শেহতীয়া আপডেটঃ

বলিউডৰ কিং খান শ্বাহৰুখ খানৰ পুত্ৰ আৰ্যনক ছদ্মবেশত গ্ৰেপ্তাৰ কৰা সমীৰ ৱানখেডেৰ বলিউডৰ সৈতে কি সম্পৰ্ক?

এনচিবি বিষয়া সমীৰৰ পোনপটীয়াকৈ বলীউডৰ সৈতেও সু-সম্পৰ্ক আছে। তেওঁৰ পত্নী ক্ৰান্তি ৰেডকাৰ এগৰাকী বলিউডৰ অভিনেত্ৰী। তেওঁ বলীউডৰ ছবিতো অভিনয় কৰিছে।

■ শ্বাহৰুখ খানৰ পুত্ৰ আৰ্যনক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত, নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ বিষয়া সমীৰ ৱানখেডেৰ নামটোৱে পুনৰ সংবাদ জগতৰ শিৰোনাম দখল কৰিছে। এই ঘটনাই বলীউড জগতৰ বাবে অশ্বৰ্যকৰ হৈ পৰিছে।

File Photo

■ এজন ৩০ বছৰ বয়সৰ বিষয়া সমীৰে শ্বাহৰুখ খনৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি নিবলৈ যাত্ৰীৰ ছদ্মবেশত আছিল। তাৰ পিছত, আৰ্যন আৰু তেওঁৰ লগৰীয়া আন বহুতক হাতে-লোতে গ্ৰেপ্তাৰ কৰে।

File Photo

■ ড্ৰাগ-যোগৰ পৰা ২০১১ চনত মুম্বাই বিমানবন্দৰত ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট ট্ৰফীলৈকে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ তদন্তত- সকলোৱে চিনি পোৱা একমাত্ৰ ‘নায়ক’ হৈ পৰিছে সমীৰ। ২০০৮ চনৰ আইআৰএছ বিষয়া সমীৰৰ ইটোৰ পিছত সিটো কামৰ এটা নমুনা দেখিবলৈ পোৱা গৈছে। তেওঁৰ দলে যোৱা দুটা বছৰত মুম্বাই বিমানবন্দৰৰ পৰা ১৭,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে।

File Photo

■ এইগৰাকী এনচিবি বিষয়া সমীৰৰ পোনপটীয়াকৈ বলীউডৰ সৈতেও সু-সম্পৰ্ক আছে। তেওঁৰ পত্নী ক্ৰান্তি ৰেডকাৰ এগৰাকী বলিউডৰ অভিনেত্ৰী। তেওঁ বলীউডৰ ছবিতো অভিনয় কৰিছে।

File Photo

■ সমীৰে অজয় দেৱগন অভিনীত ‘গংগাজল’ অভিনেত্ৰী ক্ৰান্তি ৰেডকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। সমীৰৰ পত্নী ক্ৰান্তি মাৰাঠী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

File Photo

■ তেওঁলোক দুয়ো ২০১৭ চনত বিবাহ পাশত আৱদ্ধ হয়। বৰ্তমান সময়ত দুয়ো মুম্বাইত বাস কৰে। ক্ৰান্তিয়ে একাধিক মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ টিভি ধাৰাবাহিক আৰু থিয়েটাৰতো অভিনয় কৰি আছে।

File Photo

■ সমীৰৰ পত্নী ক্ৰান্তি মুম্বাই চহৰত ডাঙৰ-দীঘল হৈছে। তেওঁ প্ৰথমে কাৰ্ডিনেল গ্ৰেচিয়াছ হাই স্কুলত পঢ়িছিল আৰু তাৰ পিছত ৰামনাৰায়ণ ৰুইয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

File Photo

■ তেওঁ কম বয়সৰ পৰাই এটা লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেয়েহে কলেজ সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ উচ্চ শিক্ষাৰ পিছত দৌৰি নোযোৱাকৈ অভিনয়ৰ বাবে অডিচন দিয়া আৰম্ভ কৰে। তেওঁ ২০০০ চনত অংকুশ চৌধুৰীৰ এখন মাৰাঠী ছবিত অভিনয়ৰ সুযোগ পাইছিল।

File Photo

■ দৰ্শকে তেওঁক প্ৰথম অভিনীত বোলছবিখনৰ পৰা ভাল পাবলৈ আৰম্ভ কৰিছিল। অতি কম সময়ৰ ভিতৰতে, অজয় দেৱগনৰ বলীউড ছবি ‘গংগাজল’ত সুযোগ লাভ কৰে।

File Photo

■ তেওঁ ২০১৫ চনত ‘কাকন’ শীৰ্ষক এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। পৰিচালকৰ চৰিত্ৰটোৱে দৰ্শকৰ হৃদয়ো জিনিবলৈ সক্ষম হয়।

File Photo

■ অভিনেত্ৰী ক্ৰান্তি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ তিনি লাখতকৈও অধিক অনুসৰণকাৰী আছে। সমীৰ আৰু ক্ৰান্তিৰ দুই যমজ কন্যা সন্তান আছে।

File Photo

■ অভিনেত্ৰী ক্ৰান্তি যিমান ফুৰ্তিবাজ, বিপৰীতে সমীৰ গহীন-গম্ভীৰ স্বভাৱৰ। সমীৰক সাধাৰণতে হাঁহি থকা দেখা নাযায়। ক্ৰান্তিয়ে সঘনাই ইনষ্টাগ্ৰামত দুয়োৰে সৈতে বহু ফটো শ্বেয়াৰ কৰিছে। ক্ৰান্তিৰ ইনষ্টাগ্ৰাম পোষ্টটোৱে প্ৰকাশ কৰে যে সমীৰৰ দৰে স্বামী হিচাপে পাই তেওঁ গৌৰৱান্বিত।

File Photo
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.