শেহতীয়া আপডেটঃ

এনইএইচএইচডিচিত অলংকাৰ আৰু হস্তশিল্প আজীৱিকা ব্যৱসায় ইনকিউবেটৰ কেন্দ্ৰৰ উদ্বোধন

গুৱাহাটী, ২৯ জানুৱাৰী ২০২৫ঃ উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে (এনইএইচএইচডিচি) আজি বামুণীমৈদামত থকা প্ৰাংগনত অলংকাৰ আৰু হস্তশিল্প আজীৱিকা ব্যৱসায় ইনকিউবেটৰ (এলবিআই) মুকলি কৰে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ৰ অধীনত থকা এছপায়াৰ (ASPIRE) আঁচনিৰ অন্তৰ্গত এই পদক্ষেপ লোৱা হৈছে। এই ইনকিউবেটৰে গ্ৰাম্য উদ্যোগৰ বিকাশ তথা উদ্যোগশীলতাক উৎসাহিত কৰাৰ লগতে উদ্ভাৱনী চিন্তাৰ প্ৰসাৰ কৰিব। এই পদক্ষেপৰ আঁৰত ভাৰতীয় উদ্যোগশীলতা প্ৰতিষ্ঠান মেন্টৰ হিচাপে আছে।

মেক ইন ইণ্ডিয়া আৰু স্কীল ইণ্ডিয়া পদক্ষেপৰ অধীনত এক অন্যতম অংশীদাৰ ভাৰতীয় অলংকাৰ আৰু ৰত্ন খণ্ডটোৱে দেশৰ অৰ্থনীতিত প্ৰভুত অৰিহনা আগবঢ়াই আহিছে। দেশৰ জিডিপিৰ ৭ শতাংশ আৰু ব্যৱসায়িক ৰপ্তানিৰ ১৫ শতাংশ এই খণ্ডৰ অৱদান আছে। আজি প্ৰতিষ্ঠিত হোৱা এলবিআইয়ে উত্তৰ পূবৰ উচ্চ মান সম্পন্ন অলংকাৰ আৰু হস্তশিল্প খণ্ডটোক অধিক প্ৰসাৰৰ বাবে কাম কৰাৰ লগতে এই খণ্ডটোৰ সৈতে জড়িত হৈ থকা উদ্যোগী, কলা-কুশলীক সমল, কৌশল, দক্ষতা বিকাশৰ লগতে এখন বজাৰ প্ৰদান কৰিব। পৰম্পৰাগত শৈলী বৰ্তাই ৰাখি বিশ্বমানৰ বজাৰত প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টি কৰাৰ ক্ষেত্ৰতো এই ইনকিউবেটৰে পদক্ষেপ গ্ৰহণ কৰিব।

নিবনুৱা সমস্যাৰ প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত এই কেন্দ্ৰই বিশেষ পদক্ষেপ গ্ৰহণ কৰি নিবনুৱা, স্বনিৰ্ভৰশীল হস্তশিল্পী, বনুৱাক কৌশল তথা দক্ষতা প্ৰদানৰ ক্ষেত্ৰত স্কিলিং, আপ-স্কিলিং আৰু ৰী-স্কিলিঙৰ প্ৰশিক্ষণ প্ৰদান কৰিব। এই পদক্ষেপে উদ্যোগটোৰ সৈতে জড়িতসকলৰ কৌশল বৃদ্ধি কৰিব।

একাধিক খণ্ড যেনে ৰত্ন আৰু অলংকাৰ, হস্তনিৰ্মীত কাগজ আৰু তেনে সামগ্ৰী, ঘৰুৱা কাৰুকাৰ্য্য, আলংকাৰিক জুৱেলাৰী, পুতলা নিৰ্মাণ আদি বিভিন্ন ক্ষেত্ৰত কাম কৰি এলবিআই পাৰদৰ্শিতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লভিব, এই কেন্দ্ৰই লগতে প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আঁৰোপ কৰি উত্তৰ পূবৰ ঐতিহ্যপূৰ্ণ কাৰুকাৰ্যক বিশ্ব বজাৰলৈ নিব। এই ইনকিউবেটৰ কেন্দ্ৰত ডিজাইন কেন্দ্ৰ, কাষ্টিং জুৱেলাৰী কেন্দ্ৰ, হস্তনিৰ্মীত জুৱেলাৰী কেন্দ্ৰ, ৰত্ন নিৰ্মাণ কেন্দ্ৰ, প্লেটিং কেন্দ্ৰ থাকিব।


থ্ৰি ডি প্ৰিন্টাৰ, কাষ্টিং জুৱেলাৰী মেছিন, মেগনেটিক পলিছাৰ, আল্ট্ৰাছ’নিক মেছিন, জুৱেলাৰী ষ্টীম ক্লীনাৰ, জেমষ্টোন কাটিং মেছিন আদি অত্যধুনিক সৰঞ্জামেৰে এই ইনকিউবেটৰ কেন্দ্ৰ অত্যাধুনিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। জয়পুৰস্থিত ভাৰতীয় জেমছ এণ্ড জুৱেলাৰী প্ৰতিষ্ঠানৰ (আইআইজিজে) সৈতে যুটী বান্ধি উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আইআইজিজেৰ শিক্ষাৰ্থী উত্তৰ পূবত পাঁচদিনীয়া শিক্ষামূলক ভ্ৰমণ কৰিব। এই ইনকিউবেটৰত ইতিমধ্যে পিএম বিশ্বকৰ্মা সোণাৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ গৈছে।

এই কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ব্ৰিগেডিয়াৰ আৰকে সিং, পৰামৰ্শদাতা ডঃ শ্ৰীপৰ্ণা বি বৰুৱা উপস্থিত থাকি এনইএইচএইচডিচিৰ বিভিন্ন পদক্ষেপ সম্পৰ্কত সৱিশেষ বাখ্যা কৰে। এই কেন্দ্ৰটোত থকা অলংকাৰ প্ৰদৰ্শনী কেন্দ্ৰটোৰ উদ্বোধন কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্ৰাঃলিঃৰ মুখ্য সঞ্চালিকা তথা গ’ল্ডেন থ্ৰেড অৱ আছামৰ আঁৰৰ ব্যক্তি ৰিণিকি ভূঞা শৰ্মাই এই পদক্ষেপৰ প্ৰশংসা কৰে।

ভাৰতীয় উদ্যোগশীলতা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ ললিত শৰ্মাই জেমষ্টোন কেন্দ্ৰটো উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰাক্তন সাংসদ কুইন ওজা, এনআইজিৰ সঞ্চালক ডঃ জে পি সম্পট, নেডফীৰ অসীম দাস, নাবাৰ্ডৰ চিজিএম লোকেশ দাস, গুৱাহাটী এমএছএমই ডিএফঅ’ৰ সহকাৰী সঞ্চালক এনকেডি পিকু, জুৱেলাৰী ডিজাইনাৰ ৱাহিদা ৰহমান সমণ্বিতে অন্যান্য উপস্থিত থাকে।

এই অনুষ্ঠানৰ অংশ হিচাপে অলংকাৰ উদ্যোগটোৰ সৈতে জড়িত বিভিন্ন কলা-কুশলীৰ এক প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.