বিশ্বনাথত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভৈৰৱী মটৰচ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগীতাৰ আয়োজন
বিশ্বনাথ ৫ জুন:
বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ সৈতে সংগতি ৰাখি ৫ জুন,২০২৩ সোমবাৰে বিশ্বনাথ চাৰিআলি ভৈৰৱী মটৰচৰ উদ্যোগত আয়োজন কৰা এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ।
বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা এই চিত্ৰাংকন প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলি বিভিন্ন বিদ্যালয়ৰ ২৯ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতা লগতে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস ওপৰত ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলৰ উপস্থিতত গছ পুলি ৰোপণৰ সন্দৰ্ভত সজাগতা সৃষ্টি কাৰ্যসূচী ৰূপায়ণ কৰে ভৈৰৱী মটৰচে।
আনহাতে এই চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখা পৰা অষ্টম শাখালৈ ছাত্ৰ -ছাত্ৰীক বিভিন্ন পৰিৱেশ আৰু প্ৰকৃতিৰ সুৰক্ষা আৰু পৰিৱেশৰ লগত জড়িত যিকোনো এটা বিষয় প্ৰতিযোগীসকলক চিত্ৰাংকন কৰিবলৈ দিয়া হয়।
এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় স্থান তিনি গৰাকী ছাত্ৰ ছাত্রীক মান পত্ৰৰে পুৰস্কিত কৰা লগতে গছ পুলি প্ৰদান কৰে।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰতিষ্ঠানটোৰ স্বতাধীকাৰী পাপৰি সোণোৱালৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি ।
সুন্দৰ প্রতিবেদন
Thanks