শেহতীয়া আপডেটঃ

সাংবাদিকৰে বিশ্বনাথৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ মত বিনিময়

সাংবাদিকৰে বিশ্বনাথৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ মত বিনিময়

বিশ্বনাথৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলোৰে সহযোগিতাৰ আহ্বান ডাঃ নেহা যাদৱৰ

পৰ্যটকক আকৰ্ষিত কৰিবলৈ বিশ্বনাথৰ পুৰাতাত্ত্বিক সমলৰ উদ্ভাৱন আৰু সঠিক সংৰক্ষণৰ ওপৰতো গুৰুত্ব

বিশ্বনাথ চাৰিআলি, ৮ আগষ্ট :

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথ মহকুমাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱে আজি বিশ্বনাথৰ সাংবাদিক সকলৰ সৈতে এখন আলোচনা সভাত মত বিনিময় কৰে। বিশ্বনাথ প্ৰশাসনৰ সন্মিলন কক্ষত বিয়লি ১ বজাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশ্বনাথৰ সাংবাদিক সকলেৰে মত বিনিময় কৰি অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে বিশ্বনাথৰ প্ৰগতি আৰু উন্নয়নৰ বেলিকা সকলো সাংবাদিক বন্ধুক সহযোগিতা আগবঢ়াই যাবলৈ আৰু জনসাধাৰণৰ যিকোনো সমস্যা সমাধান কৰিবলৈ প্ৰশাসনক দিহা পৰামৰ্শ প্ৰদান কৰিবলৈও আহ্বান জনালে। উল্লেখ্য যে ২০১৬ চনতে বিশ্বনাথে জিলা মৰ্যাদা লাভ কৰিছিল যদিও বিশেষ কাৰিকৰী কাৰনত বিশ্বনাথ জিলাক পুণৰ মহকুমা হিচাপে ঘোষনা কৰি সাময়িকভাবে শোণিতপুৰ জিলাত চামিল কৰাৰ পৰিপ্ৰেক্ষিতে অসম চৰকাৰে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত জয় শিবানীক মহকুমাটোৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিল আৰু শেহতীয়াকৈ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীৰ বদলিৰ পৰিপ্ৰেক্ষিতত ১ আগষ্টত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ২০১৯ কেডাৰৰ আন এগৰাকী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্ব গ্ৰহণ কৰে। সেই অনুসৰি নতুন ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে আজি বিশ্বনাথৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সকলো সাংবাদিকেৰে এক আলোচনাত মিলিত হৈ বিভিন্ন সমস্যা সম্পৰ্কে মত বিনিময় কৰে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে বিশ্বনাথৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে সকলোৰে দিহা পৰামৰ্শ, মতামত আৰু সহযোগিতা কামনা কৰে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে নাতিদীৰ্ঘ ভাষণত উল্লেখ কৰে যে অসমত পৰ্যটনৰ বহুতো সম্ভাৱনা আছে, সেয়েহে গুপ্তকাশীৰূপে খ্যাত বিশ্বনাথৰ যিখিনি পুৰাতাত্ত্বিক সমল আছে সেই সকলোখিনিৰ উদ্ভাৱন আৰু সঠিকভাৱে সংৰক্ষণ কৰাৰ লগতে পৰ্যটকক আকৰ্ষিত কৰাৰ ওপৰতো বিশ্বনাথ প্ৰশাসনৰ নৱনিযুক্ত মুৰব্বী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
সাংবাদিক সকলৰ লগত চিনাকি পৰিচয় হোৱাৰ লগতে বিশ্বনাথৰ বিভিন্ন সমস্যা যেনে ৰাস্তা-ঘাট, দূৰ্ঘটনা, গতিৰোধক ফলক লগোৱা, বিশ্বনাথ আৰু বিহালীৰ বাবে কমন ডাম্পিং গ্ৰাউণ্ড, পানী নিষ্কাশন , নলা-নৰ্দমা, এন্টিভেনম, পুৰ্ণ পৰ্যায়ৰ আৰু বিশেষজ্ঞ চিকিৎসকৰ আৱশ্যকতা, ৰাস্তাৰ ওপৰত হাউলি থকা বিপদজনক গছৰ দাল কটা, ই ৰিক্সা নিয়ন্ত্ৰণ, ৫ নং কুমলীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ আদি বিভিন্ন সমস্যা বিষয়ক আলোচনা আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে সমাধানৰ আস্বাস প্ৰদান কৰে। সাংবাদিক সকলৰ এই মত বিনিময় অনুষ্ঠানত সাংবাদিকসকলৰ উপৰিও বিশ্বনাথৰ নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামী, সহকাৰী আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সৃষ্টি কলিতাও উপস্থিত আছিল।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.