Wednesday, July 9, 2025
26.5 C
Guwahati
TOP NEWS:

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ”

- Advertisement -

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ”

তেজপুৰ ১০ ডিচেম্বৰ

শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত দেওবাৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে স্বাস্থ্য বিভাগৰ জিলা অতিৰিক্ত উপায়ুক্ত তৱাহিৰ আলমে ।

 

উল্লেখযোগ্য যে ভাৰতবৰ্ষ বৰ্তমান পলিঅ’ মুক্ত হৈছে যদিও প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তান, আফগানিস্তান এতিয়াও পলিঅ’ মুক্ত হোৱা নাই । সেয়ে ভাৰতত পলিঅ’ বিয়পিব পাৰে বুলি আশংকা কৰি পলিঅ’ দিৱস পালনৰ মাজেৰে ১০ ৰ পৰা ১২ ডিচেম্বৰলৈ পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছে ।”


“পলিঅ’ প্ৰতিষেধক অভিযান উদ্বোধন কৰি অতিৰিক্ত উপায়ুক্ত তৱাহিৰ আলমে কয় যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। গতিকে শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ’লে আমি পলিঅ’ নিৰ্মূল কৰিব লাগিব ।
শোণিতপুৰ জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১ লাখ ৪৮ হাজাৰ ৯ শ ৭৮ টি পাঁচ বছৰৰ তলৰ শিশু আছে । এই শিশু সকলক পলিঅ’ মুক্ত কৰিবলৈ অহা তিনিদিনলৈ এই অভিযান চলিব ।

 


গতিকে জিলা খনৰ ৰাজহুৱা স্থান, বাছ আস্থান, ঘৰে ঘৰে গৈ ,জনবহুল ঠাই, বজাৰ বিদ্যালয় আদিত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি কয় অতিৰিক্ত উপায়ুক্তই ।”উদ্বোধনী অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত গৰাকীৰ লগতে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াওউদ্দিন আহমেদ, শোণিতপুৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিমান শৰ্মা, জিলা টীকাকৰণ বিষয়া ডাঃ টুটুমনি সন্দিকৈ, কনকলতা অসামৰিক চিকিৎসালয় নাৰ্চিং স্কুল অৱ অধ্যক্ষা  ৰেখা দেৱী আদি উপস্থিত থাকি পলিঅ’ নিৰ্মূলকৰণ সন্দৰ্ভত বক্তব্য ৰাখে আগবঢ়ায় । উল্লেখযোগ্য যে,উপ ৰাষ্ট্ৰীয় পলিঅ’ নিৰ্মূল দিৱসৰ সৈতে সংগতি ৰাখি পলিঅ’ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হৈছে।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.6 ° C
25.6 °
25.6 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
29 °