শেহতীয়া আপডেটঃ

দিশপুৰ সমজিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীঃ যানবাহনৰ নথিপত্ৰ বিষয়ক কেইবা শতাধিক সমস্যাৰ সমাধান

গুৱাহাটীঃ দিশপুৰ সমজিলাৰ কাৰ্যালয় চৌহদত আজি অনুষ্ঠিত হয় কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচী। আজি পুৱাৰ ভাগত সমজিলাৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী মুকলি কৰে দিশপুৰ সমজিলাৰ আয়ুক্ত মনজিত বৰকাকতিয়ে ৷

সমজিলাৰ আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসঙ্গত পৰিবহণ বিভাগৰ এই জনসেৱা কাৰ্যসূচীয়ে যানবাহনৰ নথিপত্ৰসমূহ সঠিক কৰাকে ধৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত যানবাহন ব্যৱহাৰকাৰীক অধিক দায়বদ্ধ আৰু সজাগ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখে যে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস আজি এই সেৱা কাৰ্যসূচীত উপস্থিত থাকি যানবাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যা সমাধানৰ বাবে আহি সমবেত হোৱা প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰ ভিন ভিন সমস্যা সন্দৰ্ভত অৱগত হৈ সেইসমূহ পাৰ্যমানে থিতাতে সমাধানৰ ব্যৱস্থা কৰে।

তেওঁ আনকি যানবাহন ব্যবহাৰকাৰী সকলৰ নথিপত্ৰ বিষয়ক ওজৰ আপত্তি নিষ্পত্তি কৰাৰ লগতে নথিপত্ৰসমূহৰ উন্নীতকৰণৰ কপীসমূহ লগেলগে হাতত তুলি দিয়ে। তেওঁ সকলোকে কয় যে সঠিক নথিপত্ৰসমূহ বাহন এখনৰ প্ৰাণস্বৰূপ৷ সেয়ে সঠিক নথিপত্ৰসম্বলিত বৈধ বাহনহে পথত চলাচলৰ উপযোগী বুলি বিবেচিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

উল্লেখ্য যে পৰিবহণৰ এইগৰাকী উচ্চপদস্থ বিষয়াৰ তত্বাৱধানত আৰু যানবাহন পৰিদৰ্শক অচিন্ত্য সেনৰ নেতৃত্বত আজি যানবাহনৰ নথিপত্ৰ বিষয়ক কেইবা শতাধিক সমস্যাৰ থিতাতে সমাধান কৰা হয়৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.