ৰাসক লৈ উদুলি মুদুলি পৰিবেশ বিশ্বনাথ চাৰিআলিত :গাৱে গাৱে ৰাস উদযাপনৰ বাবে আখৰাত ব্যস্ত শিল্পী সকল

বিশ্বনাথ চাৰিআলি ১৫ নৱেম্বৰ :

আগন্তুক ৰাস পূৰ্ণিমাক কেন্দ্ৰ কৰি বিশ্বনাথ চাৰিআলিত এতিয়া উখল মাখল পৰিবেশ ৷ ১৫ খনতকৈও অধিক ৰাস সমিতিয়ে ৰাস উদযাপনৰ বাবে প্ৰস্তুতি চলাই আছে বিশ্বনাথ চাৰিআলিত ৷ উত্তৰ অসমৰ সৰ্ববৃহৎ বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপনৰ বাবে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে লেহুগাৱৰ ৰাইজ। বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে ৰাস উদযাপন কৰিব পৰা নগ’ল যদিও চলিত বৰ্ষত সম্পূৰ্ণ কভিড বিধি মানি ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছে সমিতি ৷ মহাৰাসৰ লগতে তিনিখনকৈ নাটিকা মনস্থ কৰিবলৈ দৈনিক আখৰা চলাই থকা হৈছে ৷ প্ৰতিবছৰেই মৃন্ময় মুৰ্তি আৰু জীৱন্ত অভিনয়ৰ সমাহাৰ ঘটা লেহুগাৱৰ ৰাসত দেখিবলৈ পোৱা যায় মনোমহা দৃশ্যসজ্জা আৰু বিশাল আলোকসজ্জা ৷ জনপ্ৰিয় কন্ঠশিল্পী মানস ভাগৱতীয়ে সুমধুৰ কন্ঠৰে ৰাসৰ গীত পৰিবেশন কৰিব লগীয়া ৰাসত অসমীয়া সাংস্কৃতিক জগতৰ অভিনেত্ৰী সুনিতা কৌশিক আৰু প্ৰিয়ংকা বৈশ্যই অংশ গ্ৰহন কৰিব ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.