শিৱসাগৰত ট্ৰেড লাইচেঞ্চৰ নামত বৃহৎ কেলেংকাৰী

■ শিৱসাগৰত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰীৰ ঘটনা। ভুৱা ট্ৰেড লাইচেঞ্চ তৈয়াৰ কৰি কৰ ফাঁকিৰে ১৫ কোটিত কৈ অধিক টকাৰ হৰলুকীৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ হাঁহচৰা গাওঁ পঞ্চায়তত। পঞ্চায়তৰ সভানেত্ৰী প্ৰিতি দুৱৰাৰ অজ্ঞাতে ভুৱা ছীল মোহৰ প্ৰস্তুত কৰি লগতে ভুৱা চহীৰে সৰকালে ১৫ কোটিতকৈ অধিক টকা। শেহতীয়াকৈ পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা।

জিলাখনৰ হাঁহচৰা পঞ্চায়তৰ অধীনৰ হীৰেন বৰা নামৰ যুৱকজনে পি.বি. এন্টাৰপ্ৰাইজৰ নামত ভুৱা ট্ৰেড লাইচেঞ্চেৰে হৰকালে এই বৃহৎ ধন। সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দুৱৰাই স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। পৰবৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.