শেহতীয়া আপডেটঃ

মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক অনুষ্ঠান

‘মূৰ্চ্ছনা মিউজিক একাডেমি’য়ে বিগত বৰ্ষৰ দৰে এইবছৰো জুলাই মাহৰ ১২ তাৰিখে আবেলি ৪:০৪ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত “বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৪” উদযাপন কৰে৷ নিমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ সাত্বনা বেনাৰ্জী আৰু শিক্ষাকেন্দ্ৰৰ মুখ্য অধ্যক্ষ হিৰণ্য কলিতাৰ লগতে বৰ্ণালী কলিতা, জোনালী দাস আৰু পৰাগ ডেকাই বন্তি প্ৰজ্বলন কৰি অসমৰ স্বনামধন্য শিল্পী প্ৰয়াত নন্দ বেনাৰ্জী আৰু ভূপেন উজিৰ দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷


গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পূৱ শৰণীয়া মুখ্য পথত থকা “মূৰ্চ্ছনা মিউজিক একাডেমি”য়ে ২০০০ চনতেই প্ৰতিষ্ঠা লাভ কৰি তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীক বিজ্ঞানসন্মতভাৱে গীটাৰ, ইলেকট্ৰনিক কীবোৰ্ড, পিয়ানো, ভায়োলিন, কণ্ঠসংগীত, তবলা ইত্যাদিৰ পাঠদান কৰাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অনলাইনযোগে প্ৰশিক্ষণ দি আহিছে৷ মুখ্য অধ্যক্ষ হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ “মিউজিচিয়া আৰ্টচ এণ্ড কালচাৰ কাউন্সিল” (Musicea Arts And Culture Council) ৰ দ্বাৰা অনুমোদিত শিক্ষা কেন্দ্ৰটোৱে প্ৰতি বছৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সাংস্কৃতিক বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ দি আহিছে৷


মূৰ্চ্ছনাৰ এগৰাকী শিক্ষাৰ্থী ৰাগিনী গোস্বামী আৰু এগৰাকী শুভকাংশী মাইকন দেৱীয়ে গোটেই অনুষ্ঠানটোৰ ঘোষিকা হিচাপে আত ধৰি সুন্দৰভাৱে আগবঢ়াই নিয়ে৷ হিৰণ্য কলিতাৰ কথা-সুৰ আৰু সংগীতেৰে সজোৱা ‘লুকা-ভাকু খেলো আমি নাই আমনি’ সমবেত সংগীতত কণ্ঠসংগীতৰ শিক্ষাৰ্থীসকলে কণ্ঠদান কৰি সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷


অসমৰ বিশিষ্ট সংগীতজ্ঞ প্ৰয়াত নন্দ বেনাৰ্জী দেৱলৈ “মূৰ্চ্ছনা মিউজিক একাডেমি’য়ে” “সংগীতাচাৰ্য” উপাধিৰে বিভূষিত কৰি তেখেতৰ পৰিয়ালৰ মুৰব্বীৰ হাতত এখনি মানপত্ৰ প্ৰদান কৰে৷
চ্যোনী কলিতাৰ কিবোৰ্ডত ‘জিতাথা জিচিকে লিয়ে’, কৃতাৰ্থ বৰুৱাৰ ‘পেহেলা নচা’, অয়ন কলিতাৰ ‘তুমকো দেখা তো য়ে খয়াল আয়া’, ছেমচ হাজৰিকাৰ ‘ফেডেড’, জৰ্ণভ চক্ৰৱৰ্তীৰ ‘জিনা য়াহা মৰণা য়াহা’ গীতৰ লহৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে৷ বৰ্ণালী কলিতাৰ পৰিচালনাত বেহেলাৰ শিক্ষাৰ্থীসকল ক্ৰমে অনন্যাশ্ৰী বৰুৱা, চুমনশ্ৰী দাস, প্ৰজ্ঞাশ্ৰী নাথ, ষ্টেলিনা কাকতি, শ্ৰেয়চী ৰয় আৰু কেইবাগৰাকীয়েও জ্যোতি প্ৰসাদ আগৰৱালাৰ কালজয়ী গীত ‘গছে গছে পাতি দিলে’ আৰু পাশ্চাত্য সুৰ ‘টেনটিং টুনাইট’ আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত ‘ৰাগ দেশকাৰ’ বজাই দৰ্শকৰ মাজত বিপুল সঁহাৰি লাভ কৰে৷


নৃত্য প্ৰশিক্ষক সন্মানীয় মিনা পালৰ তত্ত্বাৱধানত জিচা আগৰুৱালা, নভ্যা বাউৰী, শ্ৰেয়া শৰ্মা, চুমি মন্দল, পলাক্সী নাথ, প্ৰিয়াংশী শৰ্মা, ষ্টেলিনা কাকতি, শ্ৰেয়াসী ৰয়ে ‘সৰস্বতী বন্দনা’ ত অংশগ্ৰহণ কৰি নৃত্য সংগীতক এক বিশেষ মাত্ৰা প্ৰদান কৰে৷ সেউজী সেউজী সেউজী অ’, বিলতে হালিছে ধুনীয়া পদুমী, আপ জেইচা কোই মেৰে, য়ে শ্যাম মস্তানি, গধূলি আহিল তৰা জিলিকিল আৰু বহুটো গীতৰ লহৰে সকলোকে আমোদ দিয়ে৷
২০২৩ বৰ্ষৰ একষ্টিক গীটাৰ পৰীক্ষাৰ বাছনিত অন্তৰ্ভুক্ত হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধীমন্ত কুমাৰ বৰুৱালৈ ১১১১১.০০ টকাৰ এখন চেক, এখন শৰাই, এখন মানপত্ৰ আৰু এখনি ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনাই চলিত বৰ্ষৰ সংগীত বৃত্তি ‘মূৰ্চ্ছনা মিউজিক একাডেমী’ প্ৰদান কৰে৷


২০২৩ চনৰ সংগীতৰ বিভিন্ন বিষয়ৰ পৰীক্ষাত ভাল ফলাফল পোৱা শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে সকলোকে সংগীতানুষ্ঠানৰ এটিকে প্ৰতীক চিহ্ন প্ৰদান কৰা হয়৷ উমাংগী কাশ্যপ, ৱাহিদ আলম, শ্ৰীৰাগ পাটগিৰী, চাবিব আহমেদ, ৰাহুল সেন, পিবাণে লাইনেজাম, নিকুঞ্জ বাউৰী, নিবিৰ পাঠক, নিয়ৰ বৰ্মন, কৃথিক দাস, কৃতাৰ্থ কান্ত বৰুৱা, হৰ্ষবৰ্ধন বড়ো, সিদ্ধান্ত প্ৰতিম বৰুৱা, অৰণ্যক স্পন্দন শৰ্মা, মৃনাৰ্ভ চলিহা, শ্লোষ সাহা, কুনাল সাহা, কুনাল দাস, বিদিশা দাস, অয়ন জ্যোতি দাস, পৃথিকা প্ৰিয়দৰ্শিনী কাশ্যপ, সূৰ্যাংশ প্ৰতিম দাস আদিয়ে সংগীতৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
শেষত বহুকেইখন কিবোৰ্ড আৰু গীটাৰত একেলগে অসমৰ জাতীয় সঙ্গীত পৰিবেশন কৰি ‘বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৪’ৰ সফল সামৰণি কৰা হয়৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.