31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    লাজুকী ফাগুন ♦ ৱাহিদ আহমেদ

    এটা দীঘলীয়া প্ৰত্যাশা
    আৰু এটা যাত্ৰা
    বাস্তৱবোৰ যেন চকুৰ আগত
    গুৰত্ববোৰ অগ্ৰাধিকাৰৰ ভিত্তিত দিয়া হৈছিল
    নিশ্চিত জয়ৰ দুৱাৰদলিত
    পিচলি পৰিল স্বপ্ন বিভোৰ কবিজন
    চাকিটো হাতত লওঁতেই
    তেল শেষ হৈ গৈছিল
    এন্ধাৰৰ ৰাতিটোৱে আমনি কৰিছিল
    বিছনাত ইকাতি সিকাতি কৰিও
    টোপনিটোক নিজৰ কৰিবলৈ অসমৰ্থ
    ভাৱনাবোৰে আৱদ্ধ কৰি ৰাখিছিল

    যাত্ৰাপথত ওখোৰা মোখোৰা থাকে
    এই পথ কিন্তু বৰ মিহি আছিল
    গুৱাহাটীৰ লাল গণেশ অথবা পাণবজাৰৰ দৰে
    বৰ ভিৰ নাছিল
    ফাগুনৰ বতৰত চাদৰৰ আঁচলটো ধৰি
    কলেজৰ পৰা যেনেতেনে দৌৰি অহা
    গাভৰু ছোৱালীজনীৰ লয়লাসত
    ভাহি আহে সপোনবোৰ…

    মই এতিয়া সপোন দেখিবলৈ বেয়া পাওঁ
    ফাগুনৰ পলাশত মনবোৰ পলাশী হবলৈ নিদিওঁ
    তথাপিও আশাৰ পচোৱাই মনত অতি সংগোপনে
    মোৰ কল্পনাৰ অগোচৰে থিতাপি লয়,
    মই ব্যস্ত হৈ থাকোঁতেও
    ফাগুনবোৰ উৰি থাকে মোৰ চৌদিশে
    মই দুখৰ হুমুনিয়াহ কাঢ়িলেও
    ফাগুনে মোলৈ চাই হাঁহি থাকে
    মই কৰবালৈ গ’লেও
    ফাগুনবোৰ মোৰ গাতে লাগি যায়
    ফাগুনৰ দুপৰীয়া বতাহজাক আহিলে
    আজি আকৌ লম পাম নেকি তাইক
    লাজ লাগি যায়

    ৱাহিদ আহমেদ
    কাটাৰ, ডোহা
    +97431204571
    wahidahmed511@yahoo.com

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.