দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ ‘বেবেৰিবাং’ৰ শুভ উন্মোচন

■ জয়ন্ত কুমাৰ হাজৰিকা ,নামনি লক্ষীমপুৰ, নাৰায়ণপুৰঃশি শু মনৰ ভাৱৰ উন্মেষ ঘটাই নাৰায়ণপুৰৰ ৭ বছৰীয়া শিশু লেখিকা কুঁহি চেতিয়াই লিখি উলিয়াইছে ‘বেবেৰিবাং সাধু’ শীৰ্ষক এখনি সাধু সংকলন৷

নাৰায়ণপুৰৰ অশোক গাঁৱৰ মুকুন্দ মুৰাৰী চেতিয়া আৰু বন্তি শইকীয়া চেতিয়াৰ একমাত্ৰ কন্যা কুঁহি চেতিয়াই লিখি উলিওৱা দহটা সাধু সম্বলিত সাধু সংকলনখনি আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হয় ।

আখৰৰ লগত চিনাকি হোৱাৰে পৰা লেখা-মেলাৰ প্ৰতি আগ্ৰহী কুঁহি চেতিয়াৰ ‘বেবেৰিবাং সাধু’ দ্বিতীয়খন পুস্তিকা৷ ইয়াৰ পূৰ্বে ২০২০ বৰ্ষত কুঁহি চেতিয়াই দ্বিতীয় ভাষা হিন্দীত দহটাকৈ শিক্ষামূলক সাধু লিখি প্ৰস্তুত কৰি উলিয়াইছিল ‘কুঁহি কি কাহানি’ নামৰ এখন পুথি৷ পুথিখনৰ জৰিয়তে কুঁহি চেতিয়াই অসম বুক অব্ ৰেকৰ্ড আৰু ইন্টাৰনেশ্যনেল বুক অব্ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল৷

আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত নতুন এখোজ প্ৰকাশনৰ পৰা প্ৰকাশিত ‘বেবেৰিবাং সাধু’ শীৰ্ষক সাধু সংকলটি উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ক্ষীৰপদ দত্তই৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.