শেহতীয়া আপডেটঃ

বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমি পূজন

■ ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাত ১৭১ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ ১৬টা পথ প্ৰকল্প, বি এড কলেজ আৰু ২৯ খন পানী যোগান আঁচনি উদ্বোধন কৰে। তাৰ লগতে টাউন হল, ১৬টাকৈ পথ, বঙাইগাঁও থানাৰ ১৬টা ল’ৱাৰ ছাব অর্ডিনেট আৱাস আদি প্ৰকল্পৰ শিলান্যাস তথা ভূমিপূজন কৰে। ড০ শৰ্মাই এই প্রকল্পসমূহে বঙাইগাঁওবাসী তথা সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণৰ বিকাশ আৰু উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে বজালী জিলাত বিকাশ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুঠ ১৪৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে। ইয়াৰ ভিতৰত বজালী জিলাৰ পহুমৰা নৈত ২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বান প্ৰতিৰোধক মথাউৰি অতি গুৰুত্বপূৰ্ণ প্ৰকল্পৰূপে বিবেচিত হৈছে।
ইফালে, বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত মঙলদৈ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানৰ পৰা দৰং জিলাত মুঠ ৩৮৮ কোটি টকা ব্যয়সাপেক্ষ ৫৬টা প্ৰকল্পৰ ডিজিটেলী উদ্বোধন আৰু শিলান্যাস কৰে। তাৰোপৰি, চিৰাং জিলাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু মৰিগাঁও জিলাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, যোৰহাটত বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শোণিতপুৰ জিলাত নন্দিতা গাৰ্লোৰ্ছা বিকাশ যাত্ৰাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে।

 

News Source | Newsonair.gov.in

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.