শেহতীয়া আপডেটঃ

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত এডভান্টেজ আচামৰ শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনৰ বিনিয়োগ আন্তঃগাথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত এখন বৈঠক অনুষ্ঠিত হয়। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ’বলগীয়া ঝুমুইৰ বিনন্দিনী শীৰ্ষক ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ প্ৰস্তুতিও আজিৰ বৈঠকত পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই দুয়োটা অনুষ্ঠান সুকলমে সম্পন্ন কৰাৰ বাবে সকলো দিশ চালি জাৰি চোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত ঝুমুৰ নৃত্যানুষ্ঠান আয়োজনৰ বাবে মূল সমিতি, আতিথ্য সমিতি, চিকিৎসা সমিতিকে ধৰি প্ৰস্তুতিৰ দায়িত্বত থকা সমিতিসমূহৰ কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। তদুপৰি যান-বাহন ব্যৱস্থাপনাৰ বাবে আৰক্ষীৰ পৰিকল্পনা, শিল্পীসকলক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সুকলমে অনা নিয়া আৰু তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বুজ লয়। এই অনুষ্ঠান যাতে বিভিন্ন জিলাৰ চাহ বাগিচাসমূহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা আয়ুক্তসকলক কোৱা হৈছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে এই বৃহৎ নৃত্যানুষ্ঠানৰ সময়ত খোৱাপানীৰ যোগান আৰু অনাময় ব্যৱস্থা সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে। ড০ শর্মাই এডভান্টেজ আচামৰ সন্মিলনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ অভ্যাগতসকলক যাতে সুন্দৰভাৱে আপ্যায়ন কৰা যায় সেই কথা নিশ্চিত কৰিবলৈও পৰামৰ্শ দিয়ে। তদুপৰি সন্মিলনস্থলীত অসমৰ চাহ আৰু থলুৱা বস্ত্ৰ শিল্প সুন্দৰভাৱে প্ৰদৰ্শন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। বৈঠকত অশোক সিংহল, পিযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমত উপস্থিত হ’ব। তেওঁ ঝুমুৰ নৃত্য অনুষ্ঠানটি উপভোগ কৰাৰ লগতে ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্রধানমন্ত্ৰীক কৰা সাক্ষাত্ৰ পাছত এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত থাকিব। পাঁচখন সহযোগী দেশে অংশ ল’বলগীয়া এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
উৎসঃ আকাশবাণী

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.