ডুমডুমাত জ্যোতিদিৱসত শিল্পী গৰাকীলৈ শ্ৰদ্বাঞ্জলি

ডুমডুমাত জ্যোতিদিৱসত শিল্পী গৰাকীলৈ শ্ৰদ্বাঞ্জলি।

ডুমডুমা ১৭ জানুৱাৰী ঃ ডুমডুমা শতদল শাখা সাহিত্য সভাই ডুমডুমা মাৰোৱাৰী সন্মিলন , ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চ, মহাৰাজা অগ্ৰসেন সেৱা সমিতিৰ সহযোগত ইয়াৰ জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তি স্থলীত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ সভাপতি বিমলা বৰুৱা , মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি ৰোহিত আগৰৱালা, মহাৰাজা অগ্ৰসেন সেৱা সমিতিৰ সভাপতি ৰবি গোৱেল, ডুমডুমা নামঘৰ সমিতিৰ সভাপতি অজিত পাঠকে। শ্ৰদ্ধাঞ্জলি অনুস্থানত অংশ গ্ৰহণ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিম নেওগ, ডুমডুমা প্ৰেজ ক্লাবৰ সম্পাদক মনোজ বৰুৱা , মাৰোৱাৰী সন্মিলনৰ সভাপতি মহাবীৰ মোদী , শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ দীনেশ গোয়েল, আজীৱন সভ্য নিত্যানন্দ দাস, গৌতম মেধি, বিকাশৰন্জন দত্ত ,হেমন্ত শ্যাম ৰাজু আগৰৱালা, ৰামধন আগৰৱালা সাংস্কৃতিক কৰ্মী অপূৰ্ব বৰুৱা, ৱাচিফুৰ ৰহমানকে ধৰি বহুসংখ্যক লোক উপস্থিত কৰে। এই অনুষ্ঠানতে ডুমডুমাৰ প্ৰবীণ নাট্য আৰু সাংস্কৃতিক কৰ্মী খগেন দাসক এখনি ফুলাম গামোছা, এটি স্মাৰক আৰু এখনি গ্ৰন্থৰে Purchased সম্বৰ্ধনা জনোৱা হয়। সমগ্ৰ অনুষ্ঠানটিৰ আতধৰে। শাখা সাহিত্য সভাৰ সম্পাদক দেবেন ডেকাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.