Friday, May 16, 2025
27.3 C
Guwahati

বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমি পূজন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাত ১৭১ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ ১৬টা পথ প্ৰকল্প, বি এড কলেজ আৰু ২৯ খন পানী যোগান আঁচনি উদ্বোধন কৰে। তাৰ লগতে টাউন হল, ১৬টাকৈ পথ, বঙাইগাঁও থানাৰ ১৬টা ল’ৱাৰ ছাব অর্ডিনেট আৱাস আদি প্ৰকল্পৰ শিলান্যাস তথা ভূমিপূজন কৰে। ড০ শৰ্মাই এই প্রকল্পসমূহে বঙাইগাঁওবাসী তথা সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণৰ বিকাশ আৰু উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে বজালী জিলাত বিকাশ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুঠ ১৪৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে। ইয়াৰ ভিতৰত বজালী জিলাৰ পহুমৰা নৈত ২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বান প্ৰতিৰোধক মথাউৰি অতি গুৰুত্বপূৰ্ণ প্ৰকল্পৰূপে বিবেচিত হৈছে।
ইফালে, বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত মঙলদৈ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানৰ পৰা দৰং জিলাত মুঠ ৩৮৮ কোটি টকা ব্যয়সাপেক্ষ ৫৬টা প্ৰকল্পৰ ডিজিটেলী উদ্বোধন আৰু শিলান্যাস কৰে। তাৰোপৰি, চিৰাং জিলাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু মৰিগাঁও জিলাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, যোৰহাটত বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শোণিতপুৰ জিলাত নন্দিতা গাৰ্লোৰ্ছা বিকাশ যাত্ৰাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে।

 

News Source | Newsonair.gov.in

- Advertisement -

Hot this week

The Politics Behind Marocco’s Stock Market Turbulence Last Year

Find people with high expectations and a low tolerance...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

Moroccan Salmon with Garlic Mayonnaise is Common in Southern Spain

Find people with high expectations and a low tolerance...

Silicon Valley Stunned by the Fulminant Slashed Investments

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds