শেহতীয়া আপডেটঃ

বিশ্বনাথত পথ সুৰক্ষা সমিতিৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন

বিশ্বনাথত পথ সুৰক্ষা সমিতিৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন

দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এনএইচআইডিচিএলক যাৱতীয় নিৰ্দেশ

বেদেতী ৰে’ল ষ্টেচন সংযোগী নতুন পথ নিৰ্মাণ কৰাৰো নিৰ্দেশ

বিশ্বনাথ চাৰিআলি, ২৯ জুন:

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত বিশ্বনাথৰ পৰা গহপুৰলৈ নিৰ্মীয়মান চাৰি শৰণীয়া পথৰ বিভিন্ন দুৰ্ঘটনাপ্ৰৱন স্হান আজি পৰিদৰ্শন কৰে বিশ্বনাথৰ পথ সুৰক্ষা সমিতিয়ে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানী আৰু অসম আৰক্ষী সেৱাৰ বিষয়া, বিশ্বনাথৰ আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱাই পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা লোকনিৰ্মান বিভাগ, বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্যমন্ত শৰ্মা আৰু পথ সুৰক্ষা সমিতিৰ সদস্যৰ সৈতে বিশ্বনাথৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক’লা স্হান আৰু দুৰ্ঘটনা প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰে। জানিব পৰা মতে পৰিদৰ্শনকাৰী দলটোৱে পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনিয়াৰিঙৰ অধীনত নিৰ্মীয়মান বিশ্বনাথৰ সাধাৰু এলেকা পৰিদৰ্শন কৰাৰ উপৰিও বিশ্বনাথৰ পৰা গহপুৰলৈ প্ৰায় ৬০ কিলোমিটাৰ চাৰি শৰণীয়া পথ নিৰ্মাণৰ দায়িত্বত থকা হাৰিয়ানাৰ ধতৰৱাল কনষ্ট্ৰাকছনৰ অধীনস্হ নিৰ্মীয়মান পথৰ ৰতোৱা, বৰগাং আৰু বেদেতীৰ একাধিক এলেকা পৰিদৰ্শন কৰে। উল্লেখ্য যে, পথ সুৰক্ষা সমিতিৰ অন্যতম্ সদস্য তথা বিশ্বনাথৰ জিলা পৰিবহন বিষয়া কৃষ্ণকান্ত চেতিয়া, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডৰ কনচালটেন্ট অশোক চাহা, লোকনিৰ্মান বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দ্ৰ শৰ্মা আৰু অন্যান্য বিষয়াসকলৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক’লা স্হান আৰু দুৰ্ঘটনা প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষা সমিতিৰ সদস্যসকলে এনে সকলো স্থানৰ বিষয়ে বিশ্লেষণ আৰু আলোচনা কৰাৰ লগতে সুৰক্ষামূলক পথ সুৰক্ষা ব্যৱস্থা যেনে ছাইনেজ, ৰাম্বল ষ্ট্ৰিপ, ডিলাইনেটৰ আদিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডক নিৰ্দেশনা প্ৰদানৰ পোষকতা কৰে ।

 

লগতে ভ্ৰমণৰ সময়ত ভুল ফালৰ পৰা গাড়ী চলোৱা সকলো বাহনৰ বিৰুদ্ধে প্ৰয়োজনীয় কাৰ্যব্যৱস্থাও গ্ৰহণ কৰে। ইয়াৰ উপৰিও, সম্প্ৰতি চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বন্ধ কৰি ৰখা বেদেতীৰ ৰে’ল ষ্টেচনলৈ নতুন সংযোগ পথ নিৰ্মাণৰ বাবেও ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ বেলিকা বিভিন্ন ঠাইৰ বিভিন্ন অভিযোগ উত্থাপন হৈ অহাৰ সময়তে পথ সুৰক্ষা সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীৰ বিশেষ তৎপৰতাত আজি পথ সুৰক্ষা সমিতিৰ পথ পৰিদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক’লা স্হান আৰু দুৰ্ঘটনা প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি এই স্হান সমুহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক মহকুমাধিপতি গৰাকীয়ে যাবতীয় নিৰ্দেশনা প্ৰদান কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.