শেহতীয়া আপডেটঃ

দেশী-বিদেশীৰ পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ ঘগ্ৰাপাৰৰ

দেশী-বিদেশীৰ পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ ঘগ্ৰাপাৰৰ ঐতিহাসিক বৰম্বৈ বৰপুখুৰী
পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ দাবী–দল-সংগঠনৰ

নলবাৰী জিলাৰ ৫৯ নম্বৰ নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনস্থ বৰজাৱৰিহাতীস্থিত বানে গৰকা ঐতিহ্যমন্ডিত ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীত শীতৰ আগমনৰ লগে লগে দেশ -বিদেশৰ পৰিভ্ৰমী পক্ষীৰ আগমন হয়।

এই বছৰো দেশী -বিদেশী বহুকেইবাটাও প্ৰজাতিৰ পক্ষীৰ আগমন হৈছে।দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণস্থলী নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীটোৱে ইতিমধ্যে একমাত্ৰ পৰিভ্ৰমী চৰায়ে অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

প্ৰায় ১৪০ বিঘা মাটিকালিৰে আবৃত্ত ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই বিচৰণৰ গুৰুত্বপুৰ্ণ ক্ষেত্ৰকে ধৰি পৰ্যটন কেন্দ্ৰ, নিৱনুৱাক আত্মসংস্থাপন,, জৈৱিক সাৰ,, মীন উৎপাদন আদি স্থল আছে যদিও কোনো এখন চৰকাৰে এই পুখুৰীটোত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰি কেনেধৰণৰ চৰকাৰী আঁচনিৰ আঁৱন্ট দি লাখ লাখ টকা আত্মাসাৎ কৰিব ইয়াৰে প্ৰতিযোগিতা কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।


জানিব পৰা মতে দুবছৰ পুৰ্বে নলবাৰীৰ তদানীন্তন বিধায়ক অশোক শৰ্মা,ৰঙিয়া বিধায়ক তথা বৰ্তমানৰ ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,নলবাৰী জিলা উপায়ুক্তকে ধৰি কেইবাগৰাকী আমোলা -বিষয়া উক্ত পুখুৰীটো পৰিভ্ৰমণ কৰি সংশ্লিষ্ট বিষয়কেইটাত গুৰুত্ব প্ৰদান কৰি পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আজিও বাস্তৱৰূপায়িত নহল বুলি স্থানীয় ৰাইজ তথা ঘগ্ৰাপাৰৰ বিভিন্ন দল -সংগঠনে ধৰি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অভিযোগ কৰিছে।

উল্লেখ‍্য যে এই পুখুৰীটোত বিগত অগপ, কংগ্ৰেছ চৰকাৰৰলেখীয়া বৰ্তমানৰ বিজেপি পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো একে হাৰতে স্থানীয় বড়িগোগ বনভাগ উন্নত খন্ডৰ জৰিয়তে লাখ লাখ টকা ধাৰ্য কৰি বৰম্বৈ বৰপুখুৰীটো এটি খীৰতি গাইত পৰিণত কৰিছে বুলি বিভিন্ন তথ্য পোহৰলৈ আহিছে । বিগত বছৰসমুহত পুখুৰীটো উন্নয়নৰ নামত পুখুৰীটোৰ বাস্তৱত একো হোৱা নাই যদিও আমোলা বিষয়া ,ৰাজনৈতিক নেতা-পালিনেতাসকলে প্ৰতিবছৰে আঁচনি ধৰি গ্ৰামোন্নয়নৰ লাখ লাখ টকা লুণ্ঠনহে কৰি আহিছে বুলি বিভিন্ন মহলত আলোচিত হৈছে। ইফালে –

পৰ্যটকৰ আকৰ্ষণৰ অন্যতমস্থলী হিচাপে গঢ়ি তোলাৰ পুৰ্ণ সম্ভাৱনা থকা নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই বৰম্বৈ বৰপুখুৰীৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱা, নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনক বিশেষ উদ‍্যোগ গ্ৰহণ কৰাৰ বাবে পোষকতা কৰিছে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ দল -সংগঠনৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,হিন্দু জাগৰন মঞ্চ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.