বিহালীৰ হাতীবন্ধা মজলীয়া বিদ্যালয়ত বন বিষয়াৰ সহযোগত বিশ্ব পৰিবেশ দিবস পালন আৰু সম্বৰ্ধনা অনুষ্ঠান

বিহালীৰ হাতীবন্ধা মজলীয়া বিদ্যালয়ত বন বিষয়াৰ সহযোগত বিশ্ব পৰিবেশ দিবস পালন আৰু সম্বৰ্ধনা অনুষ্ঠান

বিহালী ৫ জুন:

বিশ্ব পৰিৱেশ দিবসৰ সৈতে সংগতি ৰাখি বিহালীৰ হাতীবন্ধা মজলীয়া বিদ্যালয়ত বন বিভাগৰ সহযোগত এলানি ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয়। আৰম্ভণিতে বিশ্বই আজিৰ দিনটোৰ বাবে গ্ৰহণ কৰা প্লাষ্টিক ব্যৱহাৰ বৰ্জনৰ সংকল্প গ্ৰহণ কৰি বিদ্যালয়ত বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰায়ৰ সহযোগত বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰা হয়। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চন্দনা ৰায় ভুঞাৰ পৰিচালনাত অনুষ্ঠিত সজাগতা সভাত বনাঞ্চলিক বিষয়া গৰাকীয়ে পৰিবেশৰ সৈতে মিলি চলি জীৱন নিৰ্বাহ কৰিবলৈ আহ্বান জনায় জ্ঞান গম্ভীৰ বক্তব্য প্ৰদান কৰে। সভাত বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

আনহাতে বিদ্যালয়খনত অধ্যয়ন কৰি অসম চৰকাৰৰৰ পৰা সদ্য নিযুক্তি লাভ কৰি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ছাত্ৰী ভাগ্যশ্ৰী পৌড়েল আৰু মনালিছা শৰ্মাৰ লগতে বিদ্যালয়খনত অধ্যয়ন কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত লেটাৰ নম্বৰ সহ উৰ্ত্তীণ হোৱা তিনিগৰাকী আৰু দ্বিতীয় তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা মুঠ ৯ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা গামোচা মানপত্ৰ আৰু একোটা গছ পুলি উপহাৰৰে সম্বৰ্ধনা জনোৱা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.