰ্যালয়ৰ তত্বাৱধানত কেইবাটাও গোট গঠন কৰা আছে। এই গোট সমূহে এতিয়াৰ পৰা যোগাযোগৰ অসুবিধা থকা সকলো চৰ চাপৰি অঞ্চলক সামৰি প্ৰতিষেধক চেন্টাৰ সমুহৰ লগতে জনসাধাৰণৰ ওচৰলৈ গৈ তৃতীয় পালি আৰু ক’ৰবাত ৰৈ যোৱা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ সুবিধাৰ্থে গাড়ী দুখনৰ ব্যৱস্থা হোৱাত জিলাবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।
…………………………. ………………………..

# বিশ্বনাথত অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠা দিৱস পালন

বিশ্বনাথ চাৰিআলি ১৮ জুলাই:- আজি বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাংগণত অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলা সমিতিয়ে ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত সভাপতি ড০ অৰুণ চলিহাই অসম গণিত শিক্ষায়তনৰ পতাকা উত্তোলন কৰে। বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত আৰু বিজ্ঞান বিষয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত গণিত শিক্ষাৰ গুৰুত্ব আৰু জনপ্ৰিয়কৰণৰ ওপৰত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ আৰু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সঞ্জীৱ গগৈয়ে বক্তব্য দাঙি ধৰে। আজিৰ প্ৰতিষ্ঠা দিৱসত অসম গণিত শিক্ষায়তনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ নৱজ্যোতি ওজা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰণামী ফুকন উপস্থিত থাকে। সভাপতিৰ ভাষণত বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ অৰুণ চলিহাই সাংবাদিকক জনোৱা অনুসৰি ১৯৮৬ চনৰ ১৮ জুলাইত বিশিষ্ট গণিতজ্ঞ ড০ বুদ্ধপ্ৰসাদ চেতিয়াৰ সভাপতিত্বত আৰু ড০ তাৰেকেশ্বৰ চৌধুৰীয়ে সম্পাদকৰ দায়িত্ব লৈ গঠন কৰিছিল ‘অসম গণিত শিক্ষায়তন’ নামৰ গণিত শিক্ষাক শিশুৰ মাজত জনপ্ৰিয় কৰা এই অনুষ্ঠানৰ। অহা ২১ আগষ্টত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া গণিত অলিম্পিয়াডৰ প্ৰস্তুতি কৰ্মশালাসমূহ অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলাই ১৯ জুলাইৰ পৰা গহপুৰ, বিশ্বনাথ, চতিয়া আৰু দিকৰাই অঞ্চলৰ পঞ্চম শ্ৰেণীৰপৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।
……………………….. ……………………….
# বিশ্বনাথতো আৰম্ভ হ’ল ‘মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প’

# উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই কৰিলে শুভাৰম্ভ

বিশ্বনাথ চাৰিআলি, ১৮ জুলাইঃ- অসম চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প’ বিশ্বনাথ জিলাতো আজি শুভাৰম্ভ কৰা হয়। অধিক সেউজ আৱৰণেৰে প্রাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰ আৰম্ভ কৰা এই অভিলাষী প্ৰকল্পটিৰ বিশ্বনাথত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে। জিলাখনৰ বাঘমৰা উন্নয়ন খণ্ডত গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ কৰাৰ লক্ষ্যেৰে উপায়ুক্ত গৰাকীয়ে জিলাখনত এই প্ৰকল্প শুভাৰম্ভ কৰা আজিৰ অনুষ্ঠানটিত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত, লিজা তালুকদাৰ, বিশ্বনাথৰ নিৰ্বাচন বিষয়া তথা মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প (CMIPP)ৰ নোডেল বিষয়া দেৱাশিষ গোস্বামী, সহকাৰী আয়ুক্ত অনন্যা লহকৰৰ উপৰিও নিৰ্বাচিত জনপ্ৰতিনিধি তথা বাঘমৰা উন্নয়ন খণ্ডৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তন প্রশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা, ব্যাপক ৰূপত গছপুলি ৰোপণৰ জৰিয়তে অক্সিজেন ভাণ্ডাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ৰাজ্যজুৰি আজিৰে পৰা শুভাৰম্ভ হোৱা এই প্ৰতিষ্ঠানিক বৃক্ষৰোপন প্ৰকল্পৰ অধীনত অসম চৰকাৰৰ অধীনৰ সকলো প্রাতিষ্ঠানিক চৌহদত ১৫ আগষ্ট পৰ্যন্ত স্থানীয় প্ৰজাতিৰ গছপুলি ৰোপণ অভিযান অব্যাহত থাকিব আৰু সেই অনুসৰি বিশ্বনাথ জিলাতো চৰকাৰৰ অধীনৰ সকলো প্রাতিষ্ঠানিক চৌহদত এই অভিযান অব্যাহত থাকিব বুলি বুলি জানিব পৰা গৈছে।

 

# বিশ্বনাথৰ জিনজিয়াত কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

বিশ্বনাথ চাৰিআলি ১৮ জুলাই ঃ সদৌ অসম কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত আঞ্চলিক সমিতি সমুহৰ সহযোগত উত্তৰ জিনজিয়া প্ৰাথমিক বিদ্যালয়ত কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হৈ যায় । সভাত কৰ্মকাৰ সম্প্ৰদায়ৰ আৰ্থসামাজিক , শৈক্ষিক , ৰাজনৈতিক তথা জনগোষ্ঠীৰটোৰ সৰ্বাংগীণ উন্নয়নৰ কল্পে বিভিন্ন দিশ সমুহ আলোচনা কৰা হয় ৷ ইয়াৰ উপৰিও সাংগঠনিক দিশৰ ওপৰতো আলোকপাত কৰা হয় ৷ প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সভাত সদৌ অসম কৰ্মকাৰ সম্প্ৰদায় সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চিমছন লোহাৰ, সম্পাদক দেৱীচৰণ লোহাৰ, সহকাৰী সম্পাদক মুন্না লোহাৰ, সহকাৰী সম্পাদক অচিত কৰ্মকাৰ, ওদালগুৰি জিলা সমিতিৰ সভাপতি সচিতানন্দ কৰ্মকাৰ, লক্ষীমপুৰ জিলা সমিতিৰ সম্পাদক হৰি কৰ্মকাৰ, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ৰাজু কৰ্মকাৰ, সহকাৰী সম্পাদক: বৈদ্যনাথ কৰ্মকাৰ, সাংগঠনিক সম্পাদক শিৱা কৰ্মকাৰ , ঘিলাধাৰী প্ৰাথমিক সমিতিৰ সভাপতি ধ্ৰুৱ কৰ্মকাৰ প্ৰমুখ্যে কেইবাগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।
…………………… ………………..

# বিশ্বনাথৰ পাভৈত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন

বিশ্বনাথ চাৰিআলি ১৮ জুলাই ঃ বিশ্বনাথৰ পাভৈ চাহ বাগিচা শ্বহীদ বিৰাংগনা মালতী ওৰাং খেল পথাৰ প্ৰাংগনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পাভৈ প্ৰাথমিক গোট গঠনৰ সভাখন আজি অনুষ্ঠিত হৈ যায় ৷ আছাৰ বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি চামুৱে বাৰ্লাৰ সভাপতিত্বত আৰু আছাৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ৰবিন ঘাটোৱাৰৰ আত ধৰা সভা খনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পাভৈ প্ৰাথমিক গোটটি গঠন কৰি অৰুন ভুমিজক সভাপতি আৰু মোন কালন্দিক সাধাৰণ সম্পাদক হিচাবে দায়িত্ব অৰ্পণ কৰি মুঠ ৪১ জনীয়া পূৰ্ণাংগ পৰ্যায়ৰ কমিটিখন গঠন কৰা হয় ৷ সভাত সংগঠনটিৰ সাংগঠনিক দিশ , শৈক্ষিক , আৰ্থসামাজিক বিষয়ৰ লগতে জনগোষ্ঠীটোৱে সন্মুখিন হৈ অহা বিভিন্ন সমস্যাৱলীৰ সন্দৰ্ভত আলোকপাত কৰা হয় ৷ সভাত আছাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ড, বৰপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক অৰুন বৰাইক ,সহ-প্ৰচাৰ সম্পাদক মনেশ্বৰ মুন্ডা , শিক্ষা সম্পাদক আচিছ তপ্প ,আৰমান কিণ্ডকে ধৰি কন্ধ সমাজৰ সঞ্জিত কন্ধ , নৰেন কন্ধৰ লগতে স্থানীয় বুদ্ধিজীৱি ,শিক্ষিত যুৱক যুৱতী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.