শেহতীয়া আপডেটঃ

বিশ্বনাথত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বিশ্বনাথত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বিশ্বনাথক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম : মুখ্য অতিথি ডাঃ নেহা যাদৱ*

 

বিশ্বনাথ চাৰিআলি, ১৫ আগষ্টঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথতো দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উলহ মালহেৰে উদযাপন কৰা হয়। মহকুমাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজিত দিৱসৰ মূল কাৰ্য্যসূচীত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, মুখ্য অতিথি ডাঃ নেহা যাদৱে । নিজৰ ভাষণত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতা সংগ্ৰামত জীৱনপণ কৰা জ্ঞাত-অজ্ঞাত স্বাধীনতা যুঁজাৰুসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ধ্ৰুৱজ্যোতি দাস, মানস কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত কুমাৰ বৈশ্য, প্ৰাক্তন মন্ত্ৰীদ্বয় নুৰজামাল চৰকাৰ, প্ৰবীণ হাজৰিকা, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আদি সন্মানীয় অতিথিসকলৰ উপৰিও জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি প্ৰমুখ্যে কেইবাহাজাৰো জনতাৰ উপস্থিতিত প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত মুখ্য অতিথি তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে বিশ্বনাথৰ দৰে নতুন অঁথচ সুবিশাল অঞ্চলটোক সমৃদ্ধিশালী ৰূপত গঢ়ি তোলাৰ বাবে বিগত দিনবোৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপসমূহৰো এক চমু অৱলোকন দাঙি ধৰি এই ক্ষেত্ৰত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিশেষ তৎপৰতাত শেহতীয়াভাৱে বিশ্বনাথৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টি সামৰি মুঠ ৪২৫.৭৫ কোটি টকা ব্যয় সাপেক্ষ সৰ্বাংগীন উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা ১৭ টাকৈ অভিলাষী আঁচনিৰ কাম দ্ৰুত গতিত অব্যাহত আছে বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত তেখেতে নিৰ্মীয়মান বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়, বিশ্বনাথ জিলাৰ সংহত উপায়ুক্ত কার্যালয়, বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱন, বিশ্বনাথ চাৰিআলিত জিলা ক্রীড়া প্রকল্প, বিশ্বনাথৰ পাভৈ (দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হোৱা অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয় প্ৰকল্প, বিশ্বনাথঘাটৰ পৰা পানপুৰলৈ নির্মাণ হ’ব লগা ৮ কিলোমিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰি, চতিয়াত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীতকৰণ প্ৰকল্প, সোলেঙী নদীৰ বাওঁপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুণৰনিৰ্মাণ, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ পৰা বিহালী বটিয়ামাৰী আৰু ইয়াৰ কাষৰীয়া এলেকা সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আদি অভিলাষী আঁচনি সমূহৰ কথা উল্লেখ কৰি ইয়াৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে বিশ্বনাথ প্ৰগতিৰ বাটত জাকত জিলিকা হৈ পৰিব বুলিও মন্তব্য কৰে। ভাষণত মুখ্য অতিথি গৰাকীয়ে গুপ্তকাশীৰূপে খ্যাত ঐতিহাসিক বিশ্বনাথৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমূহ ৰাইজৰ সক্ৰিয় সহযোগিতাৰো কামনা কৰে। দিনজোৰা কাৰ্যসূচী অনুসৰি অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ দিনা পুৱা ৫ বজাত জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিৱেশনৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। পুৱা সাত বজাত নিজ নিজ বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। চহৰখনৰ ক্লক টাৱাৰ সংলগ্ন সুসাহিত্যিক দীননাথ শৰ্মা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ত্ৰিমূৰ্তিত বিশ্বনাথ সমষ্টিৰ
বিধায়ক প্ৰমোদ বৰঠাকুৰে পুষ্পাঞ্জলি অৰ্পণ কৰে।চেনিৰাম দাস শিশু উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছত কাছাৰী ময়দানত উপস্থিত হোৱা অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱে আৰক্ষী জোৱান সকলৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। যুৱ লেখক, সংবাদকৰ্মী ভাস্কৰজ্যোতি বৰাই আঁত ধৰা এই অনুষ্ঠানত বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ৭টা দলে কুচকাৱাজত ভাগ লয়। ইয়াৰোপৰি স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত কেইবাখনো শিক্ষানুষ্ঠান, সংগীতানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। এই কেন্দ্ৰীয় কাৰ্যসূচীৰ লগতে সংগতি ৰাখি বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মুঠ ১৮ গৰাকী ব্যক্তি আৰু এটি অনুষ্ঠানক সম্বৰ্ধনা জনোৱা হয়। মুল কাৰ্যসূচী সমাপনৰ পিছতে স্থানীয় অসামৰিক চিকিৎসালয়ৰ ৰোগী, জিলা কাৰাগাৰৰ কাৰাবাসী আৰু বিশেষ ভাৱে সক্ষম স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফল-মূলো বিতৰণ কৰা হয়। বিয়লি বিশ্বনাথৰ ক্ৰীড়াংগনত বিশ্বনাথ প্ৰশাসন একাদশ আৰু বিশ্বনাথ জিলা ক্ৰীড়া একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেলো অনুষ্ঠিত কৰা হয়। দিৱসৰ সমগ্ৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে বিশ্বনাথবাসীক বিশ্বনাথ প্ৰশাসনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.