উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি পৰে। যোৱা ২০ মে’ তাৰিখে আৰম্ভ হোৱা উৎসৱ বক্সি গ্রাউণ্ডত সামৰণি পৰে।
অসমৰ চুবুৰীয়া ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতঃপ্রোত সমন্ধ থকা চিৰই লিলিৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৫ দিনীয়াকৈ উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণিৰ দিনটোত বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ লগতে চলচিত্ৰ প্ৰদৰ্শন, খেল ধেমালি আৰু অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰই লিলি হৈছে মণিপুৰৰ ৰাজ্যিক ফুল।
এক ব্ৰিটিছ দম্পতিয়ে গৱেষণা কৰোঁতে ১৯৪৬ চনত দুষ্পাপ্য প্ৰজাতিৰ উদ্ভিদবিধ চিনাক্ত কৰিছিল। এই চিৰই লিলি ফুলৰ প্ৰজাতি বিশ্বৰ ভিতৰত কেৱল মণিপুৰৰ উখৰুল জিলাৰ চিৰই পাৰ্বত্য অঞ্চলতহে পোৱা গৈছে।