শেহতীয়া আপডেটঃ

এটা ক’লা ছাতি আৰু এজন বগা মানুহ 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

মনোবিজ্ঞান আৰু স্নায়ু বিজ্ঞানৰ গৱেষক আৰু শিক্ষক দেৱাঞ্জন বৰঠাকুৰ বাতৰি কাকত,আলোচনীত প্রকাশিত মনোবিজ্ঞান, অভিজ্ঞ ব্যক্তিগত আৰু ৰাজনৈতিক তত্ত্বৰ দুকুৰি ৰচনা সংকলখনৰ নাম হ’ল ‘এটা ক’লা ছাতি আৰু এজন বগা মানুহ’।
লেখকে ‘পাতনি’ত এনেদৰে লিখিছে “…প্রবন্ধবোৰ যিবোৰ ঘটনাৱলীক কেন্দ্ৰ কৰি লিখা হৈছিল সেইবোৰ ঘাইকৈ অসম আৰু ভাৰতৰ। কিতাপখনত প্রবন্ধবোৰক তিনি ভাগত ভাগ কৰা হৈছে। মনোবিজ্ঞান, ৰাজনীতি আৰু ব্যক্তিগত অভিজ্ঞতা। ব্যক্তিজ্ঞত অভিজ্ঞতাৰ প্ৰবন্ধবোৰত মোৰ আমেৰিকা আৰু কানাডাৰ অভিজ্ঞতাবোৰ বৰ্ণিত হৈছে। ৰাজনীতি বিষয়ক লেখাবোৰত অসমীয়া জাতীয় জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনাবোৰ আলোচিত হৈছে। মনোবিজ্ঞান বিষয়ক প্রবন্ধবোৰত কৰ’ণাৰ পৰা জিনিয়াছ মানুহলৈকে নানান আকর্ষণীয় প্রবন্ধ সন্নিবিষ্ট হৈছে। মানুহে কিয় লিখে সেইটো প্ৰশ্নৰ উত্তৰ ব্যক্তিভেদে বেলেগ বেলেগ হ’ব। কিছু মানুহে বহু মানুহৰ মাজত কথা ক’বলৈ অসুবিধা পায়, কিছু মানুহ স্নায়ুবৈচিত্র্যৰ বৰ্ণালীৰ ভিতৰত পৰে। বহু সময়ত ক’ব খোজা কথাবোৰৰ প্ৰকাশৰ মাধ্যম নাথাকে। কোলাহলৰ মাজত শব্দবোৰ হেৰায় যায়। এই শব্দবোৰ হেৰাই নাযাবলৈ হয়তো লিখিবলৈ লৈছিলোঁ।…”
কিতাপখনখনৰ প্রথম ভাগ ‘মনোবিজ্ঞান’ৰ লেখাসমূহ হ’ল – অনুদান: উদাৰতা গঢ়ি তোলাৰ এক অভ্যাস;বৰ্বৰ পুলিচগিৰী, অসহিষ্ণুতা আৰু লুচিফাৰ এফেক্ট;সোপাধৰা আৰু গণ-উন্মাদনা; কৰ’ণা আৰু মানসিক চাপ;জাতীয়তাবাদৰ মনস্তত্ত্ব;জীৱন, ৰাজনীতি আৰু মুক্ত ইচ্ছাৰ ভ্ৰম;ককাদেউতাৰ সাধু আৰু ড’পামিন উদ্দীপনাত হেৰাই যোৱা আমাৰ জীৱন;জিনিয়াছ মানুহবোৰ;কিছ আপ, কিক ডাউন;অতি সংবেদনশীল মানুহবোৰৰ কথাৰে;দাঁতৰ বিষৰ এক ষ্টইক উপলব্ধি; স্পীড ডেটিং, ধর্মীয় গোড়ামি আৰু ব্যক্তি-স্বাধীনতা; অসমীয়া মাধ্যম আৰু দ্বিভাষিক দক্ষতা; বৈজ্ঞানীক মানসিকতা প্রসংগত; বেয়া আপেল নে বেয়া পিপা;আত্মহত্যাৰ জোৱাৰ; আসক্তি আৰু যুৱ সমাজ;কর্মস্থলীৰ উৎপীড়ন আৰু কৰ্মচাৰীৰ মানসিক স্বাস্থ্য ;কৰ’ণা আৰু যড়যন্ত্র তত্ত্ব।


কিতাপখনখনৰ দ্বিতীয় ভাগ ‘ৰাজনীতি লেখাসমূহ হ’ল – জাতীয়তাবাদৰ আঁৰৰ স্নায়ুবিজ্ঞান;ভাষা-ধর্মব দ্বন্দ্বত বিভ্রান্ত অসমীয়া;ট্রাম্পবাদ;দুয়ে দুয়ে পাঁচ; ব্যক্তি পূজন-লেনিনৰ পৰা পণ্ডিত নেহৰুলৈকে; কর্তৃত্ববাদ আৰু ধর্ম;জাতিৰামৰ জাত আৰু বর্ণবাদ; পৰিবহণ নিগমৰ জল গামলা, ৪৫৯ ধাৰা আৰু ‘চেম্পিয়নছ অব দা আর্থ’ ; হেমিল্টনত কমিউনিজমৰ ভূত; সমাগত নির্বাচন আৰু আমাৰ ৰাজনৈতিক পক্ষপাতিত্ব।
কিতাপখনখনৰ তৃতীয় ভাগ ‘ব্যক্তিজ্ঞত’ লেখাসমূহ হ’ল – কানাডাত শিক্ষকতাৰ অভিজ্ঞতা; ঘৰমুৱা পখী;এলগনকুইন পার্কত দুটা দিন; মহাত্মা গান্ধীৰ এখন ফটো আৰু আমাৰ মস্তিষ্কৰ নিউৰোপ্লাষ্টিচিটি ; হেমিল্টনত চাইকেল চলোৱাৰ অনুভৱ; আমেৰিকাত ড°দিলীপ দত্ত ছাৰৰ সান্নিধ্যত ; আমেৰিকাত পূজিত গান্ধী, বন্দীত অহিংসাৰ বাণী; নিউ ইয়র্কত ৰিস্কাত উঠি; এটা ক’লা ছাতি আৰু এজন বগা মানুহ ; কৰ’ণা আৰু কৰ’ণা ;কানাডাত লকডাউনৰ অভিজ্ঞত।
‘অসমীয়া মাধ্যম আৰু দ্বিভাষিক দক্ষতা’ লেখাটোত এইদৰে উল্লেখ কৰিছে – মাতৃভাষাৰ প্ৰতি এক টান আমি এটা সময়ত উপলব্ধি কৰোঁ। কাৰণ আমি বিদেশী ভাষাত সপোন নেদেখোঁ, দেখো চিৰ চেনেহি জননীৰ ভাষাত হে। শেষত ক’ব পাৰি দ্বিভাষিক দক্ষতাৰ প্ৰয়োজনীয়তা আছে আৰু ইংৰাজী আৰু অসমীয়া মাধ্যমৰ বিভেদ বোৰ আঁতৰাই, দুয়ো বিদ্যালয়ৰ শিক্ষার্থীকে দুয়োটা ভাষাতেই দক্ষ কৰি তোলাৰ বাবে পদক্ষেপ লোৱা উচিত। তেতিয়াহে হয়তো চিৰ চেনেহী ভাষা জননীয়ে হেৰাব খোজা আদৰ আকৌ ঘূৰাই পাব। আমি ভাবো লেখকৰ এই মতৰ লগত জনগণ একমত হ’ব।
‘আসক্তি আৰু যুৱ সমাজ’ লেখাটোত এইদৰে উল্লেখ কৰিছে – কিন্তু আসক্তি সদায় লুকুৱাই ৰাখিব নোৱাৰি। আচৰণৰ পৰিবৰ্তন, দায়িত্ব অৱহেলা কৰা, অপৰাধমূলক আচৰণত লিপ্ত হোৱা, আসক্তিৰ কিছুমান স্পষ্ট সংকেত। এইক্ষেত্ৰত, পৰিয়ালৰ সদস্য, প্রিয়জন আৰু সহকর্মীসকলে সাধাৰণতে এই আসক্তিজনিত সমস্যা চিনাক্ত কৰিব পাৰে কিয়নো তেওঁলোক ব্যক্তিজনৰ আচৰণ আৰু অভ্যাসৰ সৈতে পৰিচিত। আসক্তিৰ শাৰীৰিক লক্ষণবোৰো লক্ষ্য কৰিব পৰা যায় যেনে নিদ্রাহীনতা, মেদবহুল হৈ যোৱা বা অতিকৈ খীন হৈ যোৱা, কথা কোৱাৰ অস্পষ্টতা, ভোক কমি যোৱা, ভ্রম হোৱা ইত্যাদি ইত্যাদি। এনে লক্ষ্যণবোৰ পৰিয়ালৰ লোকেহে ধৰিব পাৰিব লাগে আৰু যুবক, যুবতী গৰাকীক পুনর্সংস্থাপন কেন্দ্ৰৰ লগত যোগাযোগ কৰাই দিব লাগে। আসক্তিৰ অৱশ্যে জীনিয় কাৰকো থাকিব পাৰে, যেতিয়া পৰিয়ালৰ আন কিছু ব্যক্তি নিচাত আসক্ত তেতিয়াও ল’ৰা বা ছোৱালী জনীৰ তেনে প্ৰৱণতা আহিব পাৰে। কাৰণ হয়তো বহুত আছে কিন্তু সংকেতবোৰ চিনি পোৱাটো প্রয়োজনীয়। বিশেষকৈ ঘৰখনৰ মানুহবোবে যদি উচিত সময়ত উচিত পদক্ষেপ লয় ব্যক্তিজনৰ সহায় হোৱাৰ লগতে সমাজৰো উপকাৰ হ’ব। এই লেখাটোৱে পঢ়ুৱৈক আসক্তি বিষয়ক সজাগতা বৃদ্ধি কৰিবলৈ আৰু সমাজত এনে সমস্যাৰ সমাধানৰ বাবে এক জনসচেতনতা সৃষ্টি কৰিবলৈ সহায় কৰিব।
‘কর্মস্থলীৰ উৎপীড়ন আৰু কৰ্মচাৰীৰ মানসিক স্বাস্থ্য’ লেখাটোত এইদৰে উল্লেখ কৰিছে- কোনবোৰ মানুহ উৎপীড়নৰ বলি হয়? গৱেষণাৰ মতে, যি সকল বেছি উৎকণ্ঠাত ভুগে, উদ্বেগ, খং, দুখ, নিৰাপত্তাহীনতাত ভুগি থাকে এনে লোক সকলক বেছিকৈ টার্গেট কৰি লোৱা হয়। কিছু মানুহ সংবেদনশীল যাক ইংৰাজীত এমপেথ Empath বুলি কোৱা হয়। সাধাৰণতে এমপেথ বা সংবেদনশীলসকল প্রায়েই প্রতাৰণা, মেনিপুলেশন আৰু অন্যায়ৰ বলি হয় নাৰচিচিষ্টিক সকলৰ দ্বাৰা কাৰণ এওঁলোক সহজ সৰল আৰু সততে মানুহক বিশ্বাসত লয়। তেওঁলোকে আনৰ আৱেগ বুজিব পাৰে আৰু অনুভৱ কৰে আৰু প্রতিবাদ কৰিব নজনাৰ যাবে সততে এওঁলোক বেছি উৎপীড়নৰ বলি হয়। সংবেদনশীল আৰু সহজ-সৰল ব্যক্তিসকলেই সাধাৰণতে উৎপীড়নৰ বলি সেই বিষয়ে লেখকে বিশ্লেষণ আগবঢ়াইছে। সঠিক সময়ত “না” ক’বলৈ শিকাৰ লগতে সীমাৰেখা নিৰ্ধাৰণ কৰাটো সংবেদনশীল ব্যক্তি আৰু সহজ-সৰল ব্যক্তিসকলৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ।
‘এটা ক’লা ছাতি আৰু এজন বগা মানুহ’ কিতাপখন জাগৰণ সাহিত্য প্রকাশনে প্রকাশ কৰিছে আৰু প্রথম প্রকাশ-ডিচেম্বৰ,২০২৪। গ্রন্থখনত মুঠ ১৭৬ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ২৭৫টকা।
অসম আৰু ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক বিষয়বোৰৰ মনস্তাত্ত্বিক আলোচনা ‘এটা ক’লা ছাতি আৰু এজন বগা মানুহ’ সংকলনখনিত সন্নিবিষ্ট কৰাৰ বাবে বর্তমান টৰণ্ট’ বিশ্ববিদ্যালয়ত তেওঁ শিক্ষকতাৰ লগতে পি এইছ ডিৰ বাবে গবেষণা কৰি থকা দেৱাঞ্জন বৰঠাকুৰক ধন্যবাদ জনাইছো আৰু আশা কৰিছো কিতাপখনে পাঠক মাজত সমাদৰ লাভ কৰিব।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.