Sunday, May 25, 2025
27 C
Guwahati

বিশ্বনাথত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বিশ্বনাথক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম : মুখ্য অতিথি ডাঃ নেহা যাদৱ*

 

বিশ্বনাথ চাৰিআলি, ১৫ আগষ্টঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথতো দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উলহ মালহেৰে উদযাপন কৰা হয়। মহকুমাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজিত দিৱসৰ মূল কাৰ্য্যসূচীত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, মুখ্য অতিথি ডাঃ নেহা যাদৱে । নিজৰ ভাষণত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতা সংগ্ৰামত জীৱনপণ কৰা জ্ঞাত-অজ্ঞাত স্বাধীনতা যুঁজাৰুসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ধ্ৰুৱজ্যোতি দাস, মানস কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত কুমাৰ বৈশ্য, প্ৰাক্তন মন্ত্ৰীদ্বয় নুৰজামাল চৰকাৰ, প্ৰবীণ হাজৰিকা, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আদি সন্মানীয় অতিথিসকলৰ উপৰিও জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি প্ৰমুখ্যে কেইবাহাজাৰো জনতাৰ উপস্থিতিত প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত মুখ্য অতিথি তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে বিশ্বনাথৰ দৰে নতুন অঁথচ সুবিশাল অঞ্চলটোক সমৃদ্ধিশালী ৰূপত গঢ়ি তোলাৰ বাবে বিগত দিনবোৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপসমূহৰো এক চমু অৱলোকন দাঙি ধৰি এই ক্ষেত্ৰত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিশেষ তৎপৰতাত শেহতীয়াভাৱে বিশ্বনাথৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টি সামৰি মুঠ ৪২৫.৭৫ কোটি টকা ব্যয় সাপেক্ষ সৰ্বাংগীন উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা ১৭ টাকৈ অভিলাষী আঁচনিৰ কাম দ্ৰুত গতিত অব্যাহত আছে বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত তেখেতে নিৰ্মীয়মান বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়, বিশ্বনাথ জিলাৰ সংহত উপায়ুক্ত কার্যালয়, বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱন, বিশ্বনাথ চাৰিআলিত জিলা ক্রীড়া প্রকল্প, বিশ্বনাথৰ পাভৈ (দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হোৱা অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয় প্ৰকল্প, বিশ্বনাথঘাটৰ পৰা পানপুৰলৈ নির্মাণ হ’ব লগা ৮ কিলোমিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰি, চতিয়াত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীতকৰণ প্ৰকল্প, সোলেঙী নদীৰ বাওঁপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুণৰনিৰ্মাণ, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ পৰা বিহালী বটিয়ামাৰী আৰু ইয়াৰ কাষৰীয়া এলেকা সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আদি অভিলাষী আঁচনি সমূহৰ কথা উল্লেখ কৰি ইয়াৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে বিশ্বনাথ প্ৰগতিৰ বাটত জাকত জিলিকা হৈ পৰিব বুলিও মন্তব্য কৰে। ভাষণত মুখ্য অতিথি গৰাকীয়ে গুপ্তকাশীৰূপে খ্যাত ঐতিহাসিক বিশ্বনাথৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমূহ ৰাইজৰ সক্ৰিয় সহযোগিতাৰো কামনা কৰে। দিনজোৰা কাৰ্যসূচী অনুসৰি অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ দিনা পুৱা ৫ বজাত জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিৱেশনৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। পুৱা সাত বজাত নিজ নিজ বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। চহৰখনৰ ক্লক টাৱাৰ সংলগ্ন সুসাহিত্যিক দীননাথ শৰ্মা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ত্ৰিমূৰ্তিত বিশ্বনাথ সমষ্টিৰ
বিধায়ক প্ৰমোদ বৰঠাকুৰে পুষ্পাঞ্জলি অৰ্পণ কৰে।চেনিৰাম দাস শিশু উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছত কাছাৰী ময়দানত উপস্থিত হোৱা অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱে আৰক্ষী জোৱান সকলৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। যুৱ লেখক, সংবাদকৰ্মী ভাস্কৰজ্যোতি বৰাই আঁত ধৰা এই অনুষ্ঠানত বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ৭টা দলে কুচকাৱাজত ভাগ লয়। ইয়াৰোপৰি স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত কেইবাখনো শিক্ষানুষ্ঠান, সংগীতানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। এই কেন্দ্ৰীয় কাৰ্যসূচীৰ লগতে সংগতি ৰাখি বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মুঠ ১৮ গৰাকী ব্যক্তি আৰু এটি অনুষ্ঠানক সম্বৰ্ধনা জনোৱা হয়। মুল কাৰ্যসূচী সমাপনৰ পিছতে স্থানীয় অসামৰিক চিকিৎসালয়ৰ ৰোগী, জিলা কাৰাগাৰৰ কাৰাবাসী আৰু বিশেষ ভাৱে সক্ষম স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফল-মূলো বিতৰণ কৰা হয়। বিয়লি বিশ্বনাথৰ ক্ৰীড়াংগনত বিশ্বনাথ প্ৰশাসন একাদশ আৰু বিশ্বনাথ জিলা ক্ৰীড়া একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেলো অনুষ্ঠিত কৰা হয়। দিৱসৰ সমগ্ৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে বিশ্বনাথবাসীক বিশ্বনাথ প্ৰশাসনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

- Advertisement -

Hot this week

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds