লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ৩৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ৬২ খন আসনত আগবাঢ়ি আছে।
ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰ লাখতকৈ অধইক ভোটত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক পৰাস্ত কৰে। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ পৰা ৭ লাখতকৈ অধিক ভোটত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ সৌনল পেটেলক পৰাস্ত কৰে। পোৰবন্দৰ সমষ্টিত বিজেপিৰ নেতা ড° মনসুখ মন্দাভিয়া কংগ্ৰেছৰ ললিত ৱছ’য়াতকৈ ৩ লাখ ৮০ হাজাৰ ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ দীনেশ প্রতাপ সিঙতকৈ প্ৰায় ৪ লাখ ভোটত আগবাঢ়ি আছে। আনহাতে, গান্ধীয়ে চি পি আইৰ এনি ৰাজাক ৩ লাখ ৬৬ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰা জয়লাভ কৰিছে। ৰাজস্থানৰ আলৱৰ সমষ্টিৰ পৰা বিজেপিৰ ভূপেন্দ্ৰৰ য়াদৱে জয়লাভ কৰিছে। মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিত এন চি পি শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্রিয়া চুলে এন চি পিৰ প্ৰাৰ্থী সুনেত্রা অজিতদাদা পাৱাৰতকৈ ৫০ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। বিহাৰৰ বেগুচৰাই সমষ্টিত চিপিআইৰ অৱদেশ কুমাৰ ৰয়তকৈ বিজেপিৰ গিৰিৰাজ সিঙ ২৪ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্য প্ৰদেশৰ গুণা সমষ্টিৰ পৰা বিজেপিৰ জ্যোতিৰাদিত্য এম সিন্ধিয়াই জয়লাভ কৰিছে। গুৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ৰাজ বাববতকৈ নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ ৰাও ইন্দ্ৰজিৎ সিঙ ৭৩ হাজাৰ ভোটত আগবাঢ়ি আছে। কেন্দ্ৰীয় মন্ত্রী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিৰ পৰা জয়লাভ কৰে। হিমাচল প্ৰদেশৰ মান্দি সমষ্টিৰ পৰা বিজেপিৰ কংগনা ৰাণাৱটে জয়লাভ কৰে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা নিৰ্দলীয় প্রার্থী অমৃতপাল সিং পাঞ্জাবৰ খদুৰচাহিব সমষ্টিৰ পৰা ১ লাখ ৯৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।
পাঞ্জাবত কংগ্ৰেছে ৩ খন আসনত জয়লাভ কৰাৰ লগতে আন ৪ খন আসনত আগবাঢ়ি আছে। আনহাতে আম আদমী পাৰ্টীয় ছংগ্ৰুৰ আসনত জয়লাভ কৰাৰ লগতে আন দুখন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে, শিৰোমণি আকালি দলে এখন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে দুখন আসনত নিৰ্দলীয় প্রার্থীয়ে আগবাঢ়ি আছে। জলন্ধৰ আসনৰ পৰা কংগ্ৰেছৰ চৰণজিত সিং চান্নীয়ে বিজেপিৰ সুশিল কুমাৰ ৰিংকুক ১ লাখ ৭৫ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। কংগ্ৰেছৰ অমৰ সিঙে ফতেহগড় চাহিব আসনৰ পৰা জয়লাভ কৰে। তেওঁ নিকটতম প্রতিদ্বন্দী আম আদমী পাৰ্টীৰ গুৰপ্ৰীত সিঙক ৩৬ হাজাৰতকৈও অধিক ভোটত পৰাস্ত কৰে। হাৰিয়ানাৰ ৫ খন আসনত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে আন ৫ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। চণ্ডিগড়ৰ লোকসভাৰ একমাত্ৰ আসনখনত কংগ্ৰেছৰ প্ৰাৰ্থী মনীষ তিৱাৰী, বিজেপিৰ প্ৰাৰ্থী সঞ্জয় টেণ্ডনতকৈ প্ৰায় আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে। দিল্লীৰ সাতোটা সমষ্টিতে বিজেপিয়ে অগ্রগতি লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰী, বাসুৰীস্বৰাজ, কমলজিত চেহৰাৱত, প্রবীন খান্দেলৱাল, ৰামবীৰ সিং বিধুৰী, যোগেন্দ্ৰ চন্দলিয়া আৰু হৰ্ষ মালহোত্ৰা তেওঁলোকৰ নিকটতম প্রতিদ্বন্দীসকলতকৈ আগবাঢ়ি আছে। লাডাখৰ একমাত্ৰ সংসদীয় আসনখনত নির্দলীয় প্রার্থী হাজি হানিফা আগবাঢ়ি আছে। লাক্ষাদ্বীপত কংগ্ৰেছ মহম্মদ হামদুল্লা ছৈয়দ প্ৰায় আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে। জম্মু কাশ্মীৰৰ ৬ খন আসনৰ দুখনত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে নেচনেল কনফাৰেন্সৰ প্ৰাৰ্থী দুখনত আৰু নিৰ্দলীয়ই এখনত আগবাঢ়ি আছে। নেচনেল কনফাৰেন্সৰ প্ৰাৰ্থী তথা পূৰ্বৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা বাৰামুল্লাহ লোকসভা আসনখনৰ নিৰ্দলীয় প্ৰাৰ্থী ইঞ্জিনিয়াৰ শ্বেখ ৰছিদতকৈ পিছপৰি আছে। উধমপুৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্রীয় মন্ত্ৰী ড০ জীতেন্দ্র সিং কংগ্ৰেছৰ ছৌধুৰীলাল সিঙতকৈ ৯৬ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। অনন্তনাগ ৰাজৌৰী সমষ্টিত নেচনেল কনফাৰেন্সৰ প্ৰাৰ্থী মিয়া আলতাফ আহমেদ, মেহমুবা মুফতীতকৈ ২ লাখ ভোটত আগবাঢ়ি আছে। হিমাচল প্ৰদেশৰ চাৰিওটা সমষ্টিতে বিজেপি আগবাঢ়ি আছে। হামিৰপুৰ লোকসভা আসনখনৰ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ তেওঁৰ নিকটতম প্রতিদ্বন্দিতকৈ এক লাখ ৮২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি থকাৰ লগতে মন্দি আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰা বিজেপি প্রার্থী তথা অভিনেত্রী কংকনা ৰানাৱতো ৭৪ হাজাৰ ভোটত কংগ্ৰেছৰ প্ৰাৰ্থী বিক্রমাদিত্য সিঙতকৈ আগবাঢ়ি আছে। অসমত বিজেপিয়ে ৯ খনত, কংগ্ৰেছে ৩ খনত আৰু অসম গণ পৰিষদ তথা ইউ পি পি এলে এখনকৈ আসনত অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিব্ৰুগড় সমষ্টিত আঢ়ৈ লাখতকৈ অধিক ভোটত আগবাঢ়ি আছে। ত্ৰিপুৰাত বিজেপিয়ে, পূৱ ত্ৰিপুৰা আসনত জয়লাভ কৰাৰ লগতে পশ্চিম ত্ৰিপুৰা আসনত আগবাঢ়ি আছে। পশ্চিম ত্ৰিপুৰা সংসদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা পূৰ্বৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱ প্ৰায় ৬ লাখতকৈ অধিক ভোটত আগবাঢ়ি আছে। বিজেপিৰ প্ৰাৰ্থী কৃতি দেৱী দেৱবৰ্মনে চি পি আই এমৰ ৰাজেন্দ্ৰ ৰিয়াঙক ৪ লাখ ৮৬ হাজাৰ ভোটত পৰাস্ত কৰিছে। অৰুণাচল প্ৰদেশৰ দুয়োখন আসনতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে।
৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



