শেহতীয়া আপডেটঃ

অসম আৰক্ষীৰ মহাপৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক আই আই টি, গুৱাহাটীৰ সন্মানীয় ফেল’ নিযুক্তি

গুৱাহাটীঃ অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্ছ চমুকৈ এছ টি এফৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা মহাপৰিদৰ্শক তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, সাংস্কৃতিক কৰ্মী, সুলেখক, কবি, সাহিত্যিক, অভিনেতা, পৰিচালক ডঃ পাৰ্থ সাৰথি মহন্তক ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ আই আই টি) গুৱাহাটীৰ ‘চেণ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ (CIKS)-এ সন্মানীয় ফেল’ (Honourary Fellow) হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।

ডঃ মহন্তই এই প্রতিষ্ঠানৰ মৰ্যাদাপূর্ণ প্রকল্প ‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অব্ ছায়েন্স এণ্ড আছামিজ কালচাৰ’ৰ প্ৰতি সক্রিয় অৰিহণা আগবঢ়াব। অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নামত নামকৰণ কৰা এই মিছনে অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক STEM (Science, Technology, Engineering and Mathmatics) শিক্ষাক আঁকোৱালি লোৱাত উদ্‌দ্গনি যোগাব। সমান্তৰালভাৱে এই মিছনে ছাত্র-ছাত্রীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিব। ডঃ পাৰ্থ সাৰথি মহন্তৰ নেতৃত্ব আৰু পৰিকল্পনাত এই প্ৰকল্পৰ অধীনত STEM ৰ বিষয় সন্দর্ভত উদ্ভাৱনী চিন্তা, উৎসুকতা বৃদ্ধি, অসমীয়া ঐতিহ্যক সংৰক্ষণ আৰু উদযাপনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন, শৈক্ষিক প্রতিষ্ঠানৰ সহযোগত বিজ্ঞান শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ মাজত সাকো গঢ়াৰ আদি বিষয়ৰ কৰ্মশালা, আলোচনাচক্র আদি অনুষ্ঠিত কৰিব।

আমেৰিকাৰ প্রতিষ্ঠিত চিকিৎসক, পণ্ডিত হেমচন্দ্র গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্র গোস্বামী ফাউণ্ডেচনৰ অধ্যক্ষ ডাঃ নর গোস্বামীয়ে এই প্রকল্প আৰম্ভ কৰিছে। চেণ্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিতে এই প্ৰকল্পৰ প্ৰধান ইনভেষ্টিগেটৰ হিচাপে সেৱা আগবঢ়াইছে। ৰাজহুৱা জীৱনত উল্লেখনীয় সেৱা আগবঢ়োৱা আৰু সমাজৰ উন্নয়নত আগবঢ়োৱা অৰিহনাৰ বাবে ডঃ পাৰ্থসাৰথি মহন্তক এই প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব প্রদান কৰা হৈছে। এই প্রকল্পত ডঃ মহন্তৰ অংশীদাৰিত্বই বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত ব্যুৎপত্তি থকা শিক্ষার্থীসকলক অধিক আগ্রহী কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে এগৰাকী নিষ্ঠাবান আৰক্ষী বিষয়া হিচাপে সুনাম থকা ডঃ পাৰ্থ সাৰথি মহন্তই আৰক্ষীত বিভিন্ন পদক লাভ কৰাৰ সমান্তৰালভাৱে বিগত সময়চোৱাত চলচ্চিত্ৰ পৰিচালনাৰ বাবেও কেবাটাও সন্মানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.