শোণিতপুৰ লখৰা অসম ৰাইফলছ বেটেলিয়নে শিলচৰৰ জলমগ্ন অঞ্চলত খোৱা পানী আৰু ঔষধ বিতৰণ

শোণিতপুৰ লখৰা অসম ৰাইফলছ বেটেলিয়নে শিলচৰৰ জলমগ্ন অঞ্চলত খোৱা পানী আৰু ঔষধ বিতৰণ ::

বিশ্বনাথ 29 জুন :

অসম ৰাইফলছ মুখ্য কাৰ্যালয় চেক্টৰ 21-ৰ অধিনত লখৰা অসম ৰাইফলছ বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছে (পূব) 29 জুন বুধবাৰে কাছাৰ জিলাৰ শিলচৰৰ জলমগ্ন অঞ্চলত খোৱা পানী আৰু বৃহৎ পৰিমাণৰ ঔষধ প্ৰদান ।

কাছাৰ জিলাৰ অৱনতি হোৱা বান পৰিস্থিতিৰ ফলত ৰংগীৰঘাট আৰু দক্ষিণ মোহনপুৰ গাঁৱৰ এলেকা সমূহ পথৰ দ্বাৰা দুৰ্গম হৈ পৰিছে।

ইঞ্জিন যুক্ত নাও সহায়ত অসম ৰাইফল দুটা দলে অত্যাৱশ্যকীয় সামগ্ৰী খোৱা পানীৰ বটল আৰু ঔষধ বিতৰণ কৰে বান পিড়িত ৰাইজৰ মাজত।

কিয়নো বানপানীৰ ফলত উক্ত গাওঁ সমূহত বিশুদ্ধ খোৱা পানীৰ বাবে এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।
এই অসুবিধা কিছু দূৰ কৰিবলৈ লখৰা অসম ৰাইফলছ বেটেলিয়নৰ দুটা সাহায্য দলে প্ৰায় ১৫৩৪ লিটাৰ খোৱা পানী আৰু ঔষধ বিতৰণ কৰছ।

বিতৰণ কৰা সময়ত বিশুদ্ধ খোৱা পানীৰ ৰঙ্গীৰ ঘাটভিল 694 লেটাৰ, দক্ষিণ মোহনপুৰ ভিল গাওঁত 840 লেটিআৰ ৰংগীৰঘাট আৰু দক্ষিণ মোহনপুৰ গাঁৱৰ প্ৰায় 100 টা পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.